Ganeshguri Incident:
মহানগৰীত চাঞ্চল্যকৰ ঘটনা ৷ সদাব্যস্ত গনেশগুৰিত শুক্ৰবাৰে দিন দুপৰতে ফুলৰ বিক্ৰেতাক চুৰিকাঘাত এজন যুৱকৰ ৷ শংকৰ বৰৱা নামৰ যুৱকজনৰ চুৰিকাঘাতত তেজেৰে তুমৰলি হৈ পৰা ভূপেন বৰ্মনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় দিছপুৰ হাস্পতালত ৷
প্ৰাপ্ত খবৰ অনুসৰি গণেশগুৰিৰ বিশাল মাৰ্টৰ বিপৰীতে দিশে থকা লক্ষ্মীমন্দিৰ সন্মুখৰ পদপথৰ কাষত নিজ ভাতৃৰ স’তে দীৰ্ঘদিন ধৰি ফুলৰ দোকান দি আহিছিল ভূপেন বৰ্মন ৷ আনহাতে চুৰিৰে আক্ৰমণ কৰা শংকৰ বৰুৱা মহানগৰীৰে এখন নাছাৰ্ৰীৰ কৰ্মচাৰী ৷ ভূপেন বৰ্মন আৰু শংকৰ বৰুৱাৰ ঘৰ নলবাৰীত ৷
উদ্থাপিত অভিযোগ অনুসৰি ,শংকৰ বৰুৱাই কাম কৰা নাৰ্চাৰীৰ পৰা স্বতাধিকাৰীয়ে নজনাকৈ সংগোপনে বহুদিনৰ পৰা বিভিন্নজাতৰ ফুল চুৰি কৰি আনি বিক্ৰী কৰি আহিছিল গণেশগুৰি বিভিন্ন ফুলৰ বিক্ৰেতাক ৷ ঘটনাক্ৰমে এই কথা স্বত্বাধিকাৰীজনে গম পাই আজি চৰজমিন তদন্ত কৰিবলৈ আহিছিল গনেশগুৰিলৈ ৷
আনহাতে শংকৰ বৰুৱাই তেওঁৰ মালিকক ভূপেন বৰ্মনে লগাইছে বুলি সন্দেহ কৰি আজি দুপৰীয়াতে আহি উপস্থিত হয় গনেশগুৰিত ৷ আনদিনৰ দৰে নিজৰ ফুলৰ দোকানত ব্যস্ত হৈ থকা ভূপেন বৰ্মনক কোনো কথাৰ অৱতাৰণা নকৰাকৈ হাতত থকা চুৰিৰে আঘাত কৰে ৷ চুৰিকাঘাতৰ পিছতে হুৱাদুৱা লাগে গণেশগুৰিত ৷ স্থানীয় আন দোকানী সকলে লগে লগে কৰায়ত্ত কৰে শংকৰ বৰুৱাক ৷ পিছত কৰ্তব্যৰত যান-বাহন আৰক্ষী আৰু ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰ আৰক্ষীয়ে আটক কৰি লৈ যায় শংকৰক ৷