সন্মিলনৰ উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় ‘এডভাণ্টেজ আছাম একৰ সময়ত ৩ লাখ কোটি টকাৰ অৰ্থনীতি আছিল৷ কিন্ত বৰ্তমান ৬ লাখ কোটি টকা হ’লগৈ অসমৰ অৰ্থনীতি৷‘২০১৪ৰ পাছত সকলো দিশতে আগুৱাই গৈছে অসম৷ অসমৰ শান্তিৰ বাবেও কেন্দ্ৰই অধিক গুৰুত্ব প্ৰদান কৰিছে৷ উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে কেন্দ্রই’ ভাৰতৰে অৰ্থনৈতিক সম্পৰ্ক কৰিবলৈ আগুৱাই আহিছে উন্নয়নশীল দেশসমূহ ৷ ভাৰতৰ লগে লগে আগবাঢ়ি গৈছে অসমো ৷
দেশৰ প্ৰতিষ্ঠিত উদ্যোগপতি তথা আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানীয়ে অসমৰ অতুলনীয় সৌন্দর্যক প্রশংসা কৰি ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব বুলি সদৰি কৰে ৷ উল্লিখিত ধন আদানী গ্ৰুপে বিনিয়োগ কৰিব বিমান বন্দৰ, পথ, গেছ, চিমেণ্টত প্ৰকল্পত ৷
আনহাতে ৰিলায়েন্সৰ প্ৰধান মুকেশ আম্বানিয়ে তেওঁৰ ভাষণত কয়,অসম চৰকাৰে এডভাণ্টেজ অসম দৰে যি সন্মিলন অনুষ্ঠিত কৰিছে সি সময়োচিত পদক্ষেপ ৷ ২০১৮ৰ পৰা বৰ্তমানলৈকে ৰিলায়েঞ্চে অসমত ইতিমধ্যেই বিনোয়োগ কৰিছে ১২ হাজাৰ কোটি টকা ৷ আগন্তুক ৫ বছৰত ৰাজ্য খনত বিভিন্ন খণ্ডত ৰিলায়েন্সে ৫০ হেজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি আশ্বাস দিয়ে আম্বানিয়ে ৷
সন্মিলনত উপস্থিত থকা টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে কয় টাটা গ্ৰুপে ৰাজ্য খনৰ উদ্যোগীকৰণত বিশেষ মাত্ৰা প্ৰদান কৰি ইতিমধ্যে জাগীৰোডৰ চেমিকণ্ডাক্টৰত টাটাই বিনিময় কৰিছে ৪৪ হেজাৰ কোটি টকা । একেদৰে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ ৩০,০০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰো হৈছে ৷ ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব ৫০০ মেগাৱাট বিদ্যুৎ ৷ একেদৰে টাটা পাৱাৰে অসমত দিব ৩ লাখ’প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ’৷ আগন্তক অহা ৬-৭বছৰত প্ৰতিবছৰে ১ গিগাৱাট নবীকৰণ উৎপাদনৰ লক্ষ্য টাটা পাৱাৰৰ ।
আনহাতে অসমৰ দুই প্ৰতিষ্ঠিত উদ্যোগপতি অনুপম ডেকা আৰু অভিজিৎ বৰুৱাই সভাখনত উপস্থিত থাকে৷ এই সন্দৰ্ভত প্ৰিমিয়াৰ ক্ৰায়’জেনিকৰ পৰিচালন সঞ্চালক অভিজিৎ বৰুৱাৰ ভাষণত কয় অসমৰ যুৱক এসময়ত আছিল চাকৰিমুখী কিন্ত বৰ্তমান আজিৰ অসমীয়াই চাকৰি সৃষ্টি কৰিব ধৰিছে ৷ আমেৰিকাত শিক্ষা গ্ৰহণ কৰি তাতে ভাল চাকৰি কৰিব পাৰিলোহেতেন ৷ কিন্তু দেশৰ হৈ কাম কৰিবলৈ উভতি আহিছো ৷ এই অঞ্চলটোত উদ্যোগীকৰণৰ বহু সম্ভাৱনা আছে ৷ চাকৰিলৈ বাট নেচায় বহু যুৱকে ন ন উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰতি আগ্ৰহী ৷