Fatehpur Train Accident:
পুনৰ দুৰ্ঘটনাৰ কৱলত ভাৰতীয় ৰে’ল । মঙলবাৰে পুৱা উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত চিগনেলত ৰখাই থোৱা এখন মালবাহী ৰে’লত অন্য এখন মালবাহী ৰে’লে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত আহত হয় দুজন ৰে’ল চালক। দুয়োখন বাহনৰ একাধিক ডবা বিছিন্ন হৈ পৰে ।
স্থানীয় সূত্ৰ অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ৪.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়। এখন মালবাহী ৰে’ল চিগনেলত থিয় হৈ আছিল। ফতেহপুৰৰ শুজাতপুৰ আৰু ৰুছালাবাদ ষ্টেচনৰ মাজত সমৰ্পিত ফ্ৰেইট কৰিডৰত (ডিএফচি) দুৰ্ঘটনাটো সংঘটিত হৈছে। সেই লাইনত কেৱল মালবাহী ৰে’লবোৰ হে পাৰ হয় যাৰ ফলত আন কোনো যাত্ৰীবাহী ৰে’লৰ যাতায়তৰ ক্ষেত্ৰত প্ৰভাৱ পৰা নাই।
ৰে’লৱেৰ তৰফৰ পৰা জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনৰ একাধিক ডবা বিছিন্ন হৈ লাইনৰ বাহিৰত বাগৰি পৰে । সেইবোৰ আঁতৰোৱাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ৰে’ল আৰক্ষী আৰু বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে। দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰা হৈছে। প্ৰথমতে, অনুসন্ধানকাৰীসকলে অনুমান কৰে যে দ্বিতীয় বাহনখনৰ চালকজনে কেনেবাকৈ সংকেত হেৰুৱাই।
দুখন মালবাহী ৰে’লৰ আঘাতপ্ৰাপ্ত চালক আৰু সহ-চালক দুয়োজনকে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে, দুৰ্ঘটনাটোৱে ভাৰতীয় ৰে’লৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে।