Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

    Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

    Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা

    Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Editor's Choice

দোস্ত দোস্ত না ৰহা..?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
February 10, 2025
in Editor's Choice
Reading Time: 1 min read
0
দোস্ত দোস্ত না ৰহা..?
2
SHARES
24
VIEWS
ShareShareShareShare

দোস্ত দোস্ত না ৰহা..?

# প্রাঞ্জলসেন ডেকা

আমেৰিকাত অবৈধভাবে বাস কৰা শতাধিক ভাৰতীয়ক বিতাড়ন কৰি যোৱা বুধবাৰে মার্কিন সামৰিক বিমান এখনে অমৃতসৰ বিমানকোঠত নমাই থৈ যোৱাৰ পাছতে দেশত ব্যাপক ক্ষোভ-অসন্তুষ্টিৰ সৃষ্টি হৈছে। শিশু-মহিলাসহ প্ৰেৰণ কৰা লোকসকলক হাত কেৰেয়া আৰু ভৰিত লোৰ শিকলিৰে বান্ধি বিমানত তোলা হৈছিল আৰু সুদীর্ঘ যাত্ৰাৰ অন্তত তেনেদৰেই নমাই দিয়া হৈছিল।জীৱিকাৰ সন্ধানত তথা উন্নত জীৱনৰ আশাত আমেৰিকাত উপস্থিত হোৱা এই লোকসকলক হাত-ভৰি বান্ধি দুর্ধর্ষ অপৰাধীৰ দৰে আচৰণ কৰা কার্যই সকলোকে স্তম্ভিত কৰি তুলিছে।

ADVERTISEMENT

ড’নাল্ড ট্রাম্পৰ মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰূপে দ্বিতীয়বাৰ কাৰ্যভাৰ গ্ৰহণৰ পাছত সেই দেশত অনুপ্ৰৱেশকাৰী ভাৰতীয়ক বিতাড়নৰ এয়া আছিল প্রথমটো খেপ। শীঘ্রে আৰু ৪৮৭ জন ভাৰতীয়ক বহিষ্কাৰ কৰা হ’ব বুলি ট্রাম্প প্রশাসনে ইতিমধ্যে ভাৰত চৰকাৰক অৱগত কৰিছে। এইসকল লোকো একেই অমানবীয় আচৰণৰ বলি হ’ব বুলি আশংকা কৰা হৈছে। শাসনৰ প্রথমটো কার্যকালতে ৰাষ্ট্ৰপতি ট্রাম্পৰ স’তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বন্ধুত্ব’ই যথেষ্ট চর্চা লাভ কৰিছিল।দুই নেতাই পৰস্পৰৰ দেশত ৰাজহুৱা সভাত অংশগ্রহণ কৰি পৰস্পৰৰ প্ৰতি সমর্থন প্রদর্শন কৰিছিল। ২০১৯ৰ ছেপ্টেম্বৰত আমেৰিকাৰ হিউস্টন চহৰত আয়োজিত ‘হাউদী মোদী’ অনুষ্ঠানত মোদীয়ে আনকি ‘অব কী বাৰ ট্রাম্প চৰকাৰ’ ধ্বনিও দি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। তাৰ পাছৰ বছৰ ২০২০ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বছৰ। সেই বছৰৰে ফেব্ৰুৱাৰীত আহমদাবাদত বিশাল আয়োজনৰে ‘নমস্তে ট্রাম্প’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, য’ত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্রহণ কৰিছিল।

RelatedPosts

TRUMP-BIDEN বাইডেনৰ নিৰাপত্তা ৰক্ষাৰ অনুমতি প্ৰত্যাহাৰ কৰিলে ট্ৰাম্পে

বিধানসভাত প্ৰৱেশ কৰাৰ লগে লগে কেজৰিৱালৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা লোৱাৰ সকীয়নি মোডীৰ

মোডীৰ ভ্ৰমণৰ পূৰ্বে ট্ৰাম্পৰ শুল্ক ঘোষণা

ৰাষ্ট্ৰপতি ট্রাম্পৰ দ্বিতীয় কার্যকালত এই পর্যন্ত দুই নেতাৰ মাজত তেনে সমীকৰণ পৰিলক্ষিত হোৱা নাই, বৰঞ্চ অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি ট্রাম্প প্রশাসনৰ মনোভাৱ আনবোৰ দেশৰ দৰেই দেখা গৈছে। অৱশ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ বিজয়ৰ পাছত প্রধানমন্ত্রী মোদীয়ে ট্রাম্পক বন্ধুৰূপে সম্বোধন কৰি উষ্ণ অভিনন্দন জ্ঞাপন কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে এই প্ৰসংগতে কয় যে ট্রাম্পৰ স’তে মোদীৰ সম্পৰ্ক ভাল আৰু এয়া ভাৰতৰ বাবেও শুভ। কেতবোৰ মহলে আনকি এইদৰেও দাবী কৰিছিল যে চীনৰ সামগ্রী ৰপ্তানিত ট্রাম্প প্রশাসনে অধিক শুল্ক আৰোপ কৰিলে তাৰ দ্বাৰা ভাৰত লাভৱান হ’ব। চলিত সপ্তাহতে প্রধানমন্ত্রী মোদীয়ে আমেৰিকা ভ্রমণ কৰি ৰাষ্ট্ৰপতি ট্রাম্পক সাক্ষাৎ কৰাৰ কথা। এই ভ্রমণতে দুই নেতাৰ মাজৰ সম্পৰ্কত পুনৰ উষ্ণতা দেখা যাব বুলি ভাৰত চৰকাৰে আশা কৰিছে।

অবৈধভাবে কোনো দেশত বসবাস কৰা লোকক সংশ্লিষ্ট চৰকাৰে স্বদেশলৈ বিতাড়ন কৰাত অস্বাভাৱিকতা নাই; কিন্তু ট্রাম্প প্রশাসনে হাত-ভৰি শিকলিৰে বান্ধি প্রস্রাৱগাৰ পৰ্যন্ত ব্যৱহাৰৰ সুযোগ নিদি যি অমানৱীয়ভাবে অনুপ্ৰৱেশকাৰীসকলক বিতাড়ন কৰিছে সি সকলো আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে। ই দেখ দেখকৈ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ সন্ধিসমূহৰ সম্পূৰ্ণ বিৰোধী। কোনোৱে পলায়নৰ চেষ্টষ্ট কৰিলে অথবা নির্দেশ অমান্য কৰিবলৈ বল প্রদর্শন কৰিলেহে সংশ্লিষ্ট কর্তৃপক্ষই শক্তি প্রয়োগ কৰাৰ প্ৰয়োজন আহি পৰে। বিমানত অনাৰ সময়ত ভাৰতীয়সকলক এনেদৰে হাত-ভৰি বান্ধি অনাৰ প্রয়োজনেই বা কি? অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলি ট্রাম্পে যিহেতু পূর্বেই ঘোষণা কৰি আহিছে, ভাৰত চৰকাৰে যথাসময়ত মার্কিন প্রশাসনৰ স’তে বিষয়টোক লৈ আলোচনাত মিলিত হোৱাহেঁতেন আৰু প্রয়োজন সাপেক্ষে কিছু সময় বিচৰা হ’লে এনে অপমানজনক পৰিস্থিতিৰ সম্মুখীন হ’ব নিশ্চয় নালাগিলহেঁতেন। এই প্রবাসী ভাৰতীয়সকলক অমানবীয় আচৰণৰ বলি হ’বলৈ নিদি সম্মানজনকভাবে উভতাই আনিব পৰা গ’লহেঁতেন।

সেই বাবেই মার্কিন সামৰিক বিমানখনৰ অৱতৰণৰ পাছতে সংসদতো ইয়াৰ বিৰুদ্ধে ক্ষোভ আৰু অসন্তুষ্টিৰ জোৱাৰ উঠে। মার্কিন প্রশাসনৰ এনে আচৰণ দিল্লীয়ে স্বীকাৰ কৰি ল’ব নালাগিছিল বুলি ধিক্কাৰ ধ্বনিও উঠে। লক্ষ্যণীয়ভাবে ভাৰতে হাত ভৰি বান্ধি সামৰিক বিমানত নিজৰ নাগৰিকক বিতাড়ন কৰা কাৰ্যক গ্রহণ কৰি লোৱাই কেৱল নহয়, বৰঞ্চ ‘অনুপ্রৱেশকাৰীৰে মোকাবিলাৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগ অতি শক্তিশালী’ বুলিও কৈছে। ভাৰত চৰকাৰে অবৈধভাৱে আমেৰিকাত বাস কৰাসকলক উভতাই অনাৰ ক্ষেত্ৰত সহায় কৰিবলৈ প্রস্তুত আছে বুলি পূর্বতেই ট্রাম্প প্রশাসনক জনাই দিছিল।

বৈদেশিক মন্ত্রী জয়শংকৰে সংসদত ইয়াৰ উত্তৰ দি কয় যে এনে বিতাড়ন কোনো নতুন কথা নহয়, বৰঞ্চ বহু বছৰ ধৰি এনে প্রক্রিয়া চলি আহিছে। যিসকলক উভতাই পঠিওৱা হৈছে, সেইসকলৰ স’তে বিমানত যাতে কোনো অমানৱীয় আচৰণ কৰা নহয়, তাৰ বাবে মার্কিন প্রশাসনৰ স’তে কথা পাতিব বুলিও তেওঁ উল্লেখ কৰে। মন্ত্রীজনে লগতে কয় যে ২০১২ৰ পৰা চলিত বর্ষলৈকে আমেৰিকাৰ পৰা ১৫ হেজাৰৰো অধিক ভাৰতীয়ক বিতাড়ন কৰা হৈছে। জয়শংকৰৰ মতে অনুপ্ৰৱেশৰ স’তে আৰু বহুত অবৈধ বিষয় জড়িত হৈ থাকে।

ৰাষ্ট্ৰপতি ট্রাম্পেও কৈছে যে আমেৰিকাৰ এনে বিতাড়নৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্রহণ কৰা হ’ব বুলি মোদীয়ে তেওঁক আশ্বাস দি থৈছে; অথচ ইয়াৰ বিপৰীতে কলম্বিয়া, মেক্সিক’, ব্রাজিল আদি দেশে সামৰিক বিমানত হাত-ভৰি বান্ধি প্রবাসী নাগৰিকক বিতাড়ন কৰা কাৰ্যক স্বীকাৰ নকৰি তীব্র প্রতিবাদ জনাইছে। যোৱা জানুৱাৰীত এনে মার্কিন সামৰিক বিমানক অৱতৰণ কৰিবলৈ নিদি ঘূৰাই পঠিয়ায় কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভ’ পেট্রোৱে। পাছত নিজৰ বায়ুসেনা বাহিনীৰ বিমানেৰে সেইসকল নাগৰিকক স্বদেশলৈ উভতাই আনে। দেশৰ নাগৰিকসকলক কোনো অমানৱীয় আৰু অপমানজনক আচৰণৰ সন্মুখীন হ’বলৈ নিদিয়ে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। এনে কঠোৰ ভূমিকাত ক্ষুণ্ণ হৈ ট্রাম্পে কলম্বিয়াৰ সামগ্রী ৰপ্তানিত দুগুণ শুল্ক আৰোপৰ ভাবুকি প্ৰদান কৰে যদিও পেট্রোৱে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলি ফেপেৰি পাতি ধৰিছে। পাছত দুই দেশৰ মাজত কূটনৈতিক বুজাবুজি মর্মে কলম্বিয়া চৰকাৰে প্রবাসীসকলক উভতাই আনিবলৈ নিজৰ বায়ুসেনা বাহিনীৰ বিমান প্ৰেৰণ কৰে।এই প্ৰক্ৰিয়াৰে প্ৰবাসীসকলৰ সম্মানপূর্বক ব্যৱহাৰ সুনিশ্চিত কৰা হয় বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি পেট্রোৱে সামাজিক মাধ্যমত লিখে, ‘তেওঁলোক কলম্বিয়ান, স্বাধীন আৰু সম্মানিত। নিজৰ মাতৃভূমি আছে, য’ত তেওঁলোকক মৰম কৰা হয়।’ হাত কেৰেয়া অবিহনেই মুক্তভাবে প্রবাসীসকল বিমানৰ পৰা নমাৰ ফটোও তেওঁ লগতে প্রকাশ কৰে। গতিকে ভাৰত চৰকাৰেও প্রবাসীসকলক সম্মানপূর্বকভাৱে উভতাই অনাৰ ক্ষেত্ৰত কিয় দৃঢ় স্থিতি গ্রহণ কৰিব নোৱাৰিলে বুলি ন্যায্য প্রশ্নই উত্থাপিত হৈছে। যদি নিজৰ নাগৰিকৰ সম্মান ৰক্ষাই কৰিব পৰা নাযায়, তেন্তে বন্ধুত্বৰেই বা কি মূল্য বুলি সেয়েহে বিৰোধীয়ে প্রধানমন্ত্রী মোদীক সমালোচনা কৰিছে।

নিজৰ নাগৰিকক অমানৱীয় ব্যৱহাৰ কৰাৰ প্ৰতিবাদত কলম্বিয়াৰ দৰে সৰু দেশ এখনে যদি মার্কিন প্রশাসনক ৰঙা চকু দেখুৱাব পাৰে, তেন্তে ভাৰত চৰকাৰ শংকিত কিয় বুলি বিভিন্ন মহলে প্রতিক্রিয়া প্রকাশ কৰিছে। এই কথা ঠিক যে নিজ নিজ দেশৰ পৰিস্থিতিগত কাৰণতে ভাৰত আৰু কলম্বিয়াৰ আমেৰিকাৰ প্ৰতি দৃষ্টিভংগী পৃথক হৈ আহিছে। ৬৪ বছৰীয়া গুস্তাভ’ পেট্রো কলম্বিয়াৰ প্ৰথমগৰাকী বাওঁপন্থী ৰাষ্ট্ৰপতি। ২০২২ত তেওঁ দক্ষিণপন্থী ৰাজনীতিক পৰাস্ত কৰি কলম্বিয়াৰ ৰাষ্ট্ৰপতি নির্বাচিত হৈ সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰে।গতিকে তেওঁৰ দৃষ্টিভংগী ৰাষ্ট্ৰপতি ‘ট্রাম্প অথবা পূর্বসুৰী জ’ বাইডেনৰ স’তে পৃথক হোৱাটোবে স্বাভাৱিক। সেয়েহে প্রবাসীক বিতাড়নৰ ক্ষেত্ৰত ট্রাম্পৰ বিৰুদ্ধে পেট্রোৱে প্রদর্শন কৰা কঠোৰতাই তেওঁৰ ৰাজনৈতিক পৃষ্ঠভূমিৰেই জিলিঙনি দাঙি ধৰে। ইয়াৰ বিপৰীতে প্রবাসীক অমানবীয় বিতাড়নৰ প্ৰসংগত দিল্লীৰ নীৰৱতাৰ কাৰণ হৈছে, ভাৰতে এই সময়ত মার্কিন প্রশাসনৰ কঠোৰ প্রতিক্রিয়াৰ সন্মুখীন হ’ব নিবিচাৰে; বৰঞ্চ আমেৰিকাৰ স’তে সুসম্পর্ক আগবঢ়াই নিয়াৰ চেষ্টাতহে ব্রতী হৈ আহিছে।এই কথাৰ ব্যাখ্যা নিষ্প্রয়োজন যে আমেৰিকাৰ স’তে সুসম্পর্ক বজাই ৰাখিবলৈ হ’লে তেওঁলোকৰ শ্রুতলিপি শুনাৰ গত্যন্তৰ নাই। সেই বাবেই এইবাৰৰ বাজেটত আমেৰিকাই ৰপ্তানি কৰা কমেও ৩০ বিধ সামগ্ৰীত ভাৰত চৰকাৰে বৃহৎ শুল্ক ৰেহাই দিছে।

আমেৰিকাৰ পৰা অনুপ্ৰৱেশকাৰী বিতাড়নৰ ঘটনা এয়ে প্রথম নহয়। চৰকাৰী তথ্য অনুসৰি মার্কিন প্ৰব্ৰজন আৰু শুল্ক প্রবর্তক বিভাগে ২০১৮ৰ পৰা ২০২৩ৰ ভিতৰত ৫,৪৭৭ জন ভাৰতীয়ক বিতাড়ন কৰিছে। ২০২০ত মাত্র এবছৰতে ২৩০০ ভাৰতীয়ক বহিষ্কাৰ কৰিছে। আনকি বিগত ২০২৪ৰ ছেপ্টেম্বৰলৈকে এহেজাৰ ভাৰতীয় নাগৰিকক উভতাই পঠিয়াইছে। যোৱা অক্টোবৰতো শতাধিক নাগৰিকক এখন চার্টার্ড বিমানৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰা হয়। অবৈধভাবে আমেৰিকাত প্ৰৱেশ কৰা ১৮ হেজাৰ ভাৰতীয়ক ইতিমধ্যে চিহ্নিত কৰা হৈছে বুলি মার্কিন প্রশাসনে শেহতীয়াভাৱে সদৰী কৰিছে। এক পৰিসংখ্যা অনুসৰি ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ আঠ বছৰীয়া শাসনকালত বিভিন্ন দেশৰ ৩২ লাখ লোকক আমেৰিকাই বহিষ্কাৰ কৰিছিল। তেনেদৰেই ট্রাম্পৰ প্ৰথমটো কার্যকালতো ছয় লাখ লোকক বিতাড়ন কৰা হৈছিল। দৰাচলতে ২০০১ৰ ১১ ছেপ্টেম্বৰৰ ভয়ংকৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছৰে পৰা অনুপ্ৰৱেশকাৰীৰ ওপৰত কঠোৰ দৃষ্টি দিবলৈ বাধ্য হয় মার্কিন প্রশাসন। কিন্তু এইবাৰ ট্রাম্পৰ দ্বিতীয় কার্যকালৰ আৰম্ভণিৰ পৰাই অনুপ্ৰৱেশকাৰীক বিতাড়নৰ ক্ষেত্ৰত যি কঠোৰ আৰু আগ্রাসী পদক্ষেপ গ্রহণ কৰা হৈছে, সি ‘পূর্বতকৈ যথেষ্ট পৃথক’ বুলি সকলো পক্ষই মন্তব্য কৰিছে। বিভিন্ন চহৰ-মহানগৰত অনুপ্ৰৱেশকাৰীৰ সন্ধানত তালাচী অভিযান চলাই থকা হৈছে আৰু ধৰা পৰাসকলক আটক কৰি নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে।

নির্বাচনী প্ৰচাৰ অভিযান কালত উত্থাপন কৰা দুটা ঘাই বিষয় ক্রমে বিভিন্ন দেশৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত শুল্ক-কৰ বৃদ্ধি আৰু অনুপ্ৰৱেশকাৰীক বিতাড়নৰ সম্পৰ্কত দায়িত্বভাৰ গ্ৰহণৰ দিনাৰ পৰাই ৰাষ্ট্ৰপতি ট্রাম্পে যথেষ্ট কঠোৰ সিদ্ধান্ত গ্রহণ কৰাতে ক্ষান্ত নাথাকি তৎকালীনভাৱে সেইবোৰৰ ৰূপায়ণ কৰিছে। মার্কিন অর্থনীতি শক্তিশালীকৰণতে তেওঁ সর্বাধিক গুৰুত্ব আৰোপ কৰিছে আৰু সেয়ে বিশ্ব স্বাস্থ্য সংস্থা, মানৱাধিকাৰ পৰিষদ, পৰিৱেশ চুক্তি, বিদেশলৈ বিত্তীয় সাহায্য প্রদান আদি কাৰ্যৰ পৰা আঁতৰি আহিছে। ট্রাম্পে আমেৰিকাত উৎপাদন বৃদ্ধি আৰু তাৰ জৰিয়তে কর্মসংস্থাপনৰ অধিক সুযোগ সৃষ্টিৰ ওপৰত বিশেষভাৱে জোৰ দিছে। তাৰ সমান্তৰালভাৱে আমদানিকৃত সামগ্রীত শুল্ক বৃদ্ধি, অত্যাধুনিক প্রযুক্তি বিদেশলৈ ৰপ্তানি নিষিদ্ধকৰণৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ট্রাম্পৰ দ্বিতীয় কার্যকালত শুল্ক বৃদ্ধিকে ধৰি অন্যান্য বিষয়ক লৈ ভাৰতৰ দীৰ্ঘম্যাদী সংঘাতৰ আশংকা বৃদ্ধি হৈছে। আমেৰিকাৰ নতুন প্ৰশাসনৰ কঠোৰ তথা আগ্রাসী নীতিৰ পৰিপ্ৰেক্ষিতত আগন্তুক সময়ছোৱাত ভাৰতে যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱাটো নিশ্চিত হৈছে। সেয়ে তেনে ক্ষেত্ৰত দৰ-দামৰ সুযোগ ৰাখিবলৈকে প্রবাসী ভাৰতীয়ক অমানৱীয়ভাৱে বিতাড়নৰ পাছতো ভাৰত চৰকাৰে অতি সতর্ক আৰু নিয়ন্ত্রিত সুৰত প্রতিক্রিয়া প্রকাশ কৰিছে, য’ত এনে কার্যক লৈ আপত্তিসূচক শব্দ এটিও ব্যৱহাৰ কৰা নাই। শুল্ক, দ্বিপাক্ষিক বাণিজ্যৰ লগতে অন্যান্য আর্থিক বিষয়ত সৃষ্টি হ’ব পৰা জটিলতাৰ সমাধান সূত্ৰত উপনীত হোৱাৰ লক্ষ্যৰেই প্ৰবাসীৰ বিতাড়নৰ বিষয়টোক লৈ সৰৱ হোৱা নাই মোদী চৰকাৰ। এই কথা ঠিক যে প্রধনকৈ চীনক প্রত্যাহানৰূপে চিহ্নিত কৰাৰ পাছৰে পৰা আমেৰিকাই ভাৰতৰ স’তে সম্পর্ক তথা সহযোগিতা বৃদ্ধি কৰি আহিছে। তদুপৰি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষাৰ বাবে আমেৰিকাৰ বাবে এক গুৰুত্বপূৰ্ণ সহযোগত পৰিণত হৈছে। এনে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি ট্রাম্পৰ শেহতীয়া ভূমিকাই দ্বিপাক্ষিক সম্পর্কত কেনে প্রভাৱ পেলায় আগন্তুক সময়ছোৱাত সেয়া লক্ষ্যণীয় হ’ব। কিন্তু প্রধানমন্ত্রী মোদীৰ আসন্ন আমেৰিকা ভ্ৰমণৰ পূৰ্বে বিভিন্ন ঘটনাৱলীয়ে পৰিৱেশ প্রতিকূল কৰি তোলাহে পৰিলক্ষিত হৈছে। পাকিস্তানক চেৰাই গৈ আফগানিস্তান তথা মধ্য এছিয়াত বাণিজ্য সুচল কৰি তুলিবলৈ ভাৰতে ইৰানত চাবহাৰ বন্দৰ নিৰ্মাণ কৰি আছে। পূৰ্বৰ কাৰ্যকালত ট্রাম্পে এই ক্ষেত্রত সম্মতি প্রদান কৰিছিল যদিও সম্প্রতি উক্ত প্ৰকল্পৰ সমীক্ষা কৰিব বুলি ঘোষণা কৰিছে। ইৰানৰ ওপৰত ‘সর্বাধিক চাপ’ সৃষ্টিৰ নীতি গ্রহণ কৰি সেই দেশক যিকোনো ধৰণে আর্থিকভাবে উপকৃত কৰা প্ৰকল্পত দিয়া সম্মতিৰ সিদ্ধান্ত সলনি অথবা বাতিল কৰা হ’ব বুলি ট্রাম্প প্রশাসনে ঘোষণা কৰিছে। ইয়াৰ ভিতৰত চাবহাৰ বন্দৰো আছে। গতিকে ‘বন্ধু’ ট্রাম্পে গ্রহণ কৰা এটাৰ পাছত আনটো সিদ্ধান্ত ভাৰতৰ বাবে ক্ষতিকাৰক ৰূপে চিহ্নিত হৈছে।

আনহাতে, অবৈধ ভাৰতীয় প্রবাসীক হাত-ভৰি বান্ধি স্বদেশলৈ বিতাড়ন কৰাত আন্তর্জাতিক স্তৰত ভাৰতৰ ভাৱমূর্তি বিনষ্ট হ’লেও সম্প্রতি ট্রাম্প প্রশাসনে বহু দেশৰ ক্ষেত্ৰতে এনে পদক্ষেপ গ্রহণ কৰা হেতুকে ই স্থায়ী নহ’ব বুলিয়ে আশা কৰা হৈছে।

নিজকে সমগ্র বিশ্বত মানৱাধিকাৰ, প্ৰব্ৰজনকাৰীৰ অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা, ধর্মীয় স্বতন্ত্রতা আদিৰ চেম্পিয়নৰূপে দাঙি ধৰা আমেৰিকাই সাধাৰণ অনুপ্ৰৱেশকাৰীক হাত-ভৰি বান্ধি সামৰিক বিমানত তুলি বিতাড়ন কৰা কার্যই দেশখনৰ নৈতিকতাক লৈ প্রশ্ন উত্থাপিত কৰাটোৱে স্বাভাৱিক। দৰাচলতে আমেৰিকাৰ যি নৈতিক প্ৰমূল্যবোধ তথা মানৱীয় মূল্য অধিষ্ঠিত প্রগতিশীল নীতি, তাৰ পৰা ফালৰি কাটি আহি ৰাষ্ট্ৰপতি ট্রাম্পে সম্প্রতি স্পষ্ট কৰি দিছে যে তেওঁৰ দেশে এতিয়া বিশ্বৰ নেতৃত্ব প্রদানকাৰীৰ ভূমিকাত অবতীর্ণ হোৱাৰ বিপৰীতে নিজৰ আৰ্থিক স্বার্থ ৰক্ষাকাৰী লেনদেন জড়িত দ্বিপাক্ষিক সম্পর্ক স্থাপনতহে আগ্রহী। সেই লক্ষ্যৰেই অত্যধিক শুল্ক-কৰ আদি আৰোপৰ জৰিয়তে বিভিন্ন দেশৰ ওপৰত হেঁচা প্রয়োগ কৰিছে। লগতে আর্থিক আৰু প্ৰযুক্তিৰ শক্তিৰ ব্যৱহাৰ কৰিছে। ৰাষ্ট্রপতি ট্রাম্পে বিশ্বক বুজাই দিব বিচাৰিছে যে তেওঁ এতিয়া কেৱল লাভালাভতহে আগ্রহী।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Moditrump
publisher

publisher

Related Posts

দৃষ্টিপাত: কনকসেন ডেকা
Editor's Choice

দৃষ্টিপাত: কনকসেন ডেকা

August 15, 2025
অংক মাথোঁ লাভ-লোকচানৰ
Editor's Choice

অংক মাথোঁ লাভ-লোকচানৰ

February 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d