Ranveer Allahabadia:
বিগত কিছুদিনৰ পৰা বিতৰ্কত আছে জনপ্ৰিয় ইউটিউবাৰ তথা কন্টেন্ট ক্ৰিয়েটৰ ৰণবীৰ এলাহাবাদিয়া। উল্লেখ্য যে , কিছুদিন পূৰ্বেই এটা ইউটিউব চেনেলত কৰা অশ্লীল মন্তব্যৰ বাবে বিতৰ্কৰ আওতাত সোমাই পৰিছে জনপ্ৰিয় ইউটিউবাৰজন। বিতৰ্কৰ পাছতে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰণবীৰ। হুৱা হুৰে হ্ৰাস পাইছে তেওঁৰ চাবস্ক্ৰাইবাৰ ।
উল্লেখ্য যে বৰ্তমান ৰণবীৰৰ সম্পত্তিৰ মুঠ মূল্য ৬০ কোটি টকাৰ উপৰিও মাহিলী আয় প্ৰায় ৩৫ লাখ টকা। ২০১৪ চনত ব্যক্তিগতভাৱে খোলা ‘বীয়েৰ বাইচেপছ’ নামৰ ইউটিউব চেনেলটোত তেওঁ ফিটনেছৰ লগতে ব্যৱসায়, আধ্যাত্মিকতা, আত্মউন্নতিৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে পাছলৈ তেওঁ পডকাষ্টো আৰম্ভ।
বিভিন্ন ক্ষেত্ৰৰ পৰা তেঁওৰ পদকাষ্টৰ অতিথিয়ে আহি যোগদান কৰে । অতি কম সময়ৰ ভিতৰতে ইউটিউব জগতত জনপ্ৰিয় হৈ পৰে ‘বীয়েৰ বাইচেপছ’ । বৰ্তমান তেঁওৰ ‘বীয়েৰ বাইচেপছ‘ৰ অধীনত মুঠ সাতটা ইউটিউব চেনেল আছে। এই সকলোবোৰ মিলি মুঠ চাসক্ৰাইৱাৰৰ সংখ্যা ১.২ কোটি। ইয়াৰ পৰা প্ৰতিমাহে হিচাপে আঠৰ পৰা ১০ কোটি টকা লাভ কৰে ৰণবীৰে।
উল্লেখ্য যে ,শেহতীয়াকৈ হোৱা বিতৰ্কই যেন পলকতে সকলো শেষ কৰিছে ৰণবীৰৰ জীৱন। ইতিমধ্যে লাখ লাখ লোকে আনচাসক্ৰাইব কৰিছে ৰণবীৰৰ চেনেল। যাৰ বাবে লাহে লাহে ৰণবীৰৰ জনপ্ৰিয়তাৰ লগতে সম্পত্তিও হ্ৰাস হোৱাৰ অনুমান কৰা হৈছে । ইফালে অসমৰ লগতে মুম্বাইৰ আৰক্ষীয়েও ইউটিউবাৰজনৰ ওপৰত গোচৰ ৰূজু কৰিছে ।