Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Fifth anniversary of the BTR agreement in Kokrajhar:বিজেপি-ইউপিপিএলৰ মিত্ৰতা নিৰ্ভৰ কৰিছে নির্বাচনী কৌশলৰ ওপৰত

বিটিআৰ চুক্তিৰ পঞ্চম বর্ষপূর্তি উপলক্ষে কোকৰাঝাৰত অনুষ্ঠিত জনসভাত ঘোষণা মুখ্যমন্ত্ৰীৰ, ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব নির্বাচন

publisher by publisher
January 29, 2025
in Assam, India, News
Reading Time: 3 mins read
0
Fifth anniversary of the BTR agreement in Kokrajhar:বিজেপি-ইউপিপিএলৰ মিত্ৰতা নিৰ্ভৰ কৰিছে নির্বাচনী কৌশলৰ ওপৰত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Fifth anniversary of the BTR agreement in Kokrajhar:

চলিত বৰ্ষৰ দুর্গা পূজাৰ পূৰ্বে অর্থাৎ অহা ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব বিটিচিৰ নিৰ্বাচন। মঙলবাৰে ইয়াত সাংবাদিকৰ আগত এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই। কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত বিটিআৰ চুক্তিৰ পঞ্চম বর্ষপূর্তি উদ্যাপন অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা মুখ্যমন্ত্রীয়ে বিটিচিৰ আগন্তুক নির্বাচন সম্পর্কত লগতে কয়,’অহা দুর্গা পূজাৰ আগতে বিটিচি নিৰ্বাচনৰ সমূহ কাম-কাজ শেষ কৰিম।’

ADVERTISEMENT

আনহাতে, আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএলৰ স’তে বিজেপিৰ মিত্ৰতা থাকিব নে নাথাকে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড: শর্মাই কয়, ‘এই গোটেই কথা নিৰ্ভৰ কৰিছে প্রমোদ বড়ো আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ওপৰত। তেওঁলোক দুজনে এই বিষয়ত কথা পাতিব। গোটেই কথা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰ কৰে। বিটিচিত আমি অকলে নির্বাচন খেলিছো। একেলগে যদি খেলিলে বেছি আসন পোৱা যায়, তেন্তে একেলগে খেলিম আৰু যদি অকলে খেলিলে বেছি আসন পেৱা যায় তেন্তে অকলে খেলিম।’

অৱশ্যে বর্তমানেও ইউপিপিএল বিজেপি নেতৃত্বাধীন এনডিএৰ সহযোগী দল বুলি মুখ্যমন্ত্রীয়ে কয়। আনহাতে, বিটিআৰ চুক্তিয়ে বড়োলেগুলৈ স্থায়ী শান্তিআনিছে তথা প্রগতি আৰু বিকাশৰ নতুন ভেটি নিৰ্মাণ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে দাবী কৰে। তেওঁ কয় যে বিটিআৰ চুক্তিৰ মাথোঁ কেইটামান দফাহে ৰূপায়ণ হ’বলৈ বাকী আছে। এই দফাকেইটা ৰূপায়ণৰ বাবে দেশৰ সংবিধান সংশোধনৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ড° শৰ্মাই লগতে কয়, ‘এই ক্ষেত্রত আমি দুই-এদিনতে ভাল খবৰ শুনিবলৈ পাম।’

প্রাক্তন এনডিএফবিৰ গোচৰ প্ৰত্যাহাৰ সম্পর্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ জনায় যে অধিকাংশ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে বিটিআৰ চুক্তি স্বাক্ষৰৰ পূৰ্বে যিসমূহ গোচৰৰ অভিযোগনামা আদালতত দাখিল কৰা হ’ল সেইসমূহৰ সিদ্ধান্ত আদালতে ল’ব বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘আদালতক আমি অনুৰোধ কৰি আছো। সাত-আঠটা গোচৰ এনআইএৰ পৰা অসম চৰকাৰলৈ হস্তান্তৰ প্ৰক্ৰিয়া চলি আছে।’

ইপিনে, কংগ্রেছ সভাপতিয়ে ‘মহাকুম্ভ’ মেলাক লৈ প্রতিক্রিয়া প্রকাশ কৰা সদর্ভত মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰি প্ৰশ্ন কৰে যে কংগ্ৰেছ সভাপতিয়ে হজক লৈ প্রতিক্রিয়া প্রকাশ কৰিব পাৰিবনে। যদিহে নোৱাৰে তেন্তে আন ধর্মক লৈ প্রতিক্রিয়া প্রকাশ কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁ কংচ্ছে সভাপতিক কটাক্ষ কৰি কয় যে ধৰ্মনিৰপেক্ষতা বৰ্তাই ৰাখিলে দেশ আগবাঢ়ি যাব।

ইপিনে, মুখ্যমন্ত্রীয়ে বর্ষপূর্তি অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত কয় যে বড়োসকলৰ সমৃদ্ধ ইতিহাস আৰু বর্ণিল লোকজীৱনে সামগ্রিকভাবে ৰাজ্যৰ ইতিহাসক গৰিমামণ্ডিত কৰি ৰাখিছে। কামৰূপ, প্রাগজ্যোতিষপুৰ আৰু পিছলৈ অসম নামেৰে জনাজাত এই ঐতিহাসিক ভূ-খণ্ডত বড়োসকলৰ কে’বাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাহ খাই আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী ড° শর্মাই। ভাষণত তেওঁ লগতে কয় যে বড়োভূমিত অহা ১৭ ফেব্রুৱাৰীত অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব।

তেওঁ লগতে কয় যে প্রথমখন বড়ো শান্তি চুক্তি ১৯৯৩ত আৰু দ্বিতীয়খন বড়ো চুক্তি ২০০৩ত ১০ ফেব্রুৱাৰীত স্বাক্ষৰিত হৈছিল। ২০২০ৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত তৃতীয় খন শান্তি চুক্তিয়ে অঞ্চলটোলৈ শান্তিৰ এক নতুন গংগা নমাই আনিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে আজি বড়ো ভাষা-সংস্কৃতিৰ নতুন দিনৰ যাত্ৰা আৰম্ভ হৈছে। ভাষণত মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰে শেহতীয়াকৈ পদ্মশ্রী সম্মানৰে সন্মানিত কৰা বিশিষ্ট শিক্ষাবিদ ড° অনিল বড়োক অভিনন্দন জ্ঞাপন কৰে।

বিগত তিনি বছৰত বড়োলেণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ প্রশাসনে হাতত হাত ধৰি এটাৰ পাছত এটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, ‘পথ যোগাযোগ, বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্রদান, এনডিএফবিৰ প্ৰাক্তন কেডাৰৰ পুনৰ সংস্থাপনকে ধৰি বিভিন্ন ক্ষেত্রত বড়োভূমিৰ উন্নয়নৰ বাবে কাম কৰা হৈছে।

বড়োলেও (বিটিআৰ)ৰ বাহিৰৰ বড়ে লোকসকলৰ বাবে বড়ো-কছাৰী কল্যাণ পৰিষদ গঠন কৰা হৈছে আৰু বড়ো চুক্তি অনুসৰি ৪,২০৩ জন এনডিএফবিৰ প্রাক্তন কেডাৰক পুনৰ সংস্থাপন কৰা হৈছে। ৬৩২ গৰাকী ছহিদৰ নিকটাত্মীয়ক আর্থিক সাহায্য প্রদান কৰা হৈছে।’ তেওঁ লগতে কয় যে বিটিআৰ প্রধান প্রমোদ বড়োৰ নেতৃত্বত ‘বড়োলেণ্ড হেপিনেচ মিছন’ৰ জৰিয়তে বড়োভূমিত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত শান্তি-সমন্বয়ৰ বাবে বিভিন্ন কাম কৰা হৈছে।

অঞ্চলটোত বাস কৰা ২৬ টা জনগোষ্ঠীৰ বাবে ‘বিটিআৰ কমিউনিটি ভিজন ডকুমেন্ট’ প্রস্তুত কৰি জনগোষ্ঠীসমূহৰ সমস্যাৰজি নিৰসনৰ বাবে বিটিআৰ প্রধান বড়োৱে লোৱা পদক্ষেপে অঞ্চলটোৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ নতুন বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে আৰু কয় যে এই সময়ছোৱাৰ ভিতৰতে বিটআৰৰ ১০খন মহাবিদ্যালয়ৰ ২৫৯ গৰাকী শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰিও প্রাদেশিকীকৰণ কৰা হৈছে।

বড়োলেণ্ডৰ যিসমূহ বিদ্যালয়, মহাবিদ্যালয় ২০০৬ৰ আশে-পাশে স্থাপিত হৈছিল সেই শিক্ষানুষ্ঠান সমূহ প্রাদেশিকীকৰণ কৰাৰ বাবে সমাগত বিধানসভা অধিবেশনতে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। বিটিআৰ পৰিষদীয় চৰকাৰৰ নেতৃত্বত বিগত সময়ছেৱাত বড়ো জনগোষ্ঠীৰ ২১টা পৰম্পৰাগত আৰু সাংস্কৃতিক সামগ্রীয়ে জিআই টেগ লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বড়োসকলৰ চহকী ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা জোথা, গংগনা, গামছা, ছিফুং, চেৰজা, খাৰদ্বী, খাম, গংগাৰডুঞ্জিয়া, থৰকা, কেৰাডাপিনি, জুমগ্রা, দখনা, এৰী ছিল্ক স্বগ্নখা-থখবি, অগুলা, নার্জি, নাফাম জৌগিছি, জৌগ্রাণ, জৌবিডবি আৰু আৰনাইয়ে জিআই টেগ লাভ কৰাৰ ফলত বড়ো জনগোষ্ঠীয়ে নিজ পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য কাললৈ ৰক্ষা কৰিবলৈ সক্ষমতা লাভ কৰিছে।

বড়োলেণ্ডৰ সকলো জনগোষ্ঠীৰ জনসাধাৰণৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ ‘মিছন বসৌমথী’ৰ জৰিয়তে যি ব্যবস্থা কৰা হৈছে সিয়ে সকলোৰে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে আকৌ কয় যে আগন্তুক বর্ষত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নির্মাণকার্য সম্পূর্ণ কৰি জনসাধাৰণৰ সেৱাত উৎসর্গী কৰা হ’ব। তেওঁ লগতে সদৰী কৰে যে কোকৰাঝাৰৰ ছাই স্টেডিয়ামখন আগন্তুক কেইটামান দিনৰ ভিতৰতে ১২৫ কোটি টকা ব্যয় কৰি অত্যাধুনিকভাবে নির্মাণৰ কাম আৰম্ভ কৰা হ’ব।

অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয় যে এই সময়ছোৱাতে বিটিআৰত আন্তঃৰাষ্ট্রীয় জ্ঞান মহোৎসৱ, কোকৰাঝাৰ সাহিত্য উৎসব, চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ, ইণ্ডিয়ান ছুপাৰ প্রিমিয়াৰ লীগৰ মেচ, ডুৰাণ্ড কাপ, সন্তোষ ট্রফী আৰু মহিলা আই লীগৰ মেচ আয়োজনে ক্রীড়াৰ মানচিত্রত অঞ্চলটোক উল্লেখনীয়ভাবে উপস্থাপন কৰিছে। অঞ্চলটোলৈ অহা এনে বিকাশ আৰু প্ৰগতিৰ বাবে মুখ্যমন্ত্ৰীয়ে বিটিআৰ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰা বুলি মন্তব্য কৰে। তেওঁ কয়, ‘বিটিআৰ পৰিষদৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও অঞ্চলটোৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্রহণ আৰু ৰূপায়ণ কৰি আহিছে। অঞ্চলটোৰ পথ যোগাযোগ উন্নয়নৰ বাবে প্রায় এহেজাৰ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিছে।

বিটিআৰৰ পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে বৃহৎ প্রকল্প গ্রহণ কৰি ৰাজ্য চৰকাৰে অঞ্চলটোলৈ পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে।’ মুখ্যমন্ত্রীয়ে আৰু কয় যে এতিয়া বৃহত্তৰ অঞ্চলটোত দুখনকৈ বিশ্ববিদ্যালয় স্থাপন হোৱাৰ উপৰি ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা চৌহদ স্থাপনৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছে। তেনেদৰে কোকৰাঝাৰ আৰু তামুলপুৰত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা উল্লেখ কৰি তেওঁ সদৰী কৰে যে অঞ্চলটোৰ বাট-পথ অধিক উন্নত কৰাৰ পৰিকল্পনাৰে পুনৰ চাৰিশ কোটি টকা প্রদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁ কয় যে বিটিআৰৰ মুঠ ছহেজাৰ কিলোমিটাৰ বাট-পথৰ দুহেজাৰ কিলোমিটাৰ পথৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে আৰু অৱশিষ্ট চাৰি হেজাৰ কিলোমিটাৰ পথৰ নিৰ্মাণৰ কাম পর্যায়ক্রমে গ্রহণ কৰা হ’ব।

ভাষণত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে চিৰাঙৰ ওচৰৰ ভুটানৰ গেলেফুত ভুটান চৰকাৰে ‘গেলেফু মাইন্ডফুলনেছ চিটি’ নামেৰে এখন বৃহৎ মহানগৰ নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিছে। এই মহানগৰখন নির্মাণ হোৱাৰ লগে লগে চিৰাঙৰ সমগ্ৰ পৰিৱেশলৈ পৰিৱৰ্তন আহিব বুলি তেওঁ আশা প্রকাশ কৰে। চুবুৰীয়া দেশখনৰ প্ৰস্তাৱিত মহানগৰখনৰ জৰিয়তে অসমো যাতে উপকৃত হ’ব পাবে, সেই উদ্দেশ্যে গুৱাহাটীৰ পৰা চিৰাং হৈ গেলেফুলৈ এটা নতুন ৰে’লপথ নিৰ্মাণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বুলি তেওঁ সদৰী কৰে।

এই সম্পর্কত তেওঁ কয় যে এই প্ৰস্তাৱিত ৰেলপথৰ নিৰ্মাণ সম্পূর্ণ হৈ উঠিলে চিৰাং আৰু গুৱাহাটীৰ মাজত দূৰত্ব ৰে’লযোগে মাত্র দুঘণ্টাহে হ’ব। আগন্তুক ‘এডভান্টেজ আছাম ২.০’ৰ সময়ছোৱাতে কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে এই নতুন ৰেলপথছোৱাৰ বিষয়ে সবিশেষ সদৰী কৰিব বুলি মুখ্যমন্ত্রীয়ে জনায়।

আনহাতে, বিটিআৰ চুক্তিৰ প্রতিটো দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি প্রশাসন দায়বদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চুক্তিখন সম্পূর্ণভাৱে ৰূপায়ণ কৰাৰ উদ্দেশ্যে ইতিমধ্যে সংবিধানৰ ১২৫ সংখ্যক সংশোধনীৰ বাবে কেন্দ্রীয় চৰকাৰ সাজু হৈছে। বিগত পাঁচ বছৰত বিটিআৰ শান্তি চুক্তিৰ পাছত অঞ্চলটোত পৰিবৰ্তনৰ এক নতুন অধ্যায় আৰম্ভ হৈছে বুলিও মন্তব্য কৰি তেওঁ কয় যে অঞ্চলটোত এতিয়া পূৰ্বৰ সেই হিংসাজৰ্জৰ পৰিৱেশৰ অবসান ঘটিছে। ইয়াৰ পৰিৱৰ্তে এতিয়া অঞ্চলটোত বাট-পথ নির্মাণ, শিক্ষানুষ্ঠান স্থাপন আদিৰ কথাহে আলোচিত হয়। বন্দুকৰ পৰিৱৰ্তে অঞ্চলটোত এতিয়া জ্ঞান আৰু প্রজ্ঞাৰ আন্দোলন হৈছে বুলিও তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্রী হিচাপে বিগত চাৰে তিনি বছৰীয়া কার্যকালত কে’বাবাৰো বিটিআৰ ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি ড° শর্মাই কয় যে বিগত ৭৫ বছৰত ৰাজ্যৰ আন মুখ্যমন্ত্ৰীসকলে সৰ্বমুঠ যিমানবাৰ এই অঞ্চলটো ভ্রমণ কৰিছে তাতকৈ বিগত চাৰে তিনি বছৰত তেওঁ সর্বাধিকবাৰ অঞ্চলটো ভ্রমণ কৰাৰ সৌভাগ্য হৈছে। এনে প্রতিটো ভ্রমণতে তেওঁ জনসাধাৰণৰ মাজত সম্ভাব-সম্প্রীতি আৰু এখন নতুন বিটিআৰৰ সপোন বাস্তবত ৰূপায়িত হোৱাৰ সংকল্প লক্ষ্য কৰিছে বুলিও ড° শর্মাই কয়।

অসম চৰকাৰৰ এজেণ্ডাসমুহৰ ভিতৰত ষষ্ঠ অনুসুচীৰ অন্তৰ্গত অঞ্চলৰ উন্নয়ন এক মুখ্য বিষয় হৈ পৰিছে বুলিও তেওঁ মন্তব্য কবে। মুখ্যমন্ত্রীয়ে বডোফা উপেন্দ্রনাথ ব্রহ্মৰ আদৰ্শৰে বিটিআৰক প্রগতি আৰু বিকাশৰ এখন স্বৰ্গলৈ ৰূপান্তৰ কৰাৰ বাবে প্রতিটো ক্ষণ আৰু প্রতিটো পল বিটিআৰবাসীৰ লগত একেলগে কাম কৰাৰ প্রতিশ্রুতিও ভাষণত প্রদান কৰে।

এই অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বডোফা উপেন্দ্রনাথ ব্রহ্মলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত মুখ্যমন্ত্রীয়ে বড়োলেগু আন্দোলনৰ ছহিদসকলৰ পৰিয়াললৈ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে বড়োলেণ্ড আন্দোলনত প্রভাবিত সদস্যৰ পৰিয়াললৈ চেকযোগে ধনৰাশিও আগবঢ়ায়। তদুপৰি তেওঁ বিটিআৰৰ একাংশ বিশিষ্ট শিল্পীলৈও সাংস্কৃতিক বঁটা প্ৰদান কৰে। আনহাতে, তেওঁ এই উপলক্ষ্যতে ‘এডুকেটিং বড়োলেণ্ড’ শীর্ষক এখন প্রতিবেদন আৰু বিটিআৰ পৰিষদীয় চৰকাৰৰ চাৰি বছৰীয়া কার্যকালৰ সাফল্য সম্বলিত এখন পুস্তিকা উন্মোচন কৰে।

এই অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্রী ইউ জি ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, ৰণগৌৰা নাৰ্জাবী, উপ-মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰী,কাৰ্যবাহী সদস্য,পাৰিষদ আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Btc Chief Pramod BoroCm Himanta Biswa SarmaFifth anniversary of BTR agreementKokrajhar
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d