68 pilgrims from Pakistan’s Hindu Sindh province arrived at the Kumbh:
দেশৰ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈছে কোটি কোটি তীৰ্থযাত্ৰী । এইবাৰ পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা আহি উপস্থিত হ’ল ৬৮ জন হিন্দু তীৰ্থযাত্ৰী। বৃহস্পতিবাৰে তেওঁলোকে ত্ৰিবেণী সংগমত অমৃত স্নান কৰে । তীৰ্থযাত্ৰীসকলে জনাই যে কুম্ভলৈ অহাৰ তেঁওলোকৰ ইচ্ছা আছিল আৰু সেই ইচ্ছা তেওঁলোকৰ পূৰণ হয়।
পাকিস্তানৰ পৰা অহা এই তীৰ্থযাত্ৰীসকলৰ লগত আছিল মহন্ত ৰামনাথ। তেওঁ জনাই যে সিন্ধৰ পৰা ৬৮ জনীয়া এটা দল প্ৰথমে হৰিদ্বাৰত আহি উপস্থিত হয়।তাতেই তেঁওলোকে পূৰ্বপুৰুষৰ অস্থি বিসৰ্জন কৰে ।তাৰ পাছত তেওঁলোক প্ৰয়াগৰাজলৈ আহে।
উল্লেখ্য যে,সিন্ধুৰ ছখন জিলা ক্ৰমে ঘোটকী, চুক্কুৰ, খাইৰপুৰ, শিখৰপুৰ, কাৰ্কোট আৰু জাটাবলৰ পৰা মুঠ ৬৮ জন লোক আহি কুম্ভ মেলাত উপস্থিত হয় । পাকিস্তানৰ পৰা অহা এজন ভক্তই কয় যে, এইটো এটা আচৰিত অনুভৱ। যি শব্দৰে প্ৰকাশ কৰিব নোৱাৰো।’ এই গ্ৰুপত একাদশ শ্ৰেণীৰ এজন ছাত্ৰও আছে। তেওঁ কয় যে তেওঁ এটা ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল।এইটো তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।
উল্লেখ্য যে, শনিবাৰে ৰায়পুৰলৈ তেঁওলোক ৰাওনা হ’ব আৰু তাৰ পৰা হৰিদ্বাৰলৈ। ইয়াৰ পাছতে সিন্ধু প্ৰদেশলৈ ৰাওনা হ’ব পাকিস্তানৰ ৬৮জন তীৰ্থযাত্ৰী ।