Delhi Secretariat sealed: ছীল কৰা হ’ল দিল্লীৰ সচিবালয়

লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ নিৰ্দেশত এই পদক্ষেপ দিল্লী চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ

ds

Delhi Secretariat sealed:

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ছীল কৰা হ’ল দিল্লী সচিবালয় ৷ আপৰ পৰাজয়ৰ পিছতে সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নিৰ্দেশনা ৷

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ নিৰ্দেশত দিল্লী চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে সকলো মন্ত্ৰী,বিভাগীয় সচিব আৰু মন্ত্ৰীৰ ব্যক্তিগত সচিবৰ নথি পত্ৰ, ফাইল, কম্পিউটাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত ছীল কৰে ৷

উল্লেখ্য যে ,সচিবালয়ৰ বিভাগীয় মুৰব্বীৰ পূৰ্ব অনুমতি অবিহনে কোনো ৰেকৰ্ড বা ফাইল আঁতৰাই নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগে ।

Exit mobile version