Viral Monalisa Gets A Makeover After Returning Home From MohaKumbh Mela:মহাকুম্ভই সলনি কৰিলে মনালিছাৰ জীৱন

'ডায়েৰী অৱ মণিপুৰ'ৰ জৰিয়তে বলিউডত অভিষেক

viral girl

Viral Monalisa Gets A Makeover After Returning Home From MohaKumbh Mela:

প্রয়াগৰাজত ভৰি দিয়াৰ পাছত নিশাৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে মনালিছা ভোছলেই। যাক লৈ বর্তমান সমগ্র দেশতে উৎসুকতা বিয়পি পৰিছে। কুম্ভ মেলাত মালা বিক্ৰী কৰিবলৈ অহাৰ পাছত এইগৰাকী যুৱতীয়ে গ্লেমাৰ জগতৰ পৰা আমন্ত্ৰণ পালে।

ইয়াৰ পূৰ্বেও চর্চা হৈছিল যে তেওঁ আল্লু অর্জুনৰ নায়িকা হ’ব। সেই জল্পনা-কল্পনাৰ মাজতে মনালিছাৰ বলিউডত অভিষেক ঘটাৰ খবৰ ‘আহিল। যদিও দক্ষিণ ভাৰতীয় চলচ্চিত্র জগতৰ খবৰ এতিয়াও চূড়ান্ত হোৱা নাই, তথাপিও হিন্দী মনোৰঞ্জন জগতত ভৰি দিয়াটো নিশ্চিত মনালিছা ভোছলে।

মহাকুম্ভৰ এই ভাইৰেল তাৰকাগৰাকীয়ে সনোজ মিশ্ৰৰ পৰিচালনাত নির্মিত হ’ব লগা ‘মণিপুৰৰ ডায়েৰী’ ছবিত অভিনয় কৰিবলৈ ওলাইছে। যিয়ে ইয়াৰ পূৰ্বে ‘দ্য ডায়েৰী অৱ বেষ্ট বেংগল’ ছবিখন পৰিচালনা কৰিছিল। অৱশ্যে সেই চিনেমাখনে কেতিয়াও দিনৰ পোহৰ দেখা নাপালে।

শেহতীয়াকৈ পৰিচালকগৰাকীয়ে নিজেই মনালিছাৰ মহেশ্বৰৰ ঘৰলৈ গৈছিল। তাৰ পৰাই সনোজ মিশ্রই এখন ছবি পোষ্ট কৰি মনালিছাৰ বলীউডত অভিষেক ঘটোৱাৰ কথা ঘোষণা কৰে। জানিব পৰা মতে অহা ফেব্ৰুৱাৰী মাহত ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। তাত কুম্ভ মেলাৰ পৰা ভাইৰেল হোৱা মনালিছায়ো যোগ দিব। পৰিচালনাৰ উপৰিও সনোজ নিজেই ‘মণিপুৰৰ ডায়েৰী’ ছবিখনৰ কাহিনীকাৰো।

ইয়াৰ পূৰ্বে খবৰ ওলাইছিল – যে দক্ষিণৰ মনোৰঞ্জন জগতৰ পৰা মনালিছালৈ হেনো ফোন আহিছে। আল্লু অর্জুনে হেনো তেওঁক ‘পুষ্পা-৩’ত নায়িকা হিচাপে অভিনয় কৰাব বিচাৰিছে। যদি সচাঁকৈয়ে এনেকুৱা হয়, তেন্তে ভাগ্যৰ চকৰিটো ঘূৰি গৈছে! স্কুলৰ দুৱাৰমুখ কেতিয়াও পাৰ নোহোৱা ছোৱালীজনী। ঘৰত পিতৃ-মাতৃ। একমাত্র উপাৰ্জনকাৰী। পাথৰৰ মালা বিক্রী কৰাটোৱে পেছা।
ভাইৰেল হোৱাৰ পাছত বিৰক্ত যুৱতীগৰাকীয়ে কয়, ‘মই বনোৱা মালাতকৈও মানুহে মোৰ প্ৰতি বেছি আগ্রহী। বিক্রী নাই। য’তেই যাওঁ মোৰ পিছে পিছে মানুহ দৌৰিছে। এই বছৰৰ মেলাখনে মোৰ সৰ্বনাশ কৰি পেলালে।’ এই কথাত তেওঁৰ পৰিয়ালৰ লোক ইমানেই বিৰক্ত যে মনালিছাক কুম্ভমেলাৰ পৰা আঁতৰাই নি খাৰগাঁও জিলাৰ মহেশ্বৰত থকা ঘৰলৈ পঠিয়াই দিয়ে ৷

Exit mobile version