Pakistan: আফগানিস্তান সীমান্তত পাক সেনাৰ বৃহৎ অভিযান

পাক সেনাৰে হোৱা সংঘৰ্ষত মৃত্যু কমেও ৩০ জন উগ্ৰপন্থী

pak army

Pakistan:

আফগানিস্তান সীমান্তত পাকিস্তান সেনাৰ সন্ত্ৰাসবাদ বিৰোধী বৃহৎ অভিযান। মঙলবাৰে পাকিস্তান সেনাৰ তৰফৰ পৰা দাবী কৰা হৈছে,আফগানিস্তানৰ দক্ষিণ ৱাজিৰিষ্টনত চলোৱা অভিযানত ৩০ জন উগ্ৰপন্থীক তেওঁলোকে হত্যা কৰিছে। যদিও কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যৰ বিৰুদ্ধে পাকিস্তান সেনাৰ এই অভিযান স্পষ্টকৈ জনোৱা হোৱা নাই ।

পাকিস্তান সেনাৰ তথ্য অনুসৰি দক্ষিণ ৱাজিৰিষ্টানৰ কাবাইলি জিলাত এই অভিযান চলোৱা হয়। দীৰ্ঘদিন ধৰি এই অঞ্চলত সন্ত্ৰাসবাদীৰ আন্দোলন চৰম ৰূপত চলি আহিছে।  আফগানিস্তানৰ সীমান্তৱৰ্তী এই অঞ্চলত আফগান উগ্ৰপন্থীৰ সঘনাই চলাচল হৈছিল ।মঙলবাৰে, পাকিস্তান সেনাই আফগানিস্তানৰ দক্ষিণ ৱাজিৰিস্তানত এক অভিযানত ৩০ জন উগ্ৰপন্থীক হত্যা কৰা বুলি দাবী কৰে। অৱশ্যে পাকিস্তান সেনাই কোনটো উগ্ৰপন্থী গোটে এই অভিযান চলাই আছে সেয়া স্পষ্ট হোৱা নাই।

আফগানিস্তানৰ সীমান্তৱৰ্তী এই অঞ্চলত আফগান উগ্ৰপন্থীৰ সঘনাই চলাচল হৈছিল। পাকিস্তানৰ মাটিত চৰিয়ত আইন প্ৰয়োগ কৰাৰ লগতে সীমান্তৰ ৰাজ্যসমূহ দখল কৰাৰ ষড়যন্ত্ৰ কৰিছিল। অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে সাংবাদিক আৰু মানৱ অধিকাৰ কৰ্মীসকলৰ প্ৰৱেশো নিষিদ্ধ কৰা হৈছে। সেনাই নিহত উগ্ৰপন্থীসকলৰ পৰা বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা বুলিও দাবী কৰে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পাকিস্তানৰ মূৰৰ কামোৰণিৰ অন্যতম কাৰণ হৈ পৰিছে তেহৰিক-ই-তালিবান বা টিটিপি উগ্ৰপন্থী । বেলুচিস্তানৰ খাইবাৰ পখতুনখোৱা এই উগ্ৰপন্থীৰ ঘাটি হিচাপে পৰিচিত। তাৰ পৰা প্ৰায়ে পাক সেনাবাহিনীৰ ওপৰত মাৰাত্মক আক্ৰমণ চলে ।

ইফালে,এই অঞ্চল হৈয়ে গৈছে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি) । তাতো চীনা বিষয়াসকলৰ ওপৰত কেবাবাৰো এই সন্ত্ৰাসবাদীসকলে আক্ৰমণ চলাইছে। বিগত জানুৱাৰী মাহত, সেনাই খাইবাৰ পাখতুনখোৱা প্ৰদেশত টিটিপি উগ্ৰপন্থীৰ বিৰুদ্ধে এক ডাঙৰ অভিযান আৰম্ভ কৰে। অভিযানটোত ৩০ জন উগ্ৰপন্থী নিহত হৈছে।

পাকিস্তানে কাবুলক পাকিস্তানৰ বিৰুদ্ধে এই টিটিপি উগ্ৰপন্থীসকলক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। যদিও এই অভিযোগ অস্বীকাৰ কৰিছে তালিবান চৰকাৰে । প্ৰতিবেদন অনুসৰি, ২০২৪ চনত পাকিস্তানত ৪৪৪ টা সন্ত্ৰাসবাদী আক্ৰমণ হৈছে। আৰু এই আক্ৰমণবোৰৰ আঁৰত আছিল টিটিপি ।

Exit mobile version