Actor Sanjay Dutt: মৃত্যুৰ পাছত ৭২ কোটিৰ সম্পত্তি সঞ্জয়ৰ নামত !

অচিনাক্ত অনুৰাগীৰ কাণ্ডত কি সিদ্ধান্ত ল'লে অভিনেতাগৰাকীয়ে ?

SANJAYPP

Actor Sanjay Dutt:

ড্ৰাগছৰ পৰা আৰম্ভ কৰি উগ্ৰপন্থীলৈকে বহু বিতৰ্কৰ স’তে জড়িত সঞ্জয় দত্ত। অৱশ্যে তেওঁক লৈ তেওঁৰ অনুৰাগীৰ উন্মাদনাৰ অন্ত নাই। আনকি এজন অনুৰাগীয়ে তেওঁৰ মৃত্যুৰ পুৰ্বেই নিজৰ সম্পত্তি অভিনেতাজনৰ নামত লিখি থৈ গৈছে !

নিশা পাটিল নামৰ মহিলা গৰাকী সঞ্জয় দত্তৰ অনুৰাগী । উল্লেখ্য যে , অভিনেতাজনৰ নামত তেওঁৰ ৭২ কোটি টকাৰ সম্পত্তি লিখি থৈ গৈছে । অথচ নিশাই সঞ্জয়ক তেওঁৰ জীৱনকালত কেতিয়াও লগ পোৱা নাছিল। তেওঁ সদায় অভিনেতাজনক পৰ্দাতে দেখিছিল ।

ঘটনাটো ২০১৮ জনৰ । সঞ্জয়ে জানি আচৰিত হৈছিল যে নিশা নামৰ অনুৰাগীজনে তেওঁৰ নামত ৭২ কোটি টকাৰ সম্পত্তি লিখি থৈ গৈছে ।মুম্বাইৰ বাসিন্দা ৬২ বছৰীয়া নিশা পাটিল এক জটিল ৰোগত আক্ৰান্ত আছিল। মৃত্যুৰ আগতে, তেওঁৰ সকলো সম্পত্তি সঞ্জয় দত্তৰ নামত লিখি গৈছে।

তথ্য অনুসৰি ,নিশাই বেংকলৈ কে’বাবাৰো চিঠি লিখি সকলো টকা অভিনেতাজনৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰিবলৈও অনুৰোধ কৰিছিল । এই সমগ্ৰ ঘটনাৰ কথা সঞ্জয়ে জানি আচৰিত হয়। অৱশ্যে, সঞ্জয়ে নিজেই তেওঁৰ নামত লিখা কোটি কোটি টকাৰ সম্পত্তিৰ প্ৰতি কোনো আগ্ৰহ প্ৰদৰ্শন কৰা নাই। অভিনেতাজনে কয় যে , নিশা পাটিলক ব্যক্তিগতভাৱে মই চিনি নাপাও। কিন্তু এই সম্পূৰ্ণ ঘটনাত মই অতি অভিভূত হৈছোঁ।

Exit mobile version