Delhi assembly Election:
বুধবাৰী দিল্লী বিধানসভা নিৰ্বাচন ৷ ৭০ জনীয়া বিধানসভা আসনৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বীতা কৰিছে ৬৯৯ প্ৰাৰ্থীয়ে ৷ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আপ,বিজেপি আৰু কংগ্ৰেছ সহ আন আন সৰুবৰ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷
নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰায় ১,৫৫,৩৭,৬৩৪ গৰাকী ভোটাৰে ৷ এইবাৰৰ নিৰ্বাচন শাসনাধিষ্ঠি আপৰ লগতে বিজেপি আৰু কংগ্ৰেছৰ বাবে সন্মানৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷
আনহাতে তৃতীয়টো কাৰ্যকালৰ বাবে এইবাৰ অৰবিন্দ কেজৰিয়ালে ব্যাপক প্ৰচাৰাভিযানত উবৰি খোৱাৰ সমান্তৰালভাৱে বিজেপি আৰু কংগ্ৰেছো পিছ পৰি থকা নাছিল ৷ স্বয়ং প্ৰধানমন্ত্ৰী মোদী সহ কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰী সাংসদ আৰু কে’বা খনো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হাইপ্ৰফাইল নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৷