Adani Project:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘বন্ধু’ গৌতম আদানীক সুবিধা প্ৰদান কৰাৰ নতুন অভিযোগ। আদানি গ্ৰুপে পাকিস্তান সীমান্তৰ ওচৰত সৌৰ আৰু বায়ু শক্তি প্ৰকল্প হাতত লৈছে। অভিযোগ অনুসৰি ,সীমান্তৰ ওচৰৰ এক সংবেদনশীল অঞ্চল হোৱা স্বত্বেও প্ৰকল্পটোৰ বাবে সুৰক্ষা নিয়ম শিথিল কৰা হৈছে। এখন বিদেশী বাতৰি কাকতত বাতৰিটোৰ প্ৰকাশ হোৱাৰ পাছতে সৰব হৈ পৰিছে কংগ্ৰেছ ।
গুজৰাটৰ কুচ্চৰ পাকিস্তান সীমান্তৰ পৰা একৰ পৰা দুই কিলোমিটাৰ দূৰত্বত এই অঞ্চল। বিদেশী বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি, আদানি গ্ৰুপে বায়ু শক্তি কল আৰু সৌৰ শক্তি উৎপাদন পেনেল স্থাপনৰ বাবে ৪৪৫ বৰ্গ কিলোমিটাৰ ভূমি লাভ কৰিছে।
অৱশ্যে গুজৰাট চৰকাৰে সৌৰ আৰু বায়ু শক্তি নিৰ্মাণৰ বাবে ৰাজ্যিক মালিকানাধীন সৌৰ শক্তি নিগমক ভূমি আৱণ্টন কৰে। ইয়াৰ বাবে সংবেদনশীল ক্ষেত্ৰত কেবাটাও নিয়ম সলনি কৰা হৈছে। এতিয়া অভিযোগ উত্থাপন হৈছে যে সৌৰ শক্তি নিগমে কেন্দ্ৰৰ নিৰ্দেশত মাটিখিনি গুজৰাট চৰকাৰক ঘূৰাই দিয়ে। তাৰ পাছত ইয়াক আদানীৰ হাতত গতাই দিয়া হৈছে।কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই এই বিষয়টোক লৈ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে।
তেঁওৰ মন্তব্য ,দেশৰ সকলো সম্পত্তি প্ৰধানমন্ত্ৰীৰ বন্ধুক হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া ইমান শিখৰত উপনীত হৈছে যে সীমান্তৰ নিৰাপত্তা নিয়মো সলনি কৰা হৈছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও সীমান্তৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। এতিয়ালৈকে বিজেপিৰ পৰা কোনো সঁহাৰি পোৱা নাই।






























