Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আমেৰিকাতো আৰক্ষীয়ে হাত-ভৰি বান্ধি ৰাখিছিল প্রবাসী ভাৰতীয়ক!

publisher by publisher
February 17, 2025
in India
Reading Time: 1 min read
0
Colombia returned, India welcomed:কলম্বিয়াই উভতালে, ভাৰতে আদৰিলে !
1
SHARES
7
VIEWS
ShareShareShareShare

আমেৰিকাতো আৰক্ষীয়ে হাত-ভৰি বান্ধি ৰাখিছিল প্রবাসী ভাৰতীয়ক!

হাতত হাতকেৰেয়া, ভৰিত শিকলি লগাই আনিছিল

মাৰ্কিন প্ৰশাসনৰ দ্বাৰা বহিষ্কৃত একাংশই বৰ্ণনা কৰিলে চৰম দুৰ্দশাৰ কথা

:কেৱল ভাৰত অভিমুখী সামৰিক বিমানৰ ভিতৰতে নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰতো একাংশ অনুপ্ৰৱেশকাৰী ভাৰতীয়ক আটক কৰি দেশখনৰ আৰক্ষীয়ে হাতে-ভৰিয়ে বান্ধি আবদ্ধ কৰি ৰাখে। শনিবাৰে নিশা মার্কিন সামৰিক বাহিনীৰ এখন ‘চি’-১৭ গ্লবমাষ্টাৰ বিমানত ভাৰতলৈ প্ৰেৰণ কৰা শতাধিক ভাৰতীয় লোকৰ মাজৰ একাংশই এই কথা সদৰী কৰিছে।

ADVERTISEMENT

এই একাংশৰ ভাষ্যত লগতে স্পষ্ট হয় যে একাংশ দালালৰ প্রলোভনত ভোল গৈ তেওঁলোক বিদপসংকুল অবৈধ পথৰে গৈ আমেৰিকা যুক্তৰাষ্ট্ৰত নথিপত্র অবিহনে উপস্থিত হৈছিল। এনে দালালে তেওঁলোকৰ প্ৰতিজনৰ পৰা ৪০-৫০ লাখ টকাকৈ আদায় কৰে। দালালে দেখুওৱা ৰঙীন সপোনত ভোল গৈ তেওঁলোক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। লাজ-অপমানৰ মাজেৰে যোৱা নিশা অমৃতসৰত উপস্থিত হোৱা শতাধিক ভাৰতীয়ৰ অন্যতম হ’ল ফিৰোজপুৰৰ সৌৰভ নামৰ যুৱকজন।

RelatedPosts

Donald Trump Pakistan:ড’নাল্ড ট্ৰাম্পৰ ৰোষত পৰিল পাকিস্তান

বিপদসংকুল পথেৰে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হৈছিল। তাত গৈ সম্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে সদৰী কৰি সৌৰভে সংবাদ মাধ্যমৰ আগত কয়, ‘আমাৰ দুখ-যন্ত্রণা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশৰ পাছত অন্ত পৰা নাছিল। বৰঞ্চ বৃদ্ধিহে পালে। তাত আৰক্ষীয়ে আমাক ধৰি প্ৰথমে আৰক্ষী থানালৈ নিয়ে আৰু পাছত এটা শিবিৰলৈ আমাক প্ৰেৰণ কৰে। তাত আমি ১৫-১৮ দিন থাকিবলগীয়া হয়। এই দিনকেইটাত আমাক হাত-ভৰি বান্ধি ৰাখে আৰু আমাৰ ফোন বাজেয়াপ্ত কৰি থয়। আমি বিমানত উঠাৰ পাছতহে আমাক জনায় যে আমাক প্রত্যর্পণ কৰা হ’ব।’

সৌৰভে লগতে সদৰী কৰা মতে, আৰক্ষীয়ে আবদ্ধ কৰি ৰখাৰ সময়ত তেওঁলোকৰ পৰা ভাষ্য গ্রহণ কৰা নাছিল। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰলৈ দালালৰ সহযোগত অবৈধভাৱে যাত্ৰা কৰাৰ পথত সম্মুখীন হোৱা দুখ-যন্ত্ৰণাৰ কথাও যুৱকজনে প্রকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱাত সহায়ৰ প্রতিশ্রুতি দিয়া এজন দালালক তেওঁ ৪৫ লাখ টকা দিছিল। দুয়োপক্ষৰ বুজাবুজি মর্মে দালালজনে তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিয়াৰ ব্যৱস্থা কৰে। তেতিয়াই তেওঁৰ দুখ-যন্ত্রণা আৰম্ভ হয়। কাৰণ দালালজনে তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিয়াৰ পৰিৱর্তে প্রথমে মালয়েছিয়ালৈ নিয়ে। তাত তেওঁক এসপ্তাহ ৰখায়। তাৰ পাছতে তেওঁক ১০ দিনৰ বাবে দালালে মুম্বাইলৈ নিয়ে। মুম্বাইৰ পৰা তেওঁক ক্রমে আমষ্ট্ৰৰদাম, পানামা, টাপাচুলা আৰু মেক্সিকো চিটিলৈ নিয়ে।

তাৰ পৰা তেওঁলোকে তিনি-চাৰিদিন এটা পাহাৰীয়া পথেৰে খোজ কাঢ়ি গৈ আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাবে প্রৱেশ কৰে। তেতিয়াই তেওঁৰ দুখ-যন্ত্ৰণাৰ মাত্রা বৃদ্ধি পায়। কাৰণ আমেৰিকাত প্ৰৱেশ কৰাৰ পাছতে তেওঁ আৰক্ষীৰ দ্বাৰা বন্দী হয়। সৌৰভৰ স’তে যোৱা নিশা একেখন মার্কিন সামৰিক বিমানত ভাৰতলৈ অনা জছনুৰ সিং নামৰ যুৱকজনৰ ককাক মংগল সিং থিন্দেও কয় যে দালালৰ সহযোগত তেওঁৰ নাতিয়েক আমেৰিকালৈ গৈ চৰম বিপৰ্যৰ সন্মুখীন হয়। বিমানকোঠৰ পৰা নাতিয়েকক নিবলৈ অহা থিন্দে সংবাদ মাধ্যমৰ আগত কয় যে জছনুৰে নমাহ পূর্বে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে।

দালালৰ ফান্দত বন্দী হৈ নাতিয়েক অভাৱনীয় পৰিৱেশৰ সম্মুখীন হয় বুলি সদৰী কৰি বয়স্ক লোকজনে লগতে কয়, ‘এজেন্ট (দালাল) জনে আমাক কৈছিল যে আমাৰ ল’ৰাটোক পোনে পোনে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিব। কিন্তু পাছত তেওঁ ল’ৰাটোক কলম্বিয়ালৈ লৈ যায়। তাত তাক চাৰে তিনিমাহ থাকিবলৈ বাধ্য কৰে। তাৰ পৰা তাক পানামালৈ নিয়ে। পানামাৰ পৰা ঘন জংঘল পাৰ হৈ সি আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰে। আমেৰিকাৰ পৰা সি আমাৰ স’তে নিতৌ দুবাৰ কথা পাতিছিল। আমি তাক ভাগৰুৱা আৰু অৱসন্ন দেখি তাক তালৈ পঠিওৱাৰ বাবে অনুশোচনা কৰিছিলো।’ একেদৰে যোৱা নিশা অমৃতসৰত মার্কিন সামৰিক বিমানখনে নমাই থৈ যোৱা গুৰবচন সিং নামৰ যুৱকজনৰ পিতৃ যতীন্দৰ পাল সিঙেও জনায় যে তেওঁৰ পুত্ৰক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিয়াৰ বাবদ এজন দালালে ৫০ লাখ টকা লৈছিল।

অৱশ্যে অবৈধ তথা গোপন বিপদসংকুল পথেৰে দালালজনে পুত্রক আমেৰিকালৈ নিয়াৰ কথা জনা নাছিল বুলি সিঙে কয়। অৱশ্যে ভাৰতত সংস্থাপন নোপোৱাৰ বাবেহে পুত্র আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল বুলি তেওঁ দাবী কৰে। সম্প্রতি এইসকল বহিষ্কৃত লোক আৰু তেওঁলোকৰ পৰিয়ালসমূহে দিনতে আন্ধাৰ দেখিছে। কাৰণ দালালৰ ছলাহী ভৰা কথাত তেওঁলোক একপ্ৰকাৰ সৰ্বস্বান্ত হ’ল।

ইপিনে, একেখন মার্কিন সামৰিক বিমানতে যোৱা নিশা আহি অমৃতসৰত উপস্থিত হোৱা দলজিৎ সিং নামৰ লোকজনে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকক বিমানৰ ভিতৰত হাত-ভৰি বান্ধি অনা হয়। দুয়ো হাতত হাতকেৰেয়া লগাই আৰু ভৰিত শিকলিৰে বন্ধা অৱস্থাত তেওঁলোকে সুদীর্ঘ পথ যাত্রা কৰিবলগীয়া হয়। সিঙে লগতে জনোৱা মতে, তেরোঁ অবৈধ তথা বিপদসংকুল পথেৰে গৈ আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হৈছিল।

আনহাতে, সিঙৰ পত্নী কমলপ্ৰীত কৌৰে অভিযোগ উত্থাপন কৰে যে তেওঁৰ স্বামীক এজন ট্রেভেল এজেন্টে প্রবঞ্চনা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বিমানত নিয়াৰ ভুৱা প্রতিশ্রুতি দি দালালজনে তেওঁৰ স্বামীক অবৈধ পথেৰে নিয়ে। মহিলাগৰাকীয়ে প্রকাশ কৰা অনুসৰি উক্ত এজেণ্টজনৰ স’তে গাঁৱৰে এজন লোকে তেওঁলোকক পৰিচয় কৰাই দিছিল। ইপিনে, সূত্রই প্রকাশ কৰা অনুসৰি যোৱা নিশা মার্কিন সামৰিক বিমানখনে অমৃতসৰলৈ অনা ভাৰতীয় লোকসকলৰ অধিকাংশৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: আমেৰিকা
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d