KARNATAKA MINISTER’S COMMENT SPARKS ROW “ৰাজহুৱা পথত গৰু চোৰক গুলীয়াই হত্যা কৰা হ’ব”

11 1
KARNATAKA MINISTER’S COMMENT SPARKS ROW “ৰাজহুৱা পথত গৰু চোৰক গুলীয়াই হত্যা কৰা হ’ব”

কৰ্ণাটক মন্ত্ৰীৰ মন্তব্যক লৈ বিতৰ্ক

কৰ্ণাটকত ইটোৰ পাছত সিটোকৈ গৰু চুৰিৰ ঘটনা সন্দৰ্ভত চৰম সতৰ্কবাণী জাৰি কৰিছে মন্ত্ৰী মানকল এছ বিদ্যাৰে।

সতৰ্ক কৰি দিছে,যদি গৰু চুৰিৰ স’তে জড়িত কাৰোবাক দেখিলেই তেওঁক ৰাজহুৱা পথত গুলীয়াই হত্যা কৰা হ’ব। তেওঁৰ এই মন্তব্যৰ পাছতে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ কৰ্ণাটকৰ হান্নাভাৰ অঞ্চলত গৰ্ভৱতী গৰুক হত্যা কৰাৰ ঘটনাত উত্তপ্ত হৈ উঠিছে ৰাজ্যখনৰ ৰাজনীতি। এই পৰিস্থিতিৰ মাজতে উত্তৰ কানাড়া জিলাৰ এক অনুষ্ঠানত মন্ত্ৰী বিদ্যাই কয় যে, “বছৰ বছৰ ধৰি ।অঞ্চলটোত গৰু চুৰি সংঘটিত হৈ আহিছে।

এই ঘটনা অনতিপলমে বন্ধ কৰিবলৈ জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছো। এই ঘটনাৰ স’তে জড়িত সকলক কঠোৰ শাস্তি দিয়া উচিত। ”

কৰ্ণাটকৰ মীন পালন, বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰী বিদ্যাই কয়, “এই গোচৰটোত নিশ্চয় কিছু গ্ৰেপ্তাৰ হৈছে। কিন্তু ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিব লগে। যদি এইটো অব্যাহত থাকে, মই একে ধৰণৰ পদক্ষেপ লম। হয়তো এই নিৰ্দেশনা অমানৱীয় হ’ব পাৰে। কিন্তু গৰুৰ চুৰি ৰোধ কৰিবলৈ মই অপৰাধীক ৰাজহুৱা ৰাজপথত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিম

যেনে কৰ্ম তেনে ফল পাব লাগিব। আমাৰ জিলাখনত টকা উপাৰ্জন কৰাৰ বহুতো উপায় আছে। কিন্তু যদি কোনোবাই এই পথত খোজ কাঢ়িবলৈ চেষ্টা চলাইছে, ইয়াক কোনো ধৰণে সমৰ্থন কৰা নহ’ব। ”

যিসকলে গৰু পালন কৰি আছে তেওঁলোকক আশ্বাস দি মন্ত্ৰীগৰাকীয়ে লগতে কয়, “নিৰ্ভয়ে গৰু পালন কৰক। চৰকাৰে গৰু আৰু গৰু পালনকাৰীসকলক সুৰক্ষা দিয়াৰ দায়িত্ব ল’ব।”

কৰ্ণাটকৰ প্ৰাক্তন বিজেপি চৰকাৰক লক্ষ্য কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৰ্ণাটকত এনে ঘটনা নতুন নহয়। আৰু এতিয়া এই বিষয়ত বিজেপিয়ে আমাক আক্ৰমণ কৰিছে। চৰকাৰত থকাৰ সময়ত এই ঘটনা ৰোধৰ বাবে বিজেপিয়ে কোনো পদক্ষেপ নোলোৱাৰো অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে।

Exit mobile version