Bird slaughter in Putari Beach:নগাঁৱৰ ৰহঢলাৰ পুতৰি বিলত অব্যাহত পক্ষী নিধন যজ্ঞ

চিকাৰীৰ আকাশী জালত বন্দী হৈছে জাকে জাকে পৰিভ্ৰমী চৰাই

nagaon 1 1

Bird slaughter in Putari Beach:

পাখি আৰু মাংসৰ বাবে ৰাজ্যত অব্যাহত আছে পক্ষী নিধন যজ্ঞ । বনৰীয়া বা পৰিভ্ৰমী পক্ষীক লৈ গঢ়ি উঠা চোৰাং বজাৰখনৰ বাবেই এতিয়া অবাধ গতিত হত্যা কৰা হয় বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাই । চোৰাং চিকাৰীয়ে আকাশী জাল বা ফান্দ পাতি গোপনে ধৰি আহিছে এই বিনন্দীয়া চৰাইসমূহ । নগাঁও জিলাৰ গোঁসাইবৰি ডাকঘৰৰ এলেকাধীন ৰহঢলা গাঁৱতো বৰ্তমানেও অব্যাহত আছে বন্য বিহংগ নিধনৰ প্ৰক্ৰিয়া ।

ৰহঢলাৰ বিখ্যাত আৰু বিশাল পুতৰি বিলত অঞ্চলৰ একাংশ চোৰাং চিকাৰীয়ে আকাশী জাল পাতি জাকে জাকে কৰায়ত্ত কৰি আহিছে বনৰীয়া চৰাই । হাতীচোং, জাগিয়াল আৰু ৰহা মৌজাক সামৰি থকা পুতৰি থল বা পুতৰি বিলত চিকাৰীয়ে পাতি থোৱা আকাশী জালত নিতৌ বন্দী হয় শৰালি, বনৰীয়া ৰাজহাঁহ আৰু নেজাল হাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী । জালত বন্দী হোৱা এই পক্ষীসমূহ ধল পুৱাতেই চোৰাং চিকাৰীয়ে কৰায়ত্ত কৰি লৈ যায় চোৰাং বজাৰলৈ ।

জন সমাগমৰ আঁৰত আৰু আছুতীয়া ঠাইত গঢ়ি উঠা এই বজাৰত প্ৰতিযোৰ শৰালি ৮০০ ৰ পৰা ১০০০, প্ৰতিযোৰ ৰাজহাঁহ ১২০০ ৰ ১৫০০ টকাৰ দৰত বিক্ৰী হোৱাৰো তথ্য পোৱা গৈছে । ইয়াৰোপৰি একাংশ চোৰাং চিকাৰীয়ে তেওঁলোকৰ ঘৰৰ পৰাই এই অবৈধ বজাৰ চলাই থকাৰ বিষয়েও জানিব পৰা গৈছে । পুতৰি বিলৰ দাঁতি কাষৰীয়া একাংশ গাঁৱত এই বনৰীয়া চৰাইৰ ভজা মাংসৰ জুতি লৈয়ে এচামে নিশা বিশেষ পানীয় পান কৰি নিচাগ্ৰস্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

ৰহঢলা অঞ্চলৰ একাংশ প্ৰকৃতিপ্ৰেমীয়ে বনৰীয়া পক্ষীকূলৰ সংৰক্ষণৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে যদিও সেয়া সকলো বৰ্তমান অসাৰ প্ৰতিপন্ন হৈছে । বনবিভাগে যদি শীঘ্ৰেই এই দুষ্কাৰ্য ৰোধ নকৰে তেন্তে পুতৰি বিলৰ ঐতিহ্য আৰু শোভা বিলীন হ’বলৈ আৰু বেছি পৰ নালাগিব । উল্লেখ্য যে, বিগত প্ৰায় অৰ্ধ শতিকা ধৰি শীতকালছোৱাত এই বিলত বিচৰণ কৰি আহিছে শৰালি, কাম, ৰাজহাঁহ, পানী কাউৰী আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ বন্য বিহংগই ।

এক কথাত ক’বলৈ দূৰ-দূৰণিৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰ এক অন্যতম জিৰণিৰ স্থল এই পুতৰি বিল । কিন্তু এতিয়া চোৰাং চিকাৰীৰ দৌৰাত্ম্যত এই স্থান এতিয়া বন্য বিহংগৰ মৃত্যু উপত্যকালৈ পৰ্যবসিত হৈছে । পুতৰি বিলত বনৰীয়া চৰাইৰ পাৰভঙা আনন্দৰ কিৰিলিৰ পৰিৱৰ্তে বৰ্তমান শুনা যায় সিবোৰৰ আৰ্তনাদ আৰু সংশয়ৰ বিননি ।

Exit mobile version