NE Guwahati Gramin Bharat Festival: নাবাৰ্ডৰ উদ্যোগত নৰ্থ-ইষ্ট গুৱাহাটী গ্ৰামীণ ভাৰত মহোৎসৱ
মহোৎসৱত মঞ্চায়ন কে’বাখনো পুতলা নাট
মহানগৰীৰ খানাপাৰাৰ ইন্দোৰ ষ্টেডিয়াম প্ৰাঙ্গণত নাবাৰ্ডৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থইষ্ট গুৱাহাটী ২০২৫ৰ অনুষ্ঠান। অহা ১৬ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই গ্ৰামীণ ভাৰত মহোৎসৱত “চাইবাৰৰ পৰা সাৱধানতা” বিষয়লৈ সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট পৰিবেশিত হয়।
নাবাৰ্ডৰ উদ্যোগত অনুষ্ঠিত “গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থ ইষ্ট গুৱাহাটী ২০২৫” ত উপস্থিত থকা শিক্ষাবিদ, শিল্পী, সাহিত্যিক, বেংক বিষয়া- কৰ্মচাৰী আৰু দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ বিনীতা দেবীৰ পৰিচালিত নাট সমূহৰ এটা বিশেষত্ব হল সমাজ ব্যবস্থাৰ লগত জৰিত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটক সমূহো পৰিৱেশিত কৰি আহিছে। তেখেতৰ পৰিচালনাৰ নাট সমূহ অসমৰ লোক কলাৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব।
ADVERTISEMENT