CBSE:
ছাত্ৰ-ছাত্ৰীৰ ওপৰত হেঁচা হ্ৰাস কৰাৰ বাবে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড বা চিবিএছইয়ে। ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে দুবাৰকৈ দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে চিবিএছইয়ে। এই নতুন নিয়ম সমগ্ৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে থকা ২৬০খন চিবিএছই বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
শেহতীয়াকৈ কেন্দ্ৰই এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু চিবিএছই বিষয়াসকলও উপস্থিত থকাৰ লগতে এনচিইআৰটি, কেভিএছ আৰু এনভিএছৰ সদস্যসকলো উপস্থিত থাকে । উল্লেখ্য যে,তাতেই খচৰাখন প্ৰস্তুত কৰা হৈছে। তথ্য অনুসৰি, অহা সোমবাৰে ইয়াক ৰাজহুৱা কৰা হ’ব। চি.বি.এছ.ই.-য়ে ইয়াৰ এক্স-হেণ্ডেলত বৈঠকৰ বিৱৰণ ৰাজহুৱা কৰে।
ছাত্ৰ-ছাত্ৰীৰ ওপৰত যাতে অতিৰিক্ত চাপ নপৰে সেই কথা লক্ষ্য কৰি এই পৰিকল্পনা হাতত লোৱা হৈছে । আমাৰ লক্ষ্য হ’ল শিক্ষাৰ্থীসকলে চাপ মুক্ত হৈ শিকাৰ ওপৰত অধিক গুৰুত্ব দিয়া।’ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘নতুন এই নীতিয়ে ব’ৰ্ড পৰীক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংশোধন। ’
