Medical Education :ই ডব্লিউ এছৰ বাবে ১০ শতাংশ আসন সংৰক্ষিত কৰিবলৈ কঠোৰ নিৰ্দেশ

চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কাউন্সিলিঙৰ আসন ৮৩ খন বৃদ্ধিৰ বাবে অসম চৰকাৰলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Capture 33

Medical Education :

আর্থিকভাৱে দুর্বল শ্ৰেণীৰ বাবে নিয়ম অনুসৰি আসন সংৰক্ষণ কৰিব পৰাকৈ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কাউন্সিলিঙত বৰ্তমানৰ আসনৰ সংখ্যা ২৫ শতাংশ বৃদ্ধি কৰিবলৈ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিয়ে। বর্তমান থকা অসম চৰকাৰৰ আওতাৰ আসনৰ সংখ্যা হ’ল ২৮৮ খন। ইয়াৰে ২৫ শতাংশ বৃদ্ধি কৰিলে ৮৩ খন সংযোজিত হ’ব। তাৰ ফলত মুঠ আসনৰ সংখ্যা ৩৭১ খনলৈ বৃদ্ধি পাব।

ন্যায়াধীশ মাইকেল জোথানখুমাইৰ আদালতে দিয়া নির্দেশটোত উল্লেখ কৰা অনুসৰি, এই ৩৭১ খন আসন অসম চৰকাৰৰ সংৰক্ষণ নীতি অনুসৰি বিতৰণ কৰিব লাগিব। এই বিতৰণত আর্থিকভাৱে দুর্বল শ্রেণী (ইডব্লিউএছ)ৰ বাবে সংৰক্ষিত ১০ শতাংশ আসন সঠিকভাৱে কার্যকৰী হ’ব লাগিব। উল্লেখ্য যে স্নাতকোত্তৰ পাঠ্যক্ৰমত ইডব্লিউএছৰ ১০ শতাংশ সংৰক্ষণ সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগে বুলি দুখন লেখ আবেদন দাখিল কৰা হৈছিল। সংৰক্ষিত আৰু অসংৰক্ষিত দুয়োটা শ্রেণীৰ কে’বাজনো প্রার্থীয়ে এই আবেদন দাখিল কৰিছিল।

আজিৰ নিৰ্দেশটোত প্রথম পৰ্যায়ৰ কাউন্সিলিং পুনৰ আৰম্ভ কৰিবলৈয়ো কোৱা হৈছে। অৱশ্যে যোৱা ১৮ নৱেম্বৰতে প্রথম কাউন্সিলিং সম্পন্ন হয়। সেই কাউন্সিলিঙত যিসকল প্রার্থীয়ে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে নিজৰ নিজৰ পাঠ্যক্ৰম বাছনি কৰিছে, তাত হস্তক্ষেপ কৰা নহয় বুলি আদালতে স্পষ্ট কৰি দিয়ে। আদালতে এই কথাও স্পষ্ট কবি দিয়ে যে নতুনকৈ পুনৰ কাউন্সিলিং কৰোতে ইতিমধ্যে নির্বাচিত হোৱা প্রার্থীসকলে পাঠ্যক্রম সলনিৰো সুযোগ লাভ কৰিব।

ইতিমধ্যে দ্বিতীয় পর্যায়ৰ কাউন্সিলিঙো যোৱা ১২ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়; কিন্তু এই পৰ্যায়ৰ আসন সংৰক্ষণ, বিষয় সংৰক্ষণ আৰু পাঠ্যক্ৰম সংৰক্ষণ বাতিলৰ নির্দেশ দিছে ন্যায়ালয়ে। কাৰণ দ্বিতীয় পৰ্যায়ৰ কাউন্সিলিঙত উত্তীর্ণ হ’লেও প্রার্থীসকলৰ আসন নিশ্চিত নহয়।

ইপিনে, আজি ৰাজ্য চৰকাৰৰ পৰা ন্যায়ালয়ক অৱগত কৰা হয় যে অন্তিম পর্যায়ৰ কাউন্সিলিং আহা ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। ন্যায়ালয়ে সেই কাউন্সিলিঙো ৩৭১ খন আসনৰ ভিত্তিত কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। আবেদনকাৰী পক্ষৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তাদ্বয় কমল নয়ন চৌধুৰী আৰু ভাস্কৰ দেৱ কোঁৱৰে।

Exit mobile version