Umrangso Coal Mine in :উমৰাংছুৰ কালামাটি কয়লা খনিত উদ্ধাৰ দুই শ্ৰমিকৰ মৃতদেহ
সুদীৰ্ঘ ৪০ দিনৰ পিছত উদ্ধাৰ মৃতদেহ দুটা
:ডিমা হাচাওৰ উমৰাংছুৰ কালামাটিৰ কয়লা খনিত পুনৰ উদ্ধাৰ আৰু দুটা মৃতদেহ ৷ সুদীৰ্ঘ
প্রায় ৪০দিনৰ পিছত উদ্ধাৰ হয় মৃতদেহ দুটা
উল্লেখ্য যে ,অভিশপ্ত কয়লা খনিৰ সুৰংগত কৰ্মৰত অৱস্থাত আবদ্ধ হৈ পৰে ১৫ জনকৈ শ্রমিক ৷
সন্ধানহীন হয় শ্রমিক কেইজন । ইয়াৰ পিছতে লাগে হুৱাদুৱা ৷ এছডিআৰএফ আৰু এনডিআৰএফ আৰু ভাৰতীয় নৌসেনাৰ বিশেষজ্ঞ দলৰ অহৰহ প্ৰচেষ্টাত ইতিমধ্যে উদ্ধাৰ হৈছিল ৪ জন শ্ৰমিকৰ মৃতদেহ ৷
বৰ্তমানেও কয়লা খনিৰ সুৰংগত আবদ্ধ হৈ আছে ৯ জনকৈ শ্ৰমিক ৷ শ্ৰমিক কেইজনৰ উদ্ধাৰৰ বাবে সংশ্লিষ্ট উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান ৷
উল্লেখ্য যে দিন বাগৰি যোৱাৰ লগে লগে সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিক কেইজন জীৱিত নথকাৰ আংশকা কৰিছে প্ৰশাসন আৰু দুৰ্ভগীয়া পৰিয়ালৰ লোকে৷