বিলাসীপাৰাতঅধিবক্তাৰ মৃত্যু।
ADVERTISEMENT
অধিবক্তা সুজিৎ কুমাৰ সাহা ওৰফে টিংকুৰ মৃত্যুত সমগ্ৰ বিলাসীপাৰাত শোকাকুল পৰিৱেশ সৃষ্টি হৈছে।
৫৪ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশা ত্যাগ কৰে বিলাসীপাৰাৰ জেষ্ঠ অধিবক্তা গৰাকীয়ে।
অধিবক্তা গৰাকী অসম গণ পৰিষদ দলৰ আইনী উপদেষ্টা সহ বিলাসীপাৰা প্ৰেছ ক্লাৱৰ উপদেষ্টাকে ধৰি বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল।
অধিবক্তা গৰাকী এজন শিল্পীও আছিলে। মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা আৰু এজন ল’ৰা সন্তানক ইহসংসাৰত এৰি থৈ যায় অধিবক্তা গৰাকীয়ে।
আজি বিলাসীপাৰাত তেখেতৰ নশ্বৰদেহত বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।