APDCL:২০৩০-৩১লৈ এপিজিচিএলৰ ১৪৪ মেগাৱাটহে উৎপাদনৰ পৰিকল্পনা

নিজা উৎপাদনক গৌণ-বিদ্যুতৰ বহিঃউৎসতহে গুৰুত্ব, ৰাজ্যক নিজা উৎপাদন বৃদ্ধিৰ পৰামৰ্শ কেন্দ্ৰৰ, নিৰ্বিকাৰ চৰকাৰ-কর্তৃপক্ষ

apdcl

APDCL:

অসমক ঔদ্যোগিক ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে বিনিয়োগ সম্মিলনৰ আয়োজন কৰা হৈছে। কৃষি অর্থনীতি নিৰ্ভৰ ৰাজ্যখনক উদ্যোগ খণ্ডৰো অন্যতম অভিকেন্দ্ৰৰূপে পৰিচিত কৰিবলৈ দেশে-বিদেশে প্ৰচাৰ চলাইছে চৰকাৰে। ঔদ্যোগিক আন্তঃগাঁথনিৰ বাবে বিদ্যুৎ এক মুখ্য উপাদান; অথচ অসমত বিদ্যুৎ ব্যৱস্থাটো অতি শোচনীয় ৰূপত চলি আছে। ৰাজ্যখনৰ নিজা যি উৎপাদন আছিল, তাৰো অৱনতি ঘটিছে। ফলস্বৰূপে ঘৰুৱা চাহিদা পূৰণ কৰিবলৈকে অসমে বাহিৰৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি আহিছে।

ইয়াৰ ফলত অর্থনৈতিকভারে পিছপৰা ৰাজ্যখনৰ ৰাজকোষতো বৃহৎ মাধমাৰ পৰিছে। ইফালে, ঘৰুৱা ব্যৱহাৰ্য বিদু্যুতৰ চাহিদাও প্ৰতি বছৰে বৃদ্ধি হৈছে। সম্প্রতি সর্বাধিক চাহিদাৰ সময়ত অসমক দৈনিক প্রয়োজন হোৱা বিদ্যুতৰ পৰিমাণ হ’ল ৩১০০ মেগাৱাট। ইয়াৰে মাত্র ৩০০-৩৫০ মেগাৱাটহে অসম বিদ্যুৎ উৎপাদন কোম্পানী লিমিটেড (এপিজিচিএল)-এ উৎপাদন কৰি আছে। গতিকে চাৰি ভাগৰ তিনি অংশতকৈ অধিক পৰিমাণৰ বিদ্যুৎ ৰাজ্যখনে উচ্চ দৰত বহিঃউৎসৰ পৰা ক্ৰয় কৰি আহিছে। ইয়াৰ ওপৰতে আকৌ সর্বোচ্চ চাহিদাৰ পৰিমাণো প্ৰতি বছৰে বৃদ্ধি হৈ ২০৩০-৩১ত কমেও তিনি হেজাৰ মেগাৱাট হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

শেহতীয়াকৈ কেন্দ্রীয় শক্তি মন্ত্রণালয়ৰ অধীনস্থ সংস্থাই উলিওৱা হিচাপ অনুসৰি, ২০৪০-৪১লৈ সেই পৰিমাণ সাত হেজাৰ মেগাৱাটলৈ বৃদ্ধিৰ সম্ভাৱনা আছে। এনে এক বৃহৎ বর্ধিত চাহিদা সম্মুখত লৈ এপিজিচিএলে অসম বিদ্যুৎ নিয়ামক আয়োগক ইয়াৰ বাৰ্ষিক যি প্রতিবেদন দাখিল কৰিছে, তাত নিজা উৎপাদন বৃদ্ধিৰ অতি ন্যূনতম প্রস্তাৱহে দিয়া হৈছে। লগতে এই কথাটোও ঠিকযে এপিজিচিএলে দিয়া প্ৰস্তাৱবোৰ প্ৰায়ে প্রস্তাবতে সীমাবদ্ধ হৈ ৰৈছে। প্রতিষ্ঠানটোৱে দাখিল কৰা প্ৰতিবেদনত নিজাউৎপাদন ক্ষমতা নতুনকৈ মাত্র ১৪৪ মেগাৱাট বিক্ৰীৰহে প্ৰস্তাৱ কৰা হৈছে।

অৱশ্যে প্রকল্পবোৰ কাৰ্যকৰী হ’লেওসম্পূর্ণ উৎপাদন প্রায়ে নহয় আৰু তাৰ উদাহৰণ হ’ল বৰ্তমান সক্রিয় হৈ থকা প্রকল্পবোৰ। ইয়াৰে এটা প্রকল্প হ’ল ১২০ মেগাৱাটৰ নামনি কপিলী জলবিদ্যুৎ প্রকল্প। দুটা গোট থকা এই প্ৰকল্পৰ এটাৰ পৰা ১১০ মেগাৱাট আৰু দ্বিতীয়টোৰ পৰা ১০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ সম্ভাৱনা আছে। প্রথমটো গোট ২০২৬ৰ জানুৱাৰী আৰু দ্বিতীয়টো সেই বছৰৰে জুনত উৎপাদনক্ষম হ’ব বুলি এপিজিচিএলে ধাৰণা কৰিছে। আনটো হ’ল ২৪ মেগাৱাট শক্তি সম্পন্ন কার্বিলাংপি মধ্যম-২ প্রকল্প। ক্ষুদ্র এই প্রকল্পটো ২০২৭ৰ অক্টোবৰত কাৰ্যক্ষম হোৱাৰ আশা কৰিছে প্রতিষ্ঠানটোৱে।

যি সময়ত ২০৩০-৩১লৈ সর্বোচ্চ চাহিদাৰ পৰিমাণ তিনি হেজাৰ মেগাৱাটৰো অধিক হোৱাটো নিশ্চিত কৰা হৈছে,সেই সময়ত এপিজিচিএলে নিজা উৎপাদনৰ পৰিমাণ ১৪৪ মেগাৱাটহে বৃদ্ধিৰ লক্ষ্য লোৱাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে। এপিজিচিএলৰ প্রতিবেদনতে প্রকাশ যে ৰাজ্যত সর্বোচ্চ চাহিদাৰ পৰিমাণ যোৱা বছৰ এদিনত ২,৮০০ মেগাৱাটলৈ বৃদ্ধি হৈছিল। উৎকট গৰমৰ পৰিপ্ৰেক্ষিততে এই বৃদ্ধি হৈছিল। বতৰৰ পৰিৱৰ্তনৰ পৰিণতিত প্ৰতি বছৰে গৰমৰ মাত্রা বৃদ্ধি হৈছে। সেইবাবে ২০৩০-৩১লৈ কমেও ৩১০০ মেগাৱাটলৈ বৃদ্ধিৰ ধাৰণা কৰা হৈছে।

ইয়াৰ ফলত অসমে বহিঃউৎসৰ পৰাও অধিক পৰিমাণৰ বিদ্যুৎ ক্ৰয় কৰিব লাগিব। ৰাজ্যৰ ৰাজকোষত মাধমাৰ শোধোৱা এই ব্যৱস্থাৰ বিপৰীতে উক্ত সময়ছোৱালৈ এপিজিচিএলে মাত্র ১৪৪ মেগাৱাটহে নিজা উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰিছে।অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) ৰ সূত্রই সদৰী কৰা অনুসৰি, বিদ্যুতৰ চাহিদা প্রতি বছৰে দ্রুতগতিত উর্ধ্বগামী হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবোৰক নিজাববীয়া উৎপাদনৰ মাত্রা সম্ভৱপৰ সকলো ব্যৱস্থাৰে বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ফলত ৰাজ্যবোৰৰ আত্মনিৰ্ভৰশীলতাও বৃদ্ধি হ’ব; কিন্তু এপিজিচিএলৰ এই ক্ষেত্ৰত তৎপৰতা বিশেষ নাই বুলি সূত্রত প্রকাশ।

ইয়াৰ বিপৰীতে অসমে বাহিৰৰ উৎসৰ ওপৰতহে অধিক গুৰুত্ব প্রদান কৰিছে। অসমে সৌৰশক্তি উৎপাদনত গুৰুত্ব দিছে যদিও সেইবোৰ সম্পূৰ্ণৰূপে নিজা নহয়। বহিঃউৎসৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্রদানৰ বাবেই এপিডিচিএলে গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই নতুন নতুন কৌশলৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰি আহিছে। আগন্তুক বিত্তীয় বর্ষতো বিদ্যুৎ ব্যৱহাৰৰ তিনিটা পর্যায় নির্ধাৰণ কৰি মাচুল বৃদ্ধিৰ প্ৰস্তাৱ অসম বিদ্যুত নিয়ামক আয়োগক দাখিল কৰিছে ৷

Exit mobile version