PM Narendra Modi:
দুদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিমানবন্দৰত তেওঁক ৰাজকীয় আদৰণি জনোৱা হয়। আজি তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স’তে সাক্ষাৎ কৰিব। তথ্য অনুসৰি সভাখন লাইভ-ষ্ট্ৰীম কৰা হ’ব। বিশ্বই দুয়োখন ৰাষ্ট্ৰপ্ৰধানৰ মাজত হোৱা এই বৈঠকৰ বাবে অপেক্ষা কৰি আছে। দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ উভতি অহাৰ পাছত ‘বন্ধু’ মোডীৰ স’তে ট্ৰাম্পৰ এইটো প্ৰথম বৈঠক হ’ব।
ফ্ৰান্স ভ্ৰমণ কৰি বুধবাৰে আমেৰিকালৈ ৰাওনা হয় মোডী। স্থানীয় সময় অনুসৰি প্ৰায় মাজনিশা তেওঁৰ বিমানখন ৱাশ্বিংটন ডি চি বিমানবন্দৰত অৱতৰণ কৰে। তাত তেওঁক আদৰণি জনায় আমেৰিকাৰ বিষয়া তথা আমেৰিকাত। এই ভ্ৰমণৰ সময়ত ব্লেয়াৰ হাউচত থাকিব মোডী। যিখন বিশ্বৰ অন্যতম বিলাসী হোটেল হিচাপে পৰিচিত। বিগত সময়ত বহু ৰাষ্ট্ৰপতি ইয়াত থাকি গৈছে।
আমেৰিকাত উপস্থিত হোৱাৰ পাছত মোডীয়ে এক্স-হেণ্ডেলত লিখিছে, ” কিছুসময়ৰ আগতে ৱাশ্বিংটনত অৱতৰণ কৰিলোঁ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স’তে হোৱা বৈঠকৰ বাবে মই আগ্ৰহী। এই ভ্ৰমণৰ সময়ত ভাৰত-আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় আৰু কূটনৈতিক বুজাবুজি শক্তিশালী কৰা হ’ব।”উল্লেখ্য যে,ট্ৰাম্পেও তেওঁৰ বন্ধুক লগ কৰিবলৈ বাট চাই আছে।