Bird Flu
অন্ধ্ৰপ্ৰদেশত বার্ড ফ্লু’ৰ আতংক ! চূড়ান্ত সতৰ্কবাণী জাৰি
অন্ধ্ৰপ্ৰদেশত বৃদ্ধি পাইছে বাৰ্ড ফ্লুৰ আশংকা । এই ভাইৰাছৰ সংক্ৰমণৰ বাবে ইখনৰ পাছত সিখন জিলাত চূড়ান্ত সতৰ্কবাণী জাৰি কৰা হৈছে।
প্ৰাথমিক তদন্তৰ অন্তত প্ৰশাসনে ৰাজ্যৰ সাত খন গাঁৱৰ কুকুৰা পামত এই সংক্ৰমণ বিয়পি পৰাৰ তথ্য লাভ কৰে।
ইয়াৰে পাঁচখনক ইতিমধ্যে চিনাক্ত কৰি সংক্ৰমণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি ইতিমধ্যে এলুৰু, এন টি আৰ, পশ্চিম গোদাৱৰীকে ধৰি কেবাখনো জিলাত বাৰ্ড ফ্লুৰ সংক্ৰমণ বিয়পি পৰিছে। কুৰ্ণুলৰ এখন হাঁহৰ পামত বাৰ্ড ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে। পুনৰ পূৱ গোদাৱৰীৰ কানুৰুত তিনিখন ফাৰ্মতো এই ভাইৰাছ সংক্ৰমিত হৈছে।
এন টি আৰ জিলাৰ গাম্পালাগুডেম, পশ্চিম গোদাৱৰীৰ ভেলপুৰু আৰু এলুৰু জিলাৰ বাদামপুৰীত এখনকৈ ফাৰ্মত এই সংক্ৰমণ ধৰা পৰিছে।
সংক্ৰমণ ধৰা পৰা আটাইকেইটা স্থান চিনাক্ত কৰি স্থানীয় প্ৰশাসনে ‘কণ্টেইনমেণ্ট জ’ন’ হিচাপে ঘোষণা কৰে। প্ৰশাসনে পাঁচটা স্থানক ‘কণ্টেইনমেণ্ট জ’ন’ হিচাপে ঘোষণা কৰিছে।
সেই সকলো অঞ্চলতে কুকুৰাৰ মাংস বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনিক বিষয়াসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
কোনো ধৰণৰ লক্ষণ ধৰা পৰিছে নে নাই তাৰ বাবেও নিৰীক্ষণৰ নিৰ্দেশ দিয়া হৈছে। এই পৰ্যন্ত ৰাজ্যখনত প্ৰায় পাঁচ লাখতকৈও অধিক হাঁহ আৰু কুকুৰাৰ মৃত্যু হৈছে।
উল্লেখ্য যে ,ডেৰ লাখ কুকুৰা মাৰি পেলোৱা হৈছে।চুবুৰীয়া ৰাজ্যসমূহত বাৰ্ড ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে তেলেংগানাতো উদ্বেগ বৃদ্ধি পাইছে।
অন্ধ্ৰ প্ৰদেশৰ পৰা কুকুৰাৰ মাংস আৰু কুকুৰাৰ বাহনৰ প্ৰৱেশ নিষেধাজ্ঞা জাৰি কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ নিকটৱৰ্তী অঞ্চলত সতৰ্কতা অৱলম্বন কৰা হৈছে।
চুবুৰীয়া ৰাজ্যৰ পৰা কোনো ধৰণৰ সংক্ৰমণ যাতে বিয়পি নাযায় তাৰ বাবে প্ৰশাসনিক বিষয়াসকলক সজাগ হ’বলৈ কোৱা হৈছে