Bollywood Actor:এসময়ত ডেলিভাৰী বয়, পাছলৈ হ’লগৈ বলিউডৰ জনপ্রিয় অভিনেতা কোন তেওঁ !

rane

Bollywood Actor:

অভিনয় কৰি ভালপোৱা বা অভিনয় কৰিব জনা সকলোৱে জীৱনত একো একোগৰাকী সফল অভিনেতা-অভিনেত্রী হ’ব বিচাৰে। বহুতে বহু কষ্ট কৰি সেই সফলতা লাভ কৰে। কোনো বিফল হৈ ঘৰলৈ উভতে। তাৰে মাজৰ এগৰাকী সফল অভিনেতা, যি জীৱনত বহু কষ্ট কৰি আজি এগৰাকী সফল তথা জনপ্রিয় অভিনেতা হিচাপে নাম কৰিছে। এই অভিনেতাই কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে সৰু সুৰা কাম কৰি পেট প্ৰৱৰ্তাইছিল।

ADVERTISEMENT

এবাৰ এছটিডি বুথত অপাৰেটৰ হিচাপে কাম কৰিছিল। এবাৰ ডেলিভাৰী বয় হিচাপেও কাম কৰিছিল। কিন্তু ভাগ্য সকলোৰে একে নাযায়। এই অভিনেতা গৰাকীৰো ভাগ্য ইমানেই জিলিকি উঠে যে তেওঁ পাছলৈ অভিনেতা হৈ পৰে। আজি তেওঁৰ ভিডিঅ’ আৰু ফটোবোৰে ছ’চিয়েল মিডিয়াত মানুহৰ হৃদয় জয় কৰি আছে। তেওঁৰ চিনেমাই আজি দৰ্শকৰ হৃদয় জয় কৰিছে।

সেই অভিনেতাগৰাকী হৈছে বর্তমানে দ্বিতীয়বাৰৰ বাবে ছবি গৃহত মুক্তি পোৱা ‘ছনম তেৰী কচম’ চিনেমাৰ অভিনেতা হর্ষবর্ধন ৰাণে। ‘ছনম তেৰী কছম’ ছবিখনত হর্ষবর্ধনৰ শক্তিশালী চৰিত্ৰই দৰ্শকৰ পুনৰ এবাৰ হৃদয় জয় কৰিছে। ন বছৰৰ পূৰ্বে মুক্তি পাই ফ্লপ হোৱা ছবি পুনৰ এবাৰ মুক্তি পোৱা ছবিখনে বক্স অফিচত ব্লকবাষ্টাৰ হৈ ৪৫ কোটি টকা উপার্জন কৰি ফ্লপ হোৱাৰ কলংক আঁতৰাই পেলাইছে।

Exit mobile version