Uppl:
বিপিএফৰ মুৰব্বী তথা দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীলৈ ইউপিপিএললৈ আগমনৰ প্ৰস্তাৱ আগবঢ়াইছে ইউপিপিএলয়ে।আজি চিৰাং জিলাৰ বিজনীৰ মাজৰাবাৰীত অনুষ্ঠিত যোগদান কাৰ্যসূচী সভাত কেবাটাও অফাৰ আগবঢ়াইছে ইউপিপিএলৰ নেতা তথা বিটিআৰৰ কাৰ্যবাহী পাৰিষদ ৰঞ্জিত বসুমতাৰীয়ে।
তেওঁ কয় যে।হাগ্ৰামা মহিলাৰী ইউপিপিএললৈ আহিলে এৰি দিয়া হ’ব দেবৰগাঁও সমষ্টি।বিপিএফৰ ১০ জন পাৰিষদক দিয়া হ’ব টিকট।ইয়াৰ উপৰিও হাগ্ৰামা মহিলাৰীক অৰ্পণ কৰা হ’ব কাৰ্যবাহী পাৰিষদৰ দায়িত্ব, দিয়া হ’ব ইউপিপিএল চৰকাৰৰ জলসিঞ্চন আৰু গড়পপ্তানী বিভাগৰ দায়িত্ব।
এইদৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক ইউপিপিএললৈ আহিবলৈ আহ্বান জনালে পাৰিষদ ৰঞ্জিত বসুমতাৰীয়ে।সুভাইঝাৰ ব্লক ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত উক্ত যোগদান কাৰ্যসূচীত বিপিএফৰ উপৰিও অন্য দল সংগঠনৰ পৰা ২০৬ জন লোকে ইউপিপিএলত যোগদান কৰে।বিজনী জিলা ইউপিপিএলৰ সভাপতি ফণীন বড়োই আঁত ধৰা উক্ত যোগদান কাৰ্যসূচীত সাংসদ জয়ন্ত বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান ইউপিপিএলৰ নেতা চন্দন ব্ৰহ্মৰ উপৰিও ইউপিপিএলৰ কেবাজনো নেতা অংশগ্ৰহণ কৰে।