Aloe Vera সেউজীয়া নহয়, ৰূপচৰ্চাৰ জগতত জনপ্ৰিয় হৈ পৰিছে ৰঙা এল’ভেৰা !
জানেনে ইয়াত কি আছে?
কটা, পোৰা, ফটা, ছাল, চুলি – এই সকলোবোৰত এল’ভেৰাই যাদুৰ দৰে কাম কৰে ।
বহুলোকে এল’ভেৰা চুলি আৰু ছালত ব্যৱহাৰ কৰে । অৱশ্যে, ঘৰ বা ঘৰৰ চাৰিওফালে দেখা পোৱা বেছিভাগ এল’ভেৰা গছে সেউজীয়া ৰঙৰ হয়।
কিন্তু চৰ্মৰোগ বিশেষজ্ঞসকলে জনাই যে শেহতীয়াকৈ ৰঙা এলো ভেৰা সৌন্দৰ্য জগতত বহুত জনপ্ৰিয় হৈ পৰিছে।
কি আছে এই ৰঙা এল’ভেৰাত
১) ৰেড এলোভেৰা হৈছে ‘এন্থ’চাইনিন’ নামৰ উপাদানৰ ভঁৰাল। ই আচলতে এক প্ৰকাৰৰ এন্টি অক্সিডেন্ট, যিয়ে ছালৰ বাবে সুৰক্ষাক হিচাপে কাম কৰে। লগতে এণ্টি এজিং উপাদান হিচাপেও কাম কৰে।।
2) সাধাৰণ, সেউজীয়া এল’ভেৰাতকৈ এই প্ৰজাতিৰ পাতৰ পানী ধৰি ৰখাৰ ক্ষমতা বহু বেছি। গতিকে ই ছালত আৰ্দ্ৰতা ধৰি ৰখাত বিশেষভাৱে ভাল।
3) ৰঙা ৰঙৰ এল’ভেৰাত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন এ, চি, ই থাকে। এইবোৰে ছালত কোলাজেন উৎপাদনত সহায় কৰে। ই ছালৰ চাপও বজাই ৰাখে।
ৰঙা ৰঙৰ এল’ভেৰা কেনেদৰে প্ৰয়োগ কৰিব?
১) সৰু পাত্ৰ এটাত এল’ভেৰাৰ আৰু মৌৰ পৰিমাণ ভালদৰে মিহলাই লওক। এইবাৰ এই মিশ্ৰণ পোন্ধৰ মিনিটৰ বাবে মুখত লগাব। ইয়াৰ পাছত মুখখন ধুই দিব । ই ছাল উজ্বল কৰে ।
২) এল’ভেৰা , সামান্য দৈ আৰু অকমান হালধি ভালদৰে মিহলি কৰি লওক। যদি এই মিশ্ৰণটো মুখত ঘঁহে, ডাঠ দাগৰ সমস্যা, বলিৰেখা সহজে আঁতৰ হ’ব।
৩) এল’ভেৰা আৰু তিয়ঁহৰ ৰস মিৰ্শ্ৰণ কৰি পেক বনাই ল’ব। এই মিশ্ৰণটো সংবেদনশীল ছালৰ বাবে অতি ভাল । এই মিশ্ৰণে ছালৰ প্ৰদাহজনিত সমস্যাবোৰ নিৰাময় কৰাত সহায় কৰে ।