After Mahakumbh, flight, accommodation in seven-star hotels:
বাংগালুৰুৰ এখন সাত তাৰকাযুক্ত হোটেলত থাকিবলৈ লৈছে মনালিছাই। এটা সময়ত দৰিদ্ৰতাৰ স’তে সহ-অবস্থান কৰি তেওঁ মালা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল।
মহাকুম্ভৰ বাবে নিশাটোৰ ভিতৰতে জনপ্রিয়তা লাভ কৰিলে মনালিছা ভোছলেই। নীলবৰণীয়া চকুৰ বাবে দেশজুৰি চৰ্চিত হৈ পৰা যোলবছৰীয়া সুন্দৰী গৰাকী পৰিচালকসকলৰ চকুৰ পৰাও সাৰি নগ’ল। দ্যা ডায়েৰী মণিপুৰ শীর্ষক চিনেমাৰ বাবে চুক্তিবদ্ধও হ’ল মনালিছা। ফুল বিক্রেতাৰ জীৱিকা এৰি অভিনেত্রী হোৱাৰ উচ্চাকাংক্ষাৰে নতুন চহৰলৈ গুচি গ’ল মনালিছা ভোছলে। সনোজ মিশ্রৰ চিনেমা ‘মণিপুৰ ডায়েৰী’ত অভিনয় কৰাৰ সুযোগ পাইছিল মনালিছাই।
এতিয়া মনালিছাই প্ৰথমবাৰৰ বাবে পৰিচালকৰ স’তে বিমানেৰে বাংগালুৰুত উপস্থিত হয়। বজাৰ কৰা অনুষ্ঠান এটাত অংশ ‘ল’বলৈ তেওঁ বেংগালুৰুলৈ যায়। সম্প্রতি সেই ফটোখনো ৰাজহুৱা কৰা হৈছে। মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ পাছত মনালিছাৰ কেইবাখনো ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে। শেহতীয়াকৈ পোষ্ট কৰা এটা ভিডিঅ’ত মনালিছাই সেউজীয়া আৰু ৰঙা ৰঙৰ ড্ৰেছ পিন্ধা দেখা গৈছে। ডিঙিত মালা। কিন্তু এই সকলো কথাৰ ভিতৰত এটা কথা তেওঁৰ বৰকৈ মনত পৰে। জীৱনে তেওঁক মহাকুম্ভৰ পৰা আন এখন চহৰলৈ লৈ গৈছে। নিমিষতে তেওঁৰ জীৱনলৈ বহু পৰিৱৰ্তন আহিছে।
# কিন্তু ইমান জনপ্রিয়তাৰ মাজতো তেওঁৰ হৃদয় এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল। কোন তেওঁ ?
মনালিছাই নিজেই ছ’চিয়েল মিডিয়াত নিজৰ ছবিখন শ্বেয়াৰ কৰি কয় যে তেওঁৰ কাৰ কথা মনত পৰিছে বেছিকৈ। কেপচনত তেওঁ লিখিছে, ‘দেউতা, মই তোমাক বহুত মিছ কৰিছো।’ সেই পোষ্টটোত অনুৰাগীয়ে মনালিছাক শুভেচ্ছাৰে ওপচাই
পেলাইছে। কোনোবাই লিখিছে, “মনা, তুমি সঁচাকৈয়ে ধুনীয়া। তোমালৈ বহুত শুভেচ্ছা।’ আন এজন ব্যক্তিয়ে মন্তব্য কৰিছিল, ‘মনালিছা, তুমি জীৱনৰ সকলো সফলতা লাভ কৰা।’
বাংগালুৰুৰ এখন সাত তাৰকাযুক্ত হোটেলত থাকিবলৈ লৈছে মনালিছাই। এটা সময়ত দৰিদ্ৰতাৰ স’তে সহাৱস্থান কৰি তেওঁ মালা বিক্ৰী কৰিবলৈ আৰম্ভকৰিছিল। পঢ়া-শুনাও শেষ কৰিব নোৱাৰিলে। আগতে ঘৰৰ কাম-কাজ চম্ভালিছিল। কিন্তু এতিয়া জীবনে এটা গতি লৈছে। সেয়ে তেওঁ পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে |