Immigration Policy of US:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰব্ৰজন নীতিত বৃহৎ পৰিৱৰ্তন কৰিবলৈ ওলাইছে। মঙলবাৰে তেওঁ এই নতুন নীতি ঘোষণা কৰে। এইবাৰ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিব বিচাৰিলে দিব লাগিব পাঁচ মিলিয়ন মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪.৩ কোটি টকা) !
সেই ধন আদায় কৰিলে লাভ কৰিব “গোল্ড কাৰ্ড” , যিটো আমেৰিকাৰ নাগৰিকত্বৰ প্ৰমাণ। আমেৰিকা যুক্তৰাষ্ট্ৰত অনুপ্ৰৱেশকাৰীসকলে ‘গ্ৰীণ কাৰ্ড’ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিছিল। এইবাৰ আৰম্ভ হোৱাৰ পথত ‘গোল্ড কাৰ্ড’। এই কাৰ্ডখন হৈছে ‘গ্ৰীণ কাৰ্ড’ৰ ‘প্ৰিমিয়াম’ সংস্কৰণ।
ট্ৰাম্পে কয়,”আমি আমেৰিকা যুক্তৰাষ্ট্ৰত গোল্ড কাৰ্ড বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছো। ই গ্ৰীণ কাৰ্ডৰ সুবিধাও প্ৰদান কৰিব, যি আমেৰিকাত নাগৰিকত্বৰ বাবে এক নতুন পথ মুকলি কৰিব। ধনী ব্যক্তিয়ে এই কাৰ্ডখন কিনি আমাৰ দেশলৈ আহিব পাৰে। ইয়ালৈ আহি তেওঁলোকে বহুত টকা খৰচ কৰিব, কৰ দিব, লগতে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। এই দেশলৈ আহিলে তেওঁলোক সফল হ’ব। ’’
‘গোল্ড কাৰ্ড’ কেতিয়া প্ৰৱৰ্তন কৰা হ’ব?
ট্ৰাম্পে জনাই যে এই নতুন প্ৰক্ৰিয়াটো অহা দুসপ্তাহৰ ভিতৰত কাৰ্যকৰী হ’ব। ইয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ অনুমোদনৰ প্ৰয়োজন বুলি নভাবে ট্ৰাম্পে। অৱশ্যে ‘গোল্ড কাৰ্ড’ কেনেকৈ লাভ কৰিব বা প্ৰক্ৰিয়াটো কাৰ্যকৰী হ’ব সেই সন্দৰ্ভত কোনো স্পষ্ট ধাৰণা দিয়া নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।
বহুতৰে মতে নতুন ‘গোল্ড কাৰ্ড’ৰ প্ৰৱৰ্তনে বৰ্তমানৰ ‘ইবি-৫ কাৰ্যসূচী’ত প্ৰভাৱ পেলাব পাৰে। উল্লেখ্য যে ,অভিবাসী বিনিয়োগকাৰীয়ে ইবি-৫ কাৰ্যসূচীৰ জৰিয়তে আমেৰিকাত গ্ৰীণ কাৰ্ড লাভ কৰে। বহুতে ভাবে যে নতুন ‘গোল্ড কাৰ্ড’ প্ৰৱৰ্তন হ’লে আৰু ‘ইবি-৫ প্ৰগ্ৰেম’ৰ অস্তিত্ব নাথাকিব।
বহুলোকে ভাবে যে নতুন ‘গোল্ড কাৰ্ড’ প্ৰৱৰ্তন কৰাৰ সময়ত ‘ইবি-৫ প্ৰ’গ্ৰাম’ আৰু নাথাকিব। তেওঁ এইটোও জনাই যে ‘গোল্ড কাৰ্ড’ৰ পৰা প্ৰাপ্ত ধন পোনপটীয়াকৈ চৰকাৰী পুঁজিলৈ যাব। দেশখনৰ প্ৰশাসনৰ এটা অংশই কয় যে আমেৰিকাৰ বিত্তীয় ঘাটি পূৰণ কৰাটো ই উপযোগী হ’ব।
ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাত ক্ষমতালৈ অহাৰ পাছত ইটোৰ পাছত সিটো সিদ্ধান্ত লৈছে। আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক তেওঁলোকৰ নিজ নিজ দেশলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া চলি আছে।
আনহাতে ট্ৰাম্প প্ৰশাসনেও এটা কঠোৰ শুল্ক নীতি ঘোষণা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ ভাষাত, “”এখন দেশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামগ্ৰীৰ ওপৰত যিমান বেছি শুল্ক আৰোপ কৰিব, আমেৰিকা যুক্তৰাষ্ট্ৰই সেই দেশৰ সামগ্ৰীৰ ওপৰত সিমানে অধিক শুল্ক ল’ব।”
কেৱল সেয়াই নহয়, ট্ৰাম্প প্ৰশাসনেও বিভিন্ন দেশলৈ অনুদান দিয়াৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই পৰিপ্ৰেক্ষিতত, এইবাৰ আমেৰিকাত ‘গোল্ড কাৰ্ড’ মুকলি কৰা হ’ব।