Ascard Bank assets to be sold:
সময়ৰ বহু বিতৰ্কিত এছকাৰ্ড বেংক সন্দৰ্ভত ৰাজ্য চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অচিৰেই বিক্ৰী কৰা হ’ব এছকাৰ্ড বেংকৰ সম্পত্তি ৷ গুৱাহাটী সহ ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা এছকাৰ্ড বেংকৰ সম্পত্তি নিলামৰ বাবে আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷ ইতিমধ্যে সম্পত্তি নিলাম কৰিবৰ বাবে নিয়োগ কৰা হৈছে লিকুইডেটৰ । লিকুইডেটৰ হিচাপে নিযুক্তি দিয়া হৈছে সমবায় বিভাগৰ যুটীয়া পঞ্জীয়কক ৷