দিল্লীত আপৰ পৰাজয় ! এইফালে বিদায়ী মুখ্যমন্ত্ৰী আতিশীৰ নৃত্য ! ভিডিঅ’ বিয়পি পৰাৰ লগে লগে বিতৰ্কৰ সৃষ্টি
দিল্লী বিধানসভা নিৰ্বাচনত বিফলতাৰ সন্মুখীন হ’ল আম আদমী পাৰ্টী (আপ) । বিজেপিৰ ওচৰত বৃহৎ ব্যৱধানত পৰাজয় হৈ তৃতীয় বাৰৰ বাবে ক্ষমতাৰ পোৱাৰ সুযোগ হেৰুৱালে আপে ।কেৱল সেয়াই নহয় অৰবিন্দ কেজৰিৱাল, মনীষ ছিচ’দিয়াৰ দৰে জ্যেষ্ঠ নেতাইও পৰাজয়ৰ মুখ দেখিলে।
এই পৰিস্থিতিত নতুন দিল্লীত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে দিল্লীৰ বিদায়ী মুখ্যমন্ত্ৰী আতিশীক তেওঁৰ ঘনিষ্ঠ সহায়ক আৰু অনুগামীসকলৰ স’তে নৃত্য কৰা দেখা গ’ল।
প্ৰথমতে কটকটীয়া যুঁজ আছিল যদিও কলকাজী বিধান সভা সমষ্টিৰ পৰা আতিশীয়ে ৩৫২১টা ভোটত জয়লাভ কৰে। বিজয় নিশ্চিত হোৱাৰ পাছতে অতিশীক নিজৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু অনুগামীৰ স’তে নাচি থকা দেখা গ’ল
দিল্লীৰ বিদায়ী মুখ্যমন্ত্ৰীৰ এনে আচৰণক লৈ দলৰ ভিতৰত এতিয়া প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।
ভিডিঅ’টো শ্বেয়াৰ কৰি দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) প্ৰাক্তন অধ্যক্ষ আৰু আপৰ সাংসদ স্বাতী মালিৱালে আতিশীক তীব্ৰ সমালোচনা কৰে ।
তেওঁ এক্স হেণ্ডেলত লিখিছে, ‘এয়া কেনেকুৱা নিৰ্লজ্জ আচৰণ? দল হাৰিছে, দলৰ সকলো ডাঙৰ নেতা হাৰিছে আৰু আতিশী মাৰ্লেনাই এনেকৈ উদযাপন কৰিছে?’
আপৰ জ্যেষ্ঠ নেতা আৰু বিদায়ী মন্ত্ৰী জয়ী হোৱা মুষ্টিমেয় মন্ত্ৰীসকলৰ ভিতৰত আতিশী অন্যতম তেওঁ বিজেপিৰ অন্যতম হেভিৱেট প্ৰাৰ্থী ৰমেশ বিধুৰিক পৰাস্ত কৰে।