Panjab:
পঞ্জাৱৰ পাটিয়ালাত জাবৰ পেলোৱা ঠাইৰ পৰা উদ্ধাৰ হৈছে কমেও সাতটা ৰকেট। আৰক্ষীয়ে জনোৱা অনুসৰি, স্থানীয় আৰক্ষীয়ে তথ্য লাভ কৰা অনুসৰি কিছুমান সন্দেহজনক বস্তু আৱৰ্জনাৰ স্তূপত পৰি আছে।
সেই অনুসৰি, আৰক্ষীৰ এটা দলে ঘটনাস্থলীলৈ গৈ ৰকেটসমূহৰ সন্ধান বিচাৰি পায় । ৰকেটবোৰ কেনেকৈ ৰাস্তাৰ কাষৰ আৱৰ্জনাৰ স্তূপত সোমাই আছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই । অঞ্চলটোৰ পৰা বহুতো ৰকেট উদ্ধাৰ হোৱাৰ বাবে স্থানীয় লোকসকল আতংকিত হৈ পৰিছে।
আৰক্ষীয়ে ইতিম্যেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। পাটিয়ালাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নানক সিঙে জনাই যে প্ৰাথমিক অনুসন্ধানৰ মতে, আৱৰ্জনাৰ স্তূপৰ পৰা সামগ্ৰী সংগ্ৰহ কৰা আৰু সেইবোৰ বিক্ৰী কৰা কিছুমানে ৰকেটবোৰ অঞ্চলটোত পেলাই দিব পাৰে।
অৱশ্যে অন্যান্য সম্ভাৱনাৰ ওপৰতো চকু ৰাখিছে আৰক্ষীৰ তদন্তকাৰী বিষয়াসকলে।এইসমূহ কেনেধৰণৰ ৰকেট সেই বিষয়েও তদন্ত চলি আছে।সেনাক বিষয়টোৰ বিতং তদন্তৰ বাবেও অৱগত কৰা হৈছে।
ইয়াৰ পূৰ্বে ২০২২ চনৰ ডিচেম্বৰ মাহত পঞ্জাৱৰ টাৰ্ণ তৰণ জিলাৰ এখন থানাত ৰকেটৰ আক্ৰমণ হৈছিল। সেই ঘটনাৰ সাত মাহৰ পাছত মোহালীৰ পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত পুনৰ ৰকেট আক্ৰমণ সংঘটিত হয়। এইবাৰ পাটিয়ালাৰ পৰা ৰকেট উদ্ধাৰৰ ঘটনাই কঁপাইছে আৰক্ষী প্ৰশাসন।
অনুসন্ধানকাৰীসকলে ৰকেটবোৰ ক’ৰ পৰা আহিছিল নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰি আছে। দৰাচলতে, পাকিস্তানৰ সীমান্তৱৰ্তী এই ৰাজ্যখনত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱান আৰু আৰক্ষী-প্ৰশাসনে প্ৰায়ে সন্দেহজনক ড্ৰোন উদ্ধাৰ কৰে।
অনুসন্ধানকাৰীসকলে সন্দেহ কৰিছে যে এই ড্ৰোনবোৰ মুখ্যতঃ সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা হয়। অৱশ্যে, শেহতীয়াকৈ আৱৰ্জনাৰ স্তূপত পৰি থকা ৰকেট পূৰ্বতে দেখা পোৱা নাই।