Arjun Kapoor:বিচ্ছেদৰ পাছত প্ৰথমবাৰ বাবে একেখন মঞ্চত অৰ্জুন কাপুৰৰ আৰু মালাইকা !

arjun kapoor

Arjun Kapoor:

অভিনেতা অৰ্জুন কাপুৰৰ নাম শুনিলেই যেন প্ৰথমে মনলৈ আহে জনপ্ৰিয় অভিনেত্ৰী তথা আইটেম গাৰ্ল মালাইকা অৰোৰা। উল্লেখ্য যে,প্ৰায় পাঁচ বছৰ সম্পৰ্কত থকাৰ পাছত, হঠাতে তেওঁলোকৰ বিচ্ছেদৰ খবৰ চাৰিওফালে বিয়পে পৰে। অৱশ্যে এই বিষয়ে তেঁওলোকে বৰ্তমানৰ লৈকে ৰাজহুৱাভাৱে জনোৱা নাই । যদিও তেঁওলোকৰ মাজত দূৰত্ব অনুভৱ কৰে অনুৰাগীসকলে ।

সম্প্ৰতি অভিনেতাজন ব্যস্ত হৈ পৰিছে তেওঁ আহিবলগীয়া ছবি ‘ মেৰি হাজবেন্ড কি বিবি’ ৰ প্ৰচাৰত। এই পৰিপ্ৰেক্ষিতত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অৰ্জুনে ক’লে, “মই ছিংগল।” অৰ্জুনৰ নতুন ছবি ‘মেৰী হাজবেণ্ড কি বিবি’ সোনকালেই পৰ্দাত আহিবলৈ সাজু হৈছে । নামতেই অনুমান কৰিব পাৰি যে ট্ৰাইংগল সম্পৰ্কৰ এইখন ছবি হ’ব দৰ্শকক বাবে হাস্যকৰ ।অৰ্জুনৰ স’তে ছবিখনত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেত্ৰী ভূমি পেডনেকাৰ আৰু ৰকুল প্ৰীত সিঙক ।

উল্লেখ্য যে,ইয়াৰ পাছতে বৰুণ ধাৱান আৰু দিলজিৎ দোচাঞ্জৰ স’তে ‘নো এণ্ট্ৰি ২’ত ‘ৰোমান্টিক কমেডি’ ৰ ছবিত দেখা পোৱা যাব অৰ্জুনক । ছবিখনৰ লগত সংগতি ৰাখি অৰ্জুনে দাবী কৰে যে মানুহক হহোৱাব পৰাতকৈ উত্তম অনুভৱ আৰু একোৱেই নাই। গতিকে তেওঁ আৰু ‘কমেডী’ ছবি কৰিবলৈ ইচ্ছুক ।

তেওঁৰ মতে, পৰ্দাত ৰোমাণ্টিক কমেডি ছবি যিমান অধিক হ’ব সাধাৰণ দৰ্শকে তেওঁলোকৰ পৰিয়ালৰ স’তে সিমানেই ছবিখন উপভোগ কৰিব আৰু কিছু ভাল মুহূৰ্ত অতিবাহিত কৰিব । নিজৰ অভিনয় জীৱনত ইয়াৰ আগতে তেওঁ’একচন ড্ৰামা’ কৰি আহিছে । কমেডি ছবি কৰিছে যদিও অতি কম । আনহাতে ২১ ফেব্ৰুৱাৰীত মুক্তি পাব’মেৰী হাজবেণ্ড কি বিবি’। ইয়াৰ পাছতে, তেওঁ আৰু অধিক কমেডি ছবি কৰাৰ কথাও ভাবিছে।

উল্লেখ্য যে ব্ৰেক-আপৰ পাছত, অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাক অলপতে ‘ইণ্ডিয়াজ বেষ্ট ডাঞ্চাৰ আৰু ছুপাৰ ডাঞ্চাৰৰ মঞ্চত দেখিবলৈ পোৱা যায় ।

Exit mobile version