Prayagraj sangam water:
সমগ্ৰ দেশে এতিয়া প্ৰয়াগৰাজ মহাকুম্ভত পবিত্ৰ স্নান কৰিবলৈ ভিৰ কৰিছে । ইতিমধ্যেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মহাকুম্ভত ডুব দিবলৈ বহুতো ভক্ত আহিছে । বৰ্তমান ধৰ্মীয় বিশ্বাসৰ সাগৰ হৈ পৰিছে ত্ৰিবেণী সংগম।
অৱশ্যে, প্ৰতিবেদনত কোৱা হৈছে যে ‘মিনি ইণ্ডিয়া’ নামেৰে জনাজাত এই পবিত্ৰ তীৰ্থযাত্ৰাত স্নান কৰাটো অতি বিপদজনক। কাৰণ সংগমৰ প্ৰদূষিত পানীত বিপজ্জনক বেক্টেৰিয়া চলাচল কৰিছে। এই প্ৰতিবেদন খোদ মোডী চৰকাৰে ৰাজহুৱা কৰিছে। কোৱাৰ প্ৰয়োজন নাই যে, এই প্ৰতিবেদন হিন্দুসকলৰ ধৰ্মীয় বিশ্বাসৰ বাবে এক ডাঙৰ আঘাত।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (চিপিচিবি) শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত এই সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদন অনুসৰি, কেন্দ্ৰই আশংকা প্ৰকাশ কৰিছে যে মহাকুম্ভ মেলাৰ সময়ত নদীৰ পানীত বেক্টেৰিয়া বৃদ্ধি হ’ব পাৰে। তথ্য অনুসৰি,নদীখনৰ পানী ১২ আৰু ১৩ জানুৱাৰীত পৰীক্ষা কৰা হৈছিল। দেখা গৈছে যে জৈৱ ৰাসায়নিক অক্সিজেন ডিমাণ্ড (বি.ও.ডি.)ৰ ক্ষেত্ৰত পানী গা ধোৱাৰ বাবে অনুপযুক্ত।
লগতে ফিকাল কলিফৰ্ম বেক্টেৰিয়াৰ অধিক উপস্থিতিৰ বাবে ইয়াত স্নান কৰাটো অনুপযুক্ত। বিশেষকৈ পবিত্ৰ স্নানৰ সমছোৱাত এই বেক্টেৰিয়াৰ পৰিমাণ আৰু বৃদ্ধি হ’ব পাৰে। কেন্দ্ৰৰ প্ৰতিবেদনৰ ভিত্তিত উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক চমন কৰিছে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে। এই বিভাগৰ বিষয়াসকলক বুধবাৰে ভাৰ্চুৱেলি হাজিৰ হ’বলৈ কোৱা হৈছে।
কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱৰ নেতৃত্বত এখন বিচাৰপীঠে গোচৰটোৰ তদন্ত কৰি আছে। প্ৰতিবেদনখন কেন্দ্ৰই তিনি ফেব্ৰুৱাৰীত দাখিল কৰিছিল।
ইয়াৰ ভিত্তিত পৰিবেশ আদালতে উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ কয়। উল্লেখ্য যে পানী দূষিত হ’লে পানীত ফিকাল কলিফৰ্ম বেক্টেৰিয়াৰ উপস্থিতি বুজিব পাৰি।
অনুমান কৰা হৈছে যে ১০০ মিলিমিটাৰ পানীত ২৫০০ ফিকাল কলিফৰ্ম বেক্টেৰিয়া থাকিব পাৰে। যদি তাতকৈ অধিক বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়, তেনেহ’লে এই পানী গা ধোৱাৰ বাবে অনুপযুক্ত। অৱশ্যে মহাকুম্ভৰ পানীত কিমান বেক্টেৰিয়া পোৱা গৈছে সেয়া জনা নাযায়।