খাৱৈত পৰি মৃত্যু জনপ্ৰিয় নৃত্যশিল্পী ন’ৰা ফাতেহীৰ !
দুর্ঘটনাৰ সম্পর্কে কি ক’লে অভিনেত্রীগৰাকীৰ সহযোগী দলে ?
কিছুদিন পূৰ্বে লছ এঞ্জেলছৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে অভিনেত্ৰী তথা জনপ্ৰিয় নৃত্যশিল্পী ন’ৰা ফাতেহী । ইয়াৰ মাজতে পুনৰ শিৰোনামত ন’ৰা ।
এইবাৰ ছচিয়েল মিডিয়াত বিয়পিছে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ। শুনা যায় যে দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰি দুৰ্ঘটনাৰ সন্মুখীন হয় ন’ৰা।
‘বাঞ্জি জাম্পিং’ত যোগ দি বিপদৰ সন্মুখীন । পাহাৰৰ খাৱৈত পৰিল মৃত্যু মুখত পৰে ন’ৰা ।
বাতৰিটো বিয়পি পৰাৰ লগে লগে কি জনালে ন’ৰাৰ সহযোগী দলে !
জন্মগতভাৱে ন’ৰা এগৰাকী কানাডিয়ান নাগৰিক । কিন্তু ভাৰতত তেওঁৰ জনপ্ৰিয়তা নৃত্যৰ বাবে আকাশচুম্বী। তেওঁৰ নৃত্য ভিডিঅ’ অনুৰাগীসকলৰ বাবে আটাইতকৈ ডাঙৰ আকৰ্ষণ। সামাজিক মাধ্যমত তেওঁৰ ৭০ মিলিয়নতকৈও অধিক অনুসৰণকাৰী আছে।
নৃত্যশিল্পী আৰু অভিনেত্ৰী ন’ৰা ফাতেহীয়ে অলপতে বলীউডত ১০ বছৰ সম্পূৰ্ণ কৰিছে। বহুতো চলচ্চিত্ৰত তেওঁৰ নৃত্যই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ন’ৰাই নৃত্য ৰিয়েলিটি শ্ব’ত বিচাৰকৰ আসনত স্থান পাইছে। তেওঁ বলীউডৰ অন্যতম ব্যস্ত তাৰকা।
শেহতীয়াকৈ, এটা ভিডিঅ’ ইনষ্টাগ্ৰামত এটা পেজৰ দ্বাৰা শ্বেয়াৰ কৰা হয়। ভিডিঅ’ টোত এগৰাকী মহিলা পৰ্বতৰ মাজত আৱদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে ।
ভিডিঅ’টোৰ শিৰোনামটোত লিখা আছে, “বলীউডৰ অভিনেত্ৰী ন’ৰা ফাতেহীৰ দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছে। ” ভিডিঅ’টো দূৰৰ পৰা লোৱাত মহিলাগৰাকীৰ মুখখন অস্পষ্ট হৈ পৰে । উল্লেখ্য যে এই খবৰটো সম্পূৰ্ণ ভুৱা বুলি জনোৱাৰ লগতে অভিনেত্ৰীগৰাকী যে সম্পূৰ্ণ সুস্থ সেই কথাও জানিবলৈ দিয়ে ন’ৰাৰ দলটোৱে।