ভ্ৰমণ কৰি ভাল পায় নেকি ?
ভ্ৰমণৰ পূৰ্বে সহায় ল’ব পাৰে এইকেইটা এপৰ
বাছ বা বিমানেৰে যাত্ৰা কৰাতকৈ ৰেলৰ জৰিয়তে যাত্ৰা কৰাটো বেছি আৰামদায়ক আৰু সুলভ বিকল্প বুলি গণ্য কৰা হয়। ৰেলযোগে সঘনাই যাত্ৰা কৰি থকাসকলৰ বাবে বহু সময়ত টিকট বুকিঙৰ বাবে সহজ আৰু নিৰ্ভৰযোগ্য এপ থকাটো অতি জৰুৰী হৈ পৰে ।
আজি এনে কিছু ৰেলৰ টিকট বুকিং এপৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে য’ত দ্ৰুত আৰু সহজ প্ৰক্ৰিয়াৰে নিশ্চিত টিকট (Confirmed Ticket) পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে।
আইআৰচিটিচি ৰেল কানেক্ট এপ : এই এপটো
হৈছে ভাৰতীয় ৰেল বিভাগৰ নিজাববীয়া এপ ইয়াত তৎক্ষণাত বুকিং, টিকটৰ নিশ্চিতকৰণ অৱস্থা পৰীক্ষা, আসন নির্বাচন, ৰেলৰ সময়সূচী আৰু পিএনআৰ ষ্টেটাছ আদি চোৱাৰ সুবিধা লাভ কৰিব পাৰি।
কনফার্ম টিকেটঃ কনফার্ম টিকেট এপে সহজে নিশ্চিত টিকটৰ সুবিধা প্ৰদান কৰে। যদি কোনো গ্ৰাহকৰ টিকট অপেক্ষা তালিকাত আছে, তেন্তে এই এপে টিকট নিশ্চিত হোৱাৰ সম্ভাৱনা অনুমান কৰাত সহায় কৰে ।
ইয়াৰ উপৰি এই এপৰ জৰিয়তে তৎকাল টিকটো বুক কৰিব পাৰি |
পেটিএম : অনলাইন পেমেণ্ট আৰু বুকিঙৰ বাবে বিখ্যাত পেটিএম এপৰ জৰিয়তেও ৰেলৰ টিকট বুকিং কৰিব পাৰি । ই কেছবেক অফাৰ আৰু নিশ্চিতকৰণ ভৱিষ্যদ্বাণীৰ দৰে সুবিধা প্ৰদান কৰে ।
মেক মাই ট্রিপ :এইটো এপৰ জৰিয়তে গ্ৰাহকে ৰেল, বিমান, বাছ আৰু হোটেল আদি বুকিঙৰ সুবিধা সকলো প্লেটফৰ্মতে পাব পাৰে। ইয়াত গ্ৰাহকে ৰেলৰ টিকট বুক কৰিলে বিভিন্ন অফাৰ আৰু ৰেহাইও পাব পাৰে। লগতে ইয়াত ভ্ৰমণ বীমাৰ সুবিধাও দিয়া হৈছে, যাৰ ফলত যাত্ৰা অধিক নিৰাপদ হৈ পৰিব পাৰে ।
গ’ ইবিব‘ : গ’ ইবিব’ এটা জনপ্রিয় এপ। ইয়াত ৰেলৰ সময়সূচী, পিএনআৰৰ অৱস্থা পৰীক্ষা আৰু নিশ্চিতকৰণ ভৱিষ্যদ্বাণীৰ দৰে সুবিধা লাভ কৰিব পাৰি। এপটোত বহু ধৰণৰ অফাৰ আৰু কেছবেকো উপলব্ধ, যাৰ ফলত টিকটৰ বুকিং সস্তা হয় ।