Number Of Marriages in China has declined:
চীনত যুৱ প্ৰজন্মৰ মাজত বিবাহৰ প্ৰতি আকর্ষণ হ্ৰাস পাইছে। বিয়া কৰাই সংসাৰ গঢ়াৰ প্ৰতি দেশৰ যুৱ প্ৰজন্ম আগ্রহী নোহোৱাত চিন্তিত হৈছে জি জিনপিঙৰ চৰকাৰ। তথ্য অনুসৰি, ২০২৪ বৰ্ষত চীনত বিবাহৰ সংখ্যা ২০ শতাংশ হ্রাস পালে। চীনৰ ইতিহাসত এয়ে প্ৰথমবাৰৰ বাবে এটা বৰ্ষত সম্পন্ন হোৱা বিবাহৰ সংখ্যা সর্বনিম্ন হ’ল।
চীন চৰকাৰে যুৱ প্ৰজন্মক বিবাহ আৰু সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই বিষয়ত সফল হ’ব পৰা নাই। ফলত চীনৰ জনসংখ্যা দ্রুতগতিত হ্ৰাস পাইছে। চীনৰ নাগৰিক বিষয়ক মন্ত্রণালয়ৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০২৪ বৰ্ষত দেশখনত মাত্র ৬১ লাখ দম্পতীয়ে বিবাহৰ পঞ্জীয়ন কৰাইছিল।
২০২৩ত দেশখনত বিবাহ পঞ্জীয়ন কৰোৱা দম্পতীৰ সংখ্যা আছিল ৭৬.৮ লাখ। চীনৰ পুৰুষ আৰু মহিলা উভয়ৰে মাজতে বিবাহৰ প্ৰতি আকর্ষণ হ্ৰাস পোৱা বুলি একাধিক অধ্যয়নত দাবী কৰা হৈছে। সম্প্ৰতি দেশখনত বিবাহ হ্ৰাস পোৱাৰ লগতে জন্মৰ হাৰো হ্ৰাস পাইছে আৰু একে সময়তে চীনত বয়স্ক নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে।