US plane missing in Alaska:আমেৰিকাত পুনৰ দুৰ্যোগ !

১০ জন লোকৰ স'তে আলাস্কাৰ আকাশত সন্ধানহীন এখন বিমান !

us plane

US plane missing in Alaska:

আমেৰিকা পুনৰ বিমান দুৰ্ঘটনা। ১০ জন লোকৰ স’তে উৰণৰ সময়ত আলাস্কাৰ আকাশত হঠাতে নোহোৱা হ’ল বিমান । বৰ্তমানেও বিমানখনৰ সন্ধান পোৱা নাই । বিমানখন বিচাৰি উলিয়াবলৈ অব্যাহত আছে অনুসন্ধান অভিযান। অৱশ্যে বেয়া বতৰৰ বাবে অনুসন্ধানত বাধাৰ সৃষ্টি হৈছে।

আমেৰিকাৰ বিমান সংস্থা বেৰিং এয়াৰৰ চেছনা ২০৮বি গ্ৰেণ্ড কেৰাভান বিমানখন আলাস্কাৰ উনালাকালিটৰ পৰা ৰাওনা হৈছিল বৃহস্পতিবাৰে দুপৰীয়া (স্থানীয় সময় অনুসৰি)  দুই বাজি ৩৭মিনিটত ।  বিমান খনৰ গন্তব্যস্থান আছিল পি.এম. বিমানখনৰ গন্তব্যস্থান আছিল আলাস্কাৰ নোম চহৰ। আলাস্কাৰ জনসাধাৰণৰ সুৰক্ষা বিভাগে জনোৱা মতে, এই সৰু বিমানখনত পাইলটকে ধৰি ১০জন লোক আছিল।

(স্থানীয় সময় অনুসৰি) বিয়লি চাৰি বজাত বিমানখনৰ স’তে যোগাযোগ বিচ্ছিন্ন হয়। ৩:১৬ বজাত ৰাডাৰত ধৰা পৰে শেষ সংকেত। তাৰ পাছৰে পৰা বিমানখনৰ সন্ধান পোৱা নাই। আলাস্কাৰ উদ্ধাৰকাৰী দলে বিমানখনৰ সন্ধান আৰম্ভ কৰিছে।

নোম চহৰৰ উপৰিও, হোৱাইট মাউন্টেইনৰ পাহাৰীয়া অঞ্চলবোৰো অনুসন্ধান কৰা হৈছে। বেয়া বতৰৰ বাবে অঞ্চলটোত দৃশ্যমানতা দুৰ্বল। ফলস্বৰূপে, উদ্ধাৰ কাৰ্য্য বাৰে বাৰে বাধাগ্ৰস্ত হৈছে। প্ৰতিকূল বতৰৰ বাবে বিমানেৰে বিমানৰ সন্ধান কৰা সম্ভৱ নহয়।

বহু স্থানীয় বাসিন্দাই নিজা উদ্যোগত বিমানখব বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছে । নিৰাপত্তাজনিত কাৰণত তাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । উল্লেখ্য যে, বিমানখনৰ স’তে সম্পৰ্ক হেৰুওৱাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে, বিমানখন দুৰ্ঘটনা কৱলত পৰিল বুলি ধাৰণা কৰা হৈছে।

Exit mobile version