‘উন্নয়ন, সুশাসনৰ জয়!’ দিল্লীবাসীক কি ‘গেৰাণ্টী’ দিলে মোদীয়ে?

pm modi 1

‘উন্নয়ন, সুশাসনৰ জয়!’ দিল্লীবাসীক কি ‘গেৰাণ্টী’ দিলে মোদীয়ে?

২৭ বছৰৰ অন্তত বিজেপিৰ দখলত ৰাজধানী । দিল্লী বিধানসভা নিৰ্বাচনত পৰাজিত হৈছে আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ । বিজয়ৰ বাতৰি পোৱাৰ পাছতে ছ’চিয়েল মিডিয়া বাৰ্তা দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

জনসাধাৰণৰ এই ৰায়ক আদৰণি জনাইছে মোডীয়ে ।

সামাজিক মাধ্যমত তেওঁ লিখিছে,””দিল্লীৰ ভাই-ভনীসকলৰ এই ৰায়ক মই বিনম্ৰভাৱে গ্ৰহণ কৰিছো।” দিল্লী নিৰ্বাচনত ঐতিহাসিক ফলাফলৰে বিজেপিক ক্ষমতালৈ অনাৰ বাবে ধন্যবাদ। ৰাইজৰ পৰা এই আশীৰ্বাদ লাভ কৰি আমি অতি গৌৰৱান্বিত।”

লগতে তেওঁ লিখিছে, ‘আমি নিশ্চয়তা দিছো যে ই দিল্লীৰ উন্নতি সাধন কৰিব। এখন উন্নত ভাৰতৰ বাবে যি লাগে আমি কৰিম। আমাৰ মূল লক্ষ্য দিল্লীবাসীক এক উন্নত জীৱন প্ৰদান কৰা।”

প্ৰসংগক্ৰমে শনিবাৰে পুৱা ভোট গণনা হোৱাৰ মুহূৰ্তৰ পৰাই আম আদমী পাৰ্টিয়ে ‘অশুভ’ সংকেত পাই আছিল । সময়ৰ লগে লগে ই সঁচা হ’বলৈ ধৰিলে। অৰবিন্দ কেজৰিৱালৰ পৰা মনীষ ছি’দিয়ালৈকে ইজনৰ পাছত সিজন হেভিৱেট প্ৰাৰ্থীয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা পৰাজিত হৈছে ।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বিজেপিৰ পৰ্বেশ ভাৰ্মাৰ হাতত পৰাস্ত হয়।

২০১৩ চনৰ পৰা নতুন দিল্লী সমষ্টিৰ বিধায়ক হৈ আছেকে জৰিৱাল। আজিৰ দিনটোত ভোটগণনা আৰম্ভ হোৱাৰ পৰাই হেঁচাত পৰিছিল কেজৰিৱাল ।যদিও এবাৰ দুবাৰ অগ্ৰগতি লাভ কৰিছিল বেছিভাগ সময়তে তেওঁ বিজেপিৰ প্ৰাৰ্থীৰ পাছতেই আছিল।

দিনটো পাৰ হোৱাৰ লগে লগে ছবিখন স্পষ্ট হ’বলৈ ধৰিলে। ২৭ বছৰৰ মূৰত দিল্লীলৈ উভতি আহিলবিজেপিৰ । যাদুকৰী সংখ্যাৰ বাহিৰেও একক সংখ্যাগৰিষ্ঠতা কাৰ্যত নিশ্চিত কৰিলে গেৰুৱা দৰে ।

পুৱাৰ ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে বিজেপিয়ে এক বৃহৎ প্ৰাৰম্ভিক অগ্ৰগতি লাভ কৰে , আপে অলপ যুঁজ দিয়াৰ আগতে দিল্লীৰ ৭০ খন আসনৰ ভিতৰত ৫০ খন আসন দখললৈ আনে বিজেপিয়ে

Exit mobile version