Nail House In Jinxi:ঘৰৰ চৌপাশ ঘেৰি নিৰ্মাণ কৰিলে দুমহীয়া ঘৰৰ উচ্চতাৰ ওখ এক্সপ্ৰেছৱে

চৰকাৰে দিয়া দুই কোটি নল'লে , আঁতৰিও নগ'ল বৃদ্ধ,চীনত ওলাল আৰু এজন ' নেইল হাউছ'ৰ গৰাকী !

china

Nail House In Jinxi:

চীনত আৰু এজন নখৰ ঘৰৰ গৰাকী (নেইল হাউছ অ’নাৰ) ওলাল । জিনক্সিত নির্মীয়মাণ অৱস্থাত থকা ঘাইপথ (এক্সপ্ৰেছৱে)ৰ মাজত এটা আচহুৱা দুমহলীয়া ঘৰৰ ফটো শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈছে।

পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে দিনটোৰ ২৪ ঘণ্টাই ঘৰটোৰ চৌপাশে তীব্ৰ গতিৰে যানবাহনে চলাচল কৰাৰ সম্ভাৱনা আছে । পথৰ মাজৰ এই ঘৰটোৱে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। জিনক্সিৰ পথৰ মাজত এই ঘৰ অৱস্থিত হোৱাৰ কাৰণ আছে। প্রাপ্ত তথ্য অনুসৰি, এই আচহুৱা ঘৰটোৰ গৰাকী হ’ল হুৱাং পিং নামৰ এজন প্রৌড় ব্যক্তি।

পূৰ্বে পিঙৰ ঘৰকঘেৰি এনে ৰাজপথ নাছিল। শেহতীয়াভাৱেহে চৰকাৰে অঞ্চলটোত এটা উন্নত ঘাইপথ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰে ।এই পথ নিৰ্মাণৰ বাবে পিঙৰ ভূমিও চৰকাৰে অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ বাবদ চৰকাৰে তেওঁক ক্ষতিপূৰ্ণৰূপে এক লাখ ৮০ হেজাৰ পাউণ্ড অর্থাৎ প্রায় দুই কোটি টকা আগবঢ়ায় ৷ অৱশ্যে এই ক্ষতিপূৰণৰ ধন গ্ৰহণ কৰিবলৈ পিঙে অস্বীকাৰ কৰে আৰু তেওঁ নিজ ঘৰ এৰি আঁতৰি যাবলৈও অনিচ্ছা প্ৰকাশ কৰে।

নিজৰ সিদ্ধান্তক লৈ তেওঁ আঁকোৰগোঁজ স্থিতি গ্ৰহণ কৰে ৷ আনকি চৰকাৰী বিষয়াবৰ্গই বুজনি দিয়ে যদিও তেওঁ ক্ষতিপূৰণ গ্ৰহণ কৰি আঁতৰি যাবলৈ অস্বীকাৰ কৰে। তেওঁক বুজনি দি দি এটা সময়ত ভাগৰি পৰে চৰকাৰী বিষয়াবর্গ। সেয়েহে অৱশেষত পিঙৰ ঘৰৰ চৌপাশে ঘাইপথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। তাৰ পাছতো নিজৰ সিদ্ধান্ত সলনি নকৰাবৃদ্ধজনে নাতিয়েকৰ স’তে আগৰ দৰেই ঘৰত বাস কৰিবলৈ লয়। অৱশ্যে তেওঁৰ যে এই সিদ্ধান্ত ভুল আছিল সেয়া দিন বাগৰাৰ লগে লগে পিঙে মর্মে মর্মে উপলব্ধি কৰে । কাৰণ পথ নিৰ্মাণৰ বাবে মাটি, শিল, বালি আদি পেলোৱা শব্দত ক্ৰমে অতিষ্ঠ হ’বলৈ ধৰে বৃদ্ধজন।

তাতেই তেওঁৰ সমস্যাৰ অন্ত পৰাৰ সম্ভাৱনাও ক্ষীণ। কাৰণ পিঙৰ ঘৰৰ মুধচৰ সমান ওখকৈ নিৰ্মাণ কৰা এই পথেৰে দিনে-নিশাই দ্রুতবেগী যানবাহনে চলাচল কৰাৰ সম্ভাৱনা আছে।

তেনে অৱস্থাত তেওঁ গাড়ীৰ শব্দৰ বাবে নিশাও টোপনি মাৰিব নোৱাৰিব পাৰে। ইতিমধ্যে পিঙে নিজৰ আঁকোৰগোঁজালি যে ভুল আছিল সেই কথা স্বীকাৰ কৰিছে। ১১ বছৰীয়া নাতিনীয়েকৰ স’তে ঘৰটোত বাস কৰা বৃদ্ধজনে কৃতকৰ্মক লৈ অনুশোচনা কৰি সংবাদ মাধ্যমৰ আগত কয়, ‘এই এক্সপ্ৰেছৱে মুকলি হ’লে কি অৱস্থা হ’ব ভয় লাগিছে। চৰকাৰে মোৰ ক্ষেত্ৰত যি সিদ্ধান্ত লৈছিল, সেয়া সঠিক আছিল বুলি অনুভৱ হৈছে। যি ঘটি গ’ল মই আৰু তাক ওভতাই আনিব নোৱাৰো। ম‍ই ক্ষতিপূৰণৰ ধন গ্ৰহণ কৰি তেওঁলোকৰ সিদ্ধান্ত মানি ল’ব লাগিছিল। এতিয়া মোৰ অনুভৱ হৈছে যেন মই এক ডাঙৰ সুযোগ হেৰুৱালো।’

পিঙৰ ঘৰৰ চৌপাশেৰে যোৱা এই এক্সপ্ৰেছৱে দুটা লেনযুক্ত। আনহাতে, এই ঘৰৰ ফটো সামাজিক মাধ্যমত কোনো লোকে প্ৰচাৰ কৰাৰ পাছৰে পৰা নিতৌ পিঙৰ ঘৰৰ ওচৰত বহু লোকে ভিৰ কৰিবলৈ লৈছে।

এই লোকসকলৰ উদ্দেশ্য হৈছে ঘৰটো নিজ চকুৰে চোৱা আৰু ফটো তোলা। আনকি একাংশ লোকে পিঙক চীনৰ শক্তিশালী নখ থকা ঘৰৰ গৰাকী (ষ্টং নেইল হাউছ অ’নাৰ) আখ্যা দিবলৈও লৈছে। চীনত ‘স্ট্রং নেইল হাউছ অ’নাৰ’ কথাষাৰে চৰকাৰী উন্নয়নমূলক কামৰ বাবে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে থিয় দিয়া ঘৰৰ গৰাকীক বুজোৱা হয় ৷

চীনত পিঙৰ লেখীয়া আন একাংশ লোকো আছে। এই লোকসকলৰ ঘৰো শিল, বালি আদিয়ে ঘেৰি ধৰা দেখা গৈছে। নিজৰ গৃহ সংৰক্ষণৰ উদ্দেশ্যে এই ঘৰসমূহৰ গৰাকীসকলে গগনচুম্বী এই অট্টালিকা বা সুউচ্চ শ্বপিংমল বা পথ নিৰ্মাণত একপ্ৰকাৰ বাধা দিয়ে।

উল্লেখ্য যে ২০১৭লৈ চীনৰ ছাংহাইত ৰাজপথৰ মাজত এনে এটা গৃহ (নেইল হাউছ) আছিল। এই ঘৰটোৱে ১৪ বছৰ ধৰি ৰাজপথত তীব্র যানজট সৃষ্টি কৰি আছিল। অৱশেষত চৰকাৰে ঘৰটো ভাঙি পেলায়।

ইয়াৰ পূৰ্বে ২০০৩ৰ পৰা ঘৰটোৰ বাসিন্দাসকলে উপযুক্ত ক্ষতিপূৰ্ণ নোপোৱাৰ যুক্তি দি ঘৰটো ভাঙিবলৈ দিয়া নাছিল । অৱশ্যে মূৰকত তেওঁলোকে প্রায় চাৰে তিনি কোটি টকা ক্ষতিপূৰণ লৈ ঘৰ এৰি আঁতৰি যায় ৷

Exit mobile version