Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pragjyotishpur Literature Festival:বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হ’ল প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪

publisher by publisher
December 14, 2024
in Assam, India, News
Reading Time: 5 mins read
0
Pragjyotishpur Literature Festival:বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হ’ল প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Asom sahitya Sabha:অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি

Srimanta Sankaedev Kalakhetra:নিজৰ মাতৃৰ নামত একোটিকৈ ৰোপণ কৰক গছপুলি:মুখ্যমন্ত্ৰী

Provision Of Retirement Assistance To 2,600 Anganwadi Workers-helpers:শংকৰদেৱ কলাক্ষেত্ৰত সমাজ কল্যাণ বিভাগৰ বিশেষ অনুষ্ঠান

সাহিত্য-সংস্কৃতিৰ এলানি বৰ্ণিল কাৰ্যসূচী সন্মুখত ৰাখি আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হ’ল প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪ ৷ শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে অহা ১৫ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা সাহিত্যৰ এই মনোৰম উৎসৱ উদ্বোধন কৰি যশস্বী নিবন্ধকাৰ-গৱেষক স্বামীনাথন গুৰুমূৰ্তিয়ে কয়,“চিন্তাৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণ বিষয় ৷ সাহিত্যই এই স্বাধীনতা প্ৰদান কৰে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চল বৃহৎ ভাৰতবৰ্ষৰ এক উজ্বল প্ৰতিফলন ৷ কিন্তু দীঘলীয়া সময়জুৰি এই অঞ্চলৰ প্ৰতি চৰকাৰৰ কোনো আগ্ৰহ পৰিলক্ষিত হোৱা নাছিল ৷

ADVERTISEMENT

এতিয়া সময় সলনি হৈছে ৷ অসম তথা উত্তৰ -পূৰ্বাঞ্চল এতিয়া ভাৰতৰ এক বৃহৎ শক্তি ৷ দেশৰ অৰ্থব্যৱস্থা, ৰাজনীতি, প্ৰযুক্তি, ভাষা-সাহিত্য সকলো ক্ষেত্ৰতে এই বৃহত্তৰ অঞ্চলে আগবঢ়াইছে অতুল্য অৱদান ৷ অৰ্থনীতিৰ পৰা সামাজিক পৰিকাঠামোলৈ সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি বাণিজ্যিক আত্মসংস্থাপন মনকৰিবলগীয়া ৷ শিক্ষিত আৰু দীক্ষিতসকলে এই পথেৰে কৰ্মৰ বিশাল ক্ষেত্ৰ গঢ়ি তুলিবলৈ আগবাঢ়িছে ৷ এয়া নতুন ভাৰতবৰ্ষৰ পৰিচয় ৷ সামাজিক পুঁজি গঠন প্ৰক্ৰিয়াই নতুন আশাৰ বাট দেখুৱাইছে ৷’

তেওঁ লগতে কয় যে পূৰ্বতে ভাৰতৰ আৰ্থ-সামাজিক ব্যৱস্থা স্থবিৰ হৈ থকাৰ কাৰণ হিচাপে এচামে পৰিকল্পিতভাৱে আমাৰ সংস্কৃতি-পৰম্পৰা-দৰ্শনক দোষাৰোপ কৰিছিল ৷ কিন্তু এতিয়া এই কথা প্ৰতিপন্ন হৈছে যে সংস্কৃতি-পৰম্পৰা-দৰ্শনেহে সামগ্ৰিক বিকাশ সাধন কৰিব পাৰে ৷ আজিৰ ভাৰতবৰ্ষই এয়া প্ৰমান কৰি দেখুৱাইছে ৷ তেওঁৰ অন্য এক তাৎপৰ্যপূৰ্ণ মন্তব্য“মানুহ প্ৰকৃতিত বাস কৰে ৷ প্ৰকৃতিৰ নিয়মমতেই মানুহ পৰিচালিত হয় ৷ প্ৰকৃতিয়ে বিচৰা ধৰণেই মানুহে কাম কৰে ৷ শিক্ষা-সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে এই কথা প্ৰযোজ্য ৷ অধিকাৰৰ সংঘাতে ধ্বংস কৰে কিন্তু কৰ্তব্যই গঢ়ি তোলে ৷ সাহিত্য-সংস্কৃতিয়ে সামূহিকতা বা ঐক্য আৰু মানুহ-সামজ-দেশৰ প্ৰতি কৰ্তব্য দেখুৱাই দিয়ে ৷ ভাৰতীয় সভ্যতা এই দৰ্শনৰ আধাৰতে গঢ়ি উঠিছে ৷

অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট সাহিত্যিক, ড° মালিনী গোস্বামীয়ে ৷ তেওঁ কয় যে এই সাহিত্য উৎসৱ এক মহৎ পদক্ষেপ ৷ মানৱ সভ্যতাৰ বিৱৰ্তন আৰু উত্তৰণত সাহিত্য-সংস্কৃতিৰ ভূমিকা আপৰিসীম ৷ সাহিত্য-সংস্কৃতি হৈছে সমাজ-সভ্যতাৰ দাপোণ ৷ প্ৰাগজ্যোতিষপুৰ নাইবা প্ৰচীন কামৰূপৰ সাহিত্যৰ ইতিহাস অতি উচ্চমানৰ ৷ সেই ঐতিহাসিক ভেটিতে আধুনিক ভাষা-সাহিত্যৰ নিৰ্মাণ হৈছে ৷ কুমাৰ ভাস্কৰ বৰ্মন, পৰ্যটক হিউৱেনচাঙৰ বিষয়ে পঢ়িলেই ইয়াৰ প্ৰমাণ পাব পাৰি ৷ পৰৱৰ্তী পৰ্যায়ৰ আহোমৰ ৰজত্বকালতো ভাষা-সাহিত্য আৰু ইতিহাস চৰ্চা অতি উন্নতমানৰ ৷ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ সময়ৰ চহকী সাহিত্যই অসমীয়া ভাষা-সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰিছে ৷

সেই তাহানিৰে পৰা এতিয়ালৈ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ নিৰৱধি গতি ধাৰাই আমাক গৌৰৱান্বিত কৰিছে ৷ অসমীয়া সাহিত্যই সামগ্ৰিকভাৱে ভাৰতীয় সাহিত্যক সমৃদ্ধ কৰিছে ৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱেও ইয়াকে প্ৰতিনিধিত্ব কৰিব ৷ ইয়াত আদৰণি ভাষণ আগবঢ়ায় শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ সভাপতি, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ৷ তেওঁ কয় যে সাহিত্য হৈছে ঐক্য নিৰ্মাণৰ পথ ৷ সাহিত্যই পৃথক কৰাৰ পৰিৱৰ্তে সমাজৰ সমন্বয় সাধন কৰে ৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ উদ্দেশ্যও এয়াই ৷ অসম মহাবীৰ লাচিত বৰফুকনৰ মাতৃভূমি; যিগৰাকী মহাবীৰে আক্ৰমণকাৰী মোগলক পৰভূত কৰি অসমৰ নাম চিৰকালৰ বাবে বুৰঞ্জীত উজলাইছে ৷

নতুন প্ৰজন্মক সকলো ক্ষেত্ৰতে সঠিক পথৰ নিৰ্দেশনা দিব পৰা আৰু নেতৃত্ব বহন কৰিব পৰা এনে নেতাৰ প্ৰয়োজন ৷ অসমৰ সাহিত্যৰো সমৃদ্ধ ইতিহাস আছে ৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে এই ইতিহাস প্ৰতিফলিত কৰাৰ লগতে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব ৷ উদ্বোধনী অনুষ্ঠানৰ সামৰণি ভাষণ আবঢ়ায় আয়োজক সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক তৰেন বড়োৱে ৷ তেওঁ কয়,“ তিনিদিনীয়া এই সাহিত্য উৎসৱে নতুন প্ৰজন্মক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰিছোঁ ৷ কাৰণ ইয়াত যিবোৰ কাৰ্যক্ৰমণিকা ৰখা হৈছে সেয়া আনুষ্ঠানিক শিক্ষাৰ সৈতেও সংপৃক্ত হৈ আছে ৷ সাহিত্য-সংস্কৃতিয়ে বিদ্যায়তনিক উত্তৰণতো সহায় কৰে ৷ ধৰ্ম কিম্বা ৰাজনীতিয়ে নহয়, সাহিত্য-সংস্কৃতিয়েহে জাতি আৰু সমাজক ঐক্যৱদ্ধ কৰিব পাৰে ৷” তেওঁ আগন্তুক দুদিনৰ কাৰ্যসূচীও সাফল্যমণ্ডিত কৰাৰ বাবে সকলো পক্ষকে অনুৰোধ জনায় ৷

বিশিষ্ট শাস্ত্ৰীয় সংগীতশিল্পী বিদ্যাসাগৰে পৰিৱেশন কৰা এটি বৰগীতে উদ্বোধনী অনুষ্ঠানটিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে ৷ উদ্বোধনী সভাত অংশগ্ৰহণ কৰে প্ৰাজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এছ কে সিন্‌হা, সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিশিষ্ট স্তম্ভ লেখক জে সাই দীপক, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আণৱিক চিকিৎসা বিকাশ কেন্দ্ৰৰ অধ্যাপক, প্ৰখ্যাত লেখক ড° আনন্দ ৰংগনাথনে ৷ উদ্বোধনী সভাৰ পাছত “সংবিধান আৰু সভ্যতা” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিশিষ্ট স্তম্ভ লেখক জে সাই দীপকে ৷ তেওঁ কয়,“কেৱল সমূহীয়া ভাষা আৰু সংস্কৃতিয়ে দেশ বা জাতিক সুৰক্ষিত কৰিব নোৱাৰে ৷ কাশ্মীৰ আৰু বাংলাদেশ ইয়াৰ জলন্ত উদাহৰণ ৷” তেওঁ বিষয় প্ৰসংগত কয় যে এটা বিশাল পৰিচয়ৰ মাজত নিজৰ আঞ্চলিক পৰিচয় কেনেদৰে বৰ্তি থাকিব ? ভাৰতৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ উত্তৰ-পূৰ্বাঞ্চল বা অন্যান্য প্ৰান্তৰো নিজা নিজা ভাষা-সংস্কৃতি আছে ৷

সেয়ে ভাৰতীয় জাতিৰ সংজ্ঞাতকৈ ভাৰতীয় সভ্যতাৰ সংজ্ঞাইহে সকলোকে একত্ৰিত কৰি ৰাখিব পাৰে ৷ কাৰণ সকলোৰে বিচিত্ৰ ভাষা-সংস্কৃতিক লৈ এটা সভ্যতা নিশ্চিতভাৱে গঢ়ি উঠিব পাৰে ৷ এই প্ৰক্ৰিয়াত সকলোৰে নিজস্ব পৰিচয় বৰ্তি থকাৰ পাছতো এটা বিশাল সামূহিক পৰিচয়ে সকলোৰে মাজত ঐক্য সাধন কৰিব পাৰে ৷ কেৱল সংবিধানে এটা জাতি গঠন কৰিব নোৱাৰে, সভ্যতাই কিন্তু এই ধাৰণাক সাকাৰ কৰিব পাৰে ৷ সম্প্ৰদায় বা ভাষাৰ ভিত্তিত বিভাজন কৰাৰ বিপৰীতে ঐক্য সাধন কৰাৰ ব্যৱস্থাটোৱে হৈছে সভ্যতাৰ নিৰ্মাণ ৷ তেওঁ পুনৰ কয়,“ঐশ্বৰিক ধাৰণা এটায়ো বিশাল ভাৰতক একত্ৰিত কৰি ৰাখিছে ৷ বহু ভাষা, ভিন্ন দৰ্শন , বিভিন্ন সংস্কৃতিৰ মাজতো এই ধাৰণা বা বিশ্বাস ভাৰতীয় ঐক্যৰ এক লক্ষণীয় কাৰণ ৷ হাইব্ৰিড বুৰঞ্জী নহয়, প্ৰকৃত মাটিৰ বুৰঞ্জী পঢ়া বা শুনা উচিত ৷

ভাৰতবৰ্ষৰ সভ্যতা অন্ততঃপক্ষে ৫ হাজাৰ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ ৷ গতিকে মেক্স মূলাৰে লিখা কথা মানি ল’ব পৰা নাযায় ৷ সংবিধান ভণ্ডামিৰ আধাৰ হোৱা অনুচিত ৷ সকলো বিষয় সমান গুৰুত্বৰে আলোচিত হোৱা উচিত ৷ ইয়াৰ শুভাৰম্ভণি হোৱা বুলি ক’ব পাৰি ৷”এই অনুষ্ঠানৰ আঁত ধৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, অধ্যাপক যোগেশ কাকতিয়ে ৷ ইয়াৰ পাছত “ট্ৰেডমিলৰ পৰা ট্ৰেভেলেটৰলৈঃ ২০৪৭ৰ দিশত ভাৰত” শীৰ্ষক আলোচনা সত্ৰত ভাষণ আগবঢ়ায় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আণৱিক চিকিৎসা বিকাশ কেন্দ্ৰৰ অধ্যাপক, প্ৰখ্যাত লেখক ড° আনন্দ ৰংগনাথনে ৷ তেওঁ কয়—“দেশত পাঁচ কোটি গোচৰ পৰি আছে ৷ ন্যায়ালয়ত ন্যায়াধীশৰ বহু আসন খালী হৈ আছে ৷

ন্যায় ব্যৱস্থাতো অনীতি হোৱাৰ অভিযোগ উত্থাপিত হয় ৷ এনে অৱস্থাত বিকাশ বা সফলতা কেনেদৰে আহিব ? তেওঁ কয় যে ইয়াৰ মাজতো বিকাশ নোহোৱাকৈ থকা নাই ৷ স্বাধীনতাৰ সময়ত গড় আয়ূস আছিল ৩২ বছৰ এতিয়া ৭৬ বছৰ ৷ ১৯৪৭ চনত শিশুৰ মৃত্যুৰ হাৰ বহু আছিল ৷ এতিয়া বহুত কমিল ৷ অৰ্থ ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনি সকলোতে এনে কৃতকাৰ্যতা পৰিলক্ষিত হৈছে ৷ তথাপি প্ৰশ্নবোৰ হৈছে এতিয়াও কিয় দেশত বিদ্যালয় নেদেখা শিশু আছে, কিয় প্ৰতিটো শিশুৱে প্ৰতিষেধক নাপায়, কিয় যুৱ কৰদাতাৰ পৰিসংখ্যা কম ? এইখিনিতে ৰাষ্ট্ৰৰ পৰিকল্পনাৰ বিষয়টো আহি পৰে ৷ ভাৰতৰ কৰ্মশক্তি ৬০০ মিলিয়ন ৷ এই কৰ্মশক্তিক সঠিক পথত ব্যৱহাৰ কৰিব পাৰিব লাগিব ৷ ১৪% কৃষিভূমি বিনষ্ট হৈছে , ৩৫% কৃষিভূমি বৰষুণৰ ওপৰত নিৰ্ভৰশীল ৷

অথচ কোনো অঞ্চলত বান অৰ্থাৎ অতিৰিক্ত পানীয়ে দুৰ্যোগ সংঘটিত কৰে ৷ এই পানী মৰু সদৃশ অঞ্চললৈ কেতিয়া বোৱাই নিয়া হ’ব ? বিষয় প্ৰসংগত তেওঁ এইদৰেও কয় যে তথাপি ইয়াৰ মাজতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কাৰ কৰাৰ সাধনা অব্যাহত ৰাখিছে ৷ উত্থাপিত প্ৰশ্নসমূহৰ উত্তৰ বা সমাধান সূত্ৰ উলিয়াবলৈ প্ৰয়াস কৰিছে ৷ সামাজিক স্বাস্থ্য সুৰক্ষিত হ’লেহে সকলো সম্ভৱ ৷ সাহিত্য সমাজৰ পৰা বিচ্ছিন্ন নহয় ৷ এই কথা আমি পদে পদে মনত ৰাখিব লাগিব ৷ দেশে স্বাধীনতা অৰ্জনৰ এশ বছৰ পূৰ্ণ হ’বলৈ অৰ্থাৎ ২০৪৭লৈ বেছিদিন নাই ৷এই সত্ৰখনত আঁত ধৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪ৰ উপ-সভাপতি, বিশিষ্ট সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই ৷ ইয়াৰ পাছতে অনুষ্ঠিত হয় অন্য এখন বক্তৃতা সত্ৰ ৷ ইয়াত “ইতিহাস আৰু পুনৰীক্ষণৰ গুৰত্ব” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি অগ্ৰণী অৰ্থনীতিবিদ,জনপ্ৰিয় ইতিহাসবিদ সঞ্জীৱ সান্যালে কয়, ভাৰতবৰ্ষৰ বুৰঞ্জীলৈ গভীৰভাৱে দৃষ্টিপাত কৰিলে গম পোৱা যায় কাৰোবাক নায়ক কৰাৰ বাবে প্ৰকৃত কথা পোহৰলৈ নাহিল ৷ ঔপনিৱেশিক শাসনৰ সময়ত ৰচনা কৰা বুৰঞ্জীত ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতা কৰবাত চেপা খাই থাকিল ৷বহু ঐতিহ্যও সেই সময়ত ধ্বংস কৰা হ’ল ৷

তেওঁ লগতে কয় যে ব্ৰিটিছে তেওঁলোকৰ কামত ন্যাযতা প্ৰদান কৰিও ইতিহাস ৰচনা কৰিছিল ৷ অত্যাচাৰী ব্ৰিটিছ বিষয়াৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি এয়া জাতীয় স্মাৰক হিচাপে গন্য কৰা হৈছিল ৷ জন নিকলছনৰ প্ৰতিমূৰ্তি এনে কাণ্ডৰে প্ৰমাণ আছিল ৷ আমাৰ দেশ শোষণ কৰিবলৈ আহি তেওঁলোকে হেজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ ইতিহাস বিনষ্ট কৰিছিল ৷ ব্ৰিটিছে ভাৰতক মোগলৰ পৰাহে কাঢ়ি লৈছিল ৷ কিন্তু মোগলসকল ভাৰতৰ খিলঞ্জীয়া নহয় ৷ কিন্তু ব্ৰিটিছে মোগলৰ পৰা কাঢ়ি লোৱাৰ সময়ৰ পৰাই ভাৰতৰ বুৰঞ্জী আৰম্ভ কৰে ৷ ফলত আমাৰ পাঁচ হাজাৰ বছৰীয়া সভ্যতাৰ বুৰঞ্জী আনকি শিক্ষা ব্যৱস্থাৰ এটা বিষয় হোৱাৰ পৰাও বাদ পৰিছিল ৷ উদাহৰণ স্বৰূপে অসমৰে মহাৰজা পৃথুৰ কথা পোহৰলৈ অহাই নাছিল ৷ অথচ তেওঁ আক্ৰমণকাৰী বখতিয়াৰ খিলিজীক পৰাভূত কৰিছিল ৷ তেন্তে এই কথা বুৰঞ্জীৰ পাতৰ পৰা কিয় হেৰাই থাকিল ? আনকি মহাবীৰ লাচিত বৰফুকনৰ বিষয়েও সৌ সিদিনালৈ বৰ বেছি চৰ্চা হোৱা নাছিল ৷ ইয়াৰ কাৰণ হৈছে সেই বুৰঞ্জী সঠিকভাৱে ৰচনা কৰা হোৱা নাছিল ৷

সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এনে বহু উদাহৰণ পোৱা যায় ৷ সেয়ে বুৰঞ্জীৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে ৷ অৱশ্যে পশ্চিমীয়া ইতিহাসবিদে এতিয়া স্বীকাৰ কৰিছে যে ভাৰতৰ বুৰঞ্জী এসময়ত শুদ্ধকৈ লিখা হোৱা নাছিল ৷ কিন্তু সম্প্ৰতি এই লৈ সৃষ্টি হোৱা নতুন বাক্‌ধাৰাক তেওঁলোকে আদৰণি জনাইছে ৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত এই বিষয়ক লৈ আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো এক সুন্দৰ আৰু আশাব্যঞ্জক পদক্ষেপ ৷ এই অনুষ্ঠানৰ আঁত ধৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ৰ উপ-সভাপতি নয়ন ভট্টাচাৰ্যই ৷ সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত হীৰকজ্যোতি শৰ্মাৰ টোকাৰী গীত আৰু অন্যান্য কাৰ্যক্ৰমণিকাই সকলোকে আপ্লুত কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Lt General Rtd. Ranapratap KalitaPragjyotishpur Literature FestivalSri Manta Sankardev Kalakhetra
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d