Bir Chilarai Divas:
আজি কোচ ৰাজবংশী সাহিত্য সভা, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্দ্যোগত প্ৰথমবাৰৰ বাবে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জন্ম জয়ন্তী প্ৰায় দুই শতাধিক শ্ৰোতা তথা অনুৰাগীৰ উপস্থিতিত দিনযোৰা কাৰ্যসুচীৰে পালন কৰা হয় ৷ পতাকা উত্তোলন কৰে সভাপতি আশুতোষ বৰ্মনে। বন্তি প্ৰজ্জলন তথা স্মৃতি চাৰণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° অনুপম কুমাৰ ৰায়। আদৰণি গীত পৰিৱেশন তথা নৃত্য প্ৰদৰ্শন কৰে মহিলা শক্তি দলে ৷ সভাখন আঁত ধৰে ৰমেন দাসে ৷ লগতে প্ৰাক্তন সভাপতি ৰবেন্দ্ৰ বৰ্মনৰ চমু ভাষণ তথা ডা° নৱকুমাৰ দাসে লিখা ‘বিশ্বমহাবীৰ চিলাৰায়’ কবিতাটি পাঠ কৰে ৷