HS Final Examination will start tomorrow: কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা

hs

HS Final Examination will start tomorrow:

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা ৷ ৰাজ্যৰ মুঠ ৮৫৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই চূড়ান্ত পৰীক্ষা ৷ ইতিমধ্যে প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

উল্লেখ্য যে চলিতবৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩,০৬,৯২৫ গৰাকী পৰীক্ষাৰ্থী ৷ ইয়াৰে ছাত্ৰৰ সংখ্যা ১,৪৪,৫০২ জনৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা ১,৬২,৫২৩ গৰাকী ৷

আনহাতে কলা শাখাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ২,৩০,০৯১ গৰাকী ৷ইয়াৰে ছাত্ৰৰ সংখ্যা ৯০,১৪৬ জনৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা ১,৩১,৯৪৫ গৰাকী।

বিজ্ঞান শাখাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা ৫৭,৭২৪ গৰাকী ৷ ইয়াৰে ছাত্ৰীৰ সংখ্যা ৩২,৯৭৭ জন আৰু ছাত্রীৰ ২৪,৭৪৭ গৰাকী ৷

আনহাতে বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৭,৮৬৯ শিক্ষার্থী৷ ইয়াৰে ছাত্ৰৰ সংখ্যা ১২,৫৫৩ জন আৰু ছাত্রীৰ ৫,৩৬৬ গৰাকী৷ আনহাতে কাৰিকৰী শাখাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ১,২৪১ গৰাকী ৷

Exit mobile version