Apsc Scam:
অসম লোকসেৱা আয়োগ (এপিএছচি)ত ৰাকেশ পালৰ আমোলত সংঘটিত বিয়াগোম কেলেংকাৰিৰ তদন্তৰ নামত ৰাজ্য চৰকাৰৰ লজ্জাজনক স্বৰূপ আকৌ এবাৰ ওলাই পৰিল। চৰকাৰৰ চূড়ান্ত গাফিলতি তথা একাংশ দুর্নীতিগ্রস্তক সুৰক্ষা প্ৰদানৰ নিকৃষ্ট ভূমিকাৰ বাবেই নিলম্বিত হৈ থকা এজন এজনকৈ অভিযুক্তই গেচৰটোৰ পৰা কে’বাটাও ধাৰাত সকাহ লাভ কৰি পুনৰ চাকৰিত যোগদানৰ সুযোগ লাভ কৰিছে।
শুক্ৰবাৰে তেনে ১৮ জন বিষয়াই এই সকাহ লাভ কৰে; অথচ সেইসকলে ব্যাপক জালিয়াতি তথা বক্রপথৰে এপিএছচিৰ জৰিয়তে অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সহযোগী সেৱাত নিযুক্তি পাবলৈ সক্ষম হৈছিল। আৰক্ষীৰ উপৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়িক তদন্ত আয়োগেও সেইসকল নিযুক্তিপ্রাপ্তৰ জালিয়াতি প্রমাণ কৰি অভিযুক্তৰূপে প্রতিপন্ন কৰিছিল। তাৰ ফলত চাকৰিৰ পৰাও নিলম্বিত হয়।
ৰাজ্য চৰকাৰেই বৃহৎ ঢাক-ঢোল বজাই গঠন কৰা ন্যায়িক তদন্ত আয়োগে নিজৰ দায়িত্ব পালন কৰি ২০২২ৰ দুই এপ্ৰিলতে তদন্তৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল। সেই প্রতিবেদনৰ ভিত্তিত চৰকাৰে অভিযুক্তসকলক চাকৰিৰ পৰা নিলম্বিত কৰাৰ উপৰি বিভাগীয় তদন্তও ঘোষণা কৰিছিল; কিন্তু আশ্চৰ্যকৰভাৱে তদন্তৰ সেই প্রতিবেদন চৰকাৰৰ হৈ নুঠিল। চৰকাৰে প্ৰতিবেদনখন কেৱল গ্রহণহে কৰিছিল। তাৰ পাছত আইন অনুসৰি যে নিজৰ সম্পত্তি হিচাপে চৰকাৰে প্ৰতিবেদনখন গ্রহণ কৰিব লাগে, তাক আজিলৈকে ৰহস্যজনকভাৱে উপেক্ষা কৰি থাকিল। আইনগতভাৱে নিজৰ সম্পত্তি হিচাপে গ্রহণীয় হ’বলৈ প্রতিবেদনখন ‘কমিছন অৱ ইনকুৱাৰী এক্ট-১৯৫২’ৰ অধীনত বিধানসভাত দাখিল কৰিব লাগে।
বিধানসভাই গ্রহণ কৰিলেহে সেইখন আইনগতভাৱে চৰকাৰৰ সম্পত্তি হৈ পৰে; কিন্তু কি কাৰণত চৰকাৰে প্ৰতিবেদনখন অদ্যাপি বিধানসভাত উত্থাপন নকৰিলে, সেয়া এক ডাঙৰ প্ৰশ্ন। চৰকাৰৰ এনে ন্যস্তস্বার্থ জড়িত গাফিলতিৰ সুযোগতে ইয়াৰ পূৰ্বে দুজন অভিযুক্তই পুনৰ চাকৰিত যোগ দিয়াৰ সুযোগ লাভকৰিছিল। আজি একেলগে ১৮ জনক একেটা কাৰণতে গুৱাহাটী উচ্চ ন্যায়ালয়ে সকাহ প্রদান কৰে। ন্যায়ালয়ৰ এই সকাহৰ ফলত অভিযুক্তকেইজনক অসম সেৱা বিধি অনুসৰি কৈফিয়ৎ তলব কৰা আৰু বিভাগীয় তদন্ত কৰাৰ নির্দেশনাও মূল্যহীন হৈ পৰিল বুলি ন্যায়াধীশ অৰুণ দেৱচৌধুৰীয়ে আজি দিয়া নির্দেশটোত স্পষ্ট কৰি দিয়া হৈছে।
সকাহ লাভ কৰা কেইজন হ’ল- নন্দিনী কাকতি, কল্যাণ কুমাৰ দাস, ৰুমিৰ টিমুংপি, ফারুক আহমেদ, কুল প্রদীপ ভট্টাচার্য, হিতেশ মজুমদাৰ, দীপাংকৰ দত্ত লহকৰ, চক্ৰধৰ ডেকা, ধ্ৰুৱজ্যোতি হাতীবৰুৱা, নিতুমণি দাস, আকাশী দুৱৰা, সৌৰভপ্ৰাণ শৰ্মা, পুষ্কল গগৈ, মৃদুল হাজৰিকা, নীলাঞ্জন গগৈ, বিকাশ শর্মা, অনলজ্যোতি দাস আৰু ধীৰাজ কুমাৰ জৈন।