DWSSB In Bengaluru:খোৱাপানী আন কামত ব্যৱহাৰ কৰিলে ভৰিব লাগিব পাঁচ হেজাৰ জৰিমনা !

ক'ত কৰা হৈছে এই নিয়ম পঢ়ক সবিশেষ

bengaluru

DWSSB In Bengaluru:

বাংগালুৰু পানী যোগান আৰু পয়প্রণালী পৰিষদ (ডিডব্লিউএছএছবি)-গৰমৰ দিনত পানী সংকট প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে । বাংগালুৰুবাসীয়ে খোৱাপানী আন কামত ব্যৱহাৰ কৰিলে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব ।

যোৱা বছৰৰ গ্ৰীষ্মত বাংগালুৰুত জলসংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। চহৰখনত ভূজল স্তৰ যথেষ্ট হ্রাস পাইছে আৰু আগন্তুক গ্ৰীষ্মত হ’ব পৰা জলসংকট  প্ৰতিৰোধৰ বাবে ডিডব্লিউএছএছবিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৷

কাবেৰী নদীৰ পৰা বাংগালুৰুক দৈনিক প্রায় ১৪৫০ নিযুত লিটাৰ আৰু ভূজলৰ পৰা ৭০০ নিযুত লিটাৰ পানীৰ প্ৰয়োজন হয়। ব’ৰ্ডে ঘোষণা কৰা অনুসৰি যানবাহন পৰিষ্কাৰ কৰা বাগিচা,ছুইমিংপুলসহ অন্যান্য কামত খোৱাপানী ব্যৱহাৰ কৰিলে ৫০০০ টকালৈকে জৰিমনা বিহা হ’ব। এজন ব্যক্তিয়ে বাৰে বাৰে এই নিয়ম উলংঘন কৰিলে তেওঁক দৈনিক ৫০০ টকাৰ জৰিমনা বিহা হ’ব।

Exit mobile version