বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগ এজন অভিযন্তাৰ বিৰুদ্ধে ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিত ব্যাপক বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে পলায়ন জাকিৰ হুছেইন নামৰ অভিযন্তাজন ৷
আনহাতে বিধায়কৰ পুঁজিৰ ডেৰ কোটি টকা আত্মসাতৰ গুৰুতৰ অভিযোগ উদ্থাপন কৰিছে স্বয়ং দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দেক আহমেদে ৷ ইতিমধ্যে বিধায়ক গৰাকীয়ে ওপৰ নিলামবজাৰ থানাত অভিযন্তা জাকিৰ হুছেইনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷ এনেক্ষেত্ৰত আৰক্ষীৰ ক্ষীপ্ৰ তদন্ততহে সমস্ত কেলেংকাৰী পোহৰলৈ আহিব ৷