পৰাজিত কেজৰি-ছিচ’দিয়া !
২৭ বছৰৰ পাছত বিপুল সংখ্যাত দিল্লি জয়ী বিজেপিৰ
এক্সিট প’লে যি ভৱিষ্যতবাণী কৰিছিল সেয়াই হ’ল দিল্লীত। ৪৮ খন আসনত দখল কৰিলে বিজেপি। ২৩খন আসনতে সীমাবদ্ধ থাকিল শাসকীয় আপ ।
ইতিমধ্যে পৰাজিত হৈছে আপৰ চুপ্ৰিম অৰবিন্দ কেজৰিৱাল আৰু দিল্লীৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী মনীষ ছিচ’দিয়া।
মনীষ চিছোদিয়াই জংপুৰা আসনত ৬৭৫ টা ভোটৰ ব্যৱধানত পৰাজিত হয় । আনহাতে, অৰবিন্দ কেজৰিৱালে নতুন দিল্লীৰ আসনখনত তিনি হেজাৰ ভোটত পৰাজিত হয়।
স্বাভাৱিকতে এই দুই হেভিৱেট নেতাৰ পৰাজয়ে শনিবাৰে পুৱা-বিয়লি আপৰ পৰাজয়ৰ সাংকেতিক প্ৰতিচ্ছবিত পৰিণত হৈছে।
অৱশ্যে, দিল্লীৰ বিদায়ী মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা জয়ী হৈছে ।
উল্লেখ্য যে,২০১৫ চনত আপে ৬৭খন আসন লাভ কৰে, ২০২০ চনত ৬২খন আসন । কিন্তু এইবাৰ ভাৰসাম্য সম্পূৰ্ণ ওলোটা হোৱা দেখিবলৈ পোৱা গ’ল।
২৩ খন আসনতে সীমাবদ্ধ থাকিল শাসকীয় আপ। ইফালে এখনো আসন লাভ নকৰি শূণ্যতে স্তব্ধ হ’ল কংগ্ৰেছ।