CM’s remarks on the Hemkosh dictionary in Assembly:হেমকোষ অভিধান চুৰি কৰি নিজৰ বুলি দাবী কৰা মানুহ আজি নায়ক !

এইখনেই হৈছে অসম! দিনে-ৰাতিয়ে ৰাইজৰ কাৰণে কাম কৰা মানুহ আজি হৈছে খলনায়ক! সদনত মুখ্যমন্ত্ৰী শৰ্মাৰ আক্ষেপ

hemkush

CM’s remarks on the Hemkosh dictionary in Assembly :

বৃহস্পতিবাৰে ৰাজ্য বিধানসভাৰ বাজেট অধিবেশনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত বক্তব্য প্রদান কালত হেমকোষ অভিধান চুৰি কৰি নিজৰ বুলি দাবী কৰা মানুহ আজি অসমৰ নায়ক বুলি কটাক্ষ কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘আজি সদনে বিচাৰিছে উমৰাংছ’ৰ বিতৰ্ক হ’ব লাগে। ইয়াত কোনো কথা নাই, বিতর্ক হ’ব লাগে। আজি চেঙা সমষ্টিৰ বিধায়কে বৰপেটা আৰক্ষীৰ বিৰুদ্ধে এক অভিযোগ দিছে, লগে লগে তদন্ত দিয়া হৈছে। তাত যদি মোৰ ভাই আৰক্ষী অধীক্ষক হৈ আছে, তদন্ত হ’ব লাগে। তাত একো কথা থাকিব নোৱাৰে। যোৱা ২৫ বছৰত অসমৰ ৰাইজে মোক বহুত দিছে।

ৰাজনীতি থাকিব, কেতিয়াবা কাৰোবাৰ ঘৈণীয়েকক ধৰিব লাগিব, কেতিয়াবা জীয়েকক ধৰিব লাগিব।’ লগতে মুখ্যমন্ত্রীয়ে কয়, ‘আজি এনেকুৱা ঘটনা আছে, যি মানুহে হেমকোষ অভিধানখন চুৰি কৰি নিজৰ বুলি দাবী কৰি আছে, তেজৰ সম্পৰ্ক হয় নে নহয় কোনেও নাজানে; সেইবোৰ মানুহ আজি অসমৰ নায়ক আৰু যিবোৰ মানুহে দিনে-ৰাতিয়ে ৰাইজৰ কাৰণে কাম কৰি আছে সেইবোৰ মানুহ খলনায়ক। এইখনেই হৈছে অসম! আমি এনেকৈয়ে চলি থাকিব লাগিব।’

Exit mobile version