Cyber attack:
২০২৪ বৰ্ষত ভাৰতত ৱেব আধাৰিত চাইবাৰ বিপদৰ সন্মুখীন হৈছিল কোটি কোটি লোক। এক নতুন প্রতিবেদনৰ তথ্য অনুসৰি, প্ৰতি তিনিজন ভাৰতীয় ইণ্টাৰনেট উপভোক্তাৰ এজনে যোৱা বছৰত চাইবাৰ এটেকৰ সন্মুখীন হৈছিল।
ADVERTISEMENT
গোলকীয় চাইবাৰ সুৰক্ষা সংস্থা কেম্পাৰস্কাইৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, জানুৱাৰী-ডিচেম্বৰ ২০২৪ত ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ কম্পিউটাৰত মুঠ ৪,৪৩,৭২,৮২৩ ইণ্টাৰনেটজনিত চাইবাৰ বিপদৰ প্ৰমাণ লাভ কৰা হৈছিল।
অৱশ্যে ২০২৩ৰ তুলনাত ২০২৪ত ভাৰতত চাইবাৰ এটেকৰ সংখ্যা যথেষ্ট হ্রাস পালে। ২০২৩৩ দেশত ৬,২৫,৭৪,৫৪৬ টা ইণ্টাৰনেটজনিত চাইবাৰ এটেকৰ ঘটনা সংঘটিত হৈছিল।