Delhi Bjp Legislative Party Meeting:কাইলৈ দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্রহণ !

ৰামলীলা ময়দানতো বিয়লি শপত গ্রহণ কৰিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে

new cm oath

Delhi Bjp Legislative Party Meeting:

সকলো উৎকণ্ঠাৰ অন্তত আজি অনুষ্ঠিত হ’ব দিল্লীৰ বিজেপি বিধায়িনী দলৰ বৈঠক৷ ইতিমধ্যে বৈঠকৰ বাবে দলৰ সংসদীয় কমিটীয়ে নিযুক্তি দিলে দুজনকৈ পৰ্যবেক্ষক

ADVERTISEMENT

বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বৈঠকত পৰ্যবেক্ষক ৰূপে উপস্থিত থাকিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ সাংসদ ৰবি শংকৰ প্ৰসাদ আৰু ৰাষ্ট্ৰীয় সম্পাদক ওম প্ৰকাশ ধনকাৰকে ৷

আনহাতে বৃহস্পতিবাৰে বিয়লি ভাগত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বাবে ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতিৰে সাজু কৰি তোলা হৈছে ৰামলীলা ময়দান ৷ আজি নিশাৰ ভিতৰতে বিধায়িনী দলৰ নেতা গৰাকী নিৰ্বাচন কৰা সম্ভাৱনা আছে ৷

Exit mobile version